মৰমৰ ঘৰখন পুতি পেলালে বোকা-পলসে: কেনেকৈনো ঘূৰি যায় এৰি থৈ অহা ঘৰখনলৈ
ৰঙানদীৰ বলিয়া বানৰ বিভীষিকা মনৰ পৰা আঁতৰা নাই লখিমপুৰবাসীৰ ৷ বানে ধোৱা লখিমপুৰৰ চৌদিশে এতিয়া দুৰ্গন্ধময় পৰিৱেশ ।

Published : June 5, 2025 at 5:52 PM IST
লখিমপুৰ: ৰঙানদীৰ বলিয়া বানে শেষ কৰিলে লখিমপুৰৰ বহু অঞ্চল । ঘৰ-বাৰীৰ পৰা আৰম্ভ কৰি সা-সম্পদ, পোহনীয়া জীৱ-জন্তু, শস্যক্ষেত্র আটাইবোৰেই বানত উছন হ’ল ৷ ৰাইজে ঘৰ-বাৰী, সা-সম্পত্তিৰ মোহ ত্যাগ কৰি কোনোমতে ওখ ঠাইত আশ্ৰয় লৈ প্ৰাণৰক্ষা কৰে ।
সম্প্ৰতি বানৰ প্ৰকোপ কিছু পৰিমাণে শাম কাটিছে ৷ তাৰ পিছতো কিন্তু বানাক্ৰান্ত ৰাইজ ঘৰলৈ ঘূৰি যাব পৰা পৰিৱেশ এতিয়াও সৃষ্টি হোৱা নাই ।
বান কমিলেও বিপদ বাঢ়িছে বন্যাৰ্তৰ
বানাক্ৰান্ত ৰাইজে এতিয়াও ঘূৰি গৈ সোমাব পৰা নাই মৰমৰ ঘৰখনত । কাৰণ বানে ধোৱা লখিমপুৰৰ চৌদিশে এতিয়া দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে ।
মাথো পাঁচদিনৰ পূৰ্বে নিশা এই চৰম সংকট নামি আহিছিল লখিমপুৰলৈ । বিশেষকৈ ৰঙানদীৰ সমীপত বাস কৰা লোকসকলে আকস্মিকভাৱে অহা বানত হেৰুৱাবলগীয়া হৈছিল ভেটি-মাটি ৷ সেই নিশা উত্তৰ-পূব শক্তি নিগম চমুকৈ নীপকোৱে অৰুণাচলৰ য়াজালিত থকা ৪০৫ মেগাৱাটৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পৰা মোকোলাই দিছিল বিশাল জলৰাশি ।
নীপকোৱে চাৰিখন গেট ৮ হাজাৰ মিলিমিটাৰলৈ খুলি দি ৰঙানদীত এৰি দিছিল বিশাল জলৰাশি । পৰিণতিত ৰঙানদীৰ বুকু উপচি পৰিছিল পানীৰে ৷ যাৰ বাবে বান পৰিস্থিতিৰ সৃষ্টি হৈ এফালৰ পৰা ঢাহি-মুহি নিছিল সকলো ৷ মুহূৰ্ততে নদীপৰীয়া পাঁচনৈ এলেকাৰ দহখনৰো অধিক গাঁও বানত প্লাৱিত হয় ৷ অঞ্চলটোৰ মূল পথটোও ছিঙি পেলাই নদীৰ কোবাল সোঁতে
একেদৰে পহুমৰা এলেকাটো কেইবাস্থানত সুৰক্ষা বান্ধ ছিঙি নদীখনৰ বলিয়া বানে ৪০ খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত কৰে । আনকি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত বানৰ বাবে বন্ধ হৈ পৰে । লখিমপুৰ নগৰৰ সমীপত এনে ধ্বংসলীলাৰ দৰে নামনিৰ দিশে আমতলা অঞ্চলটো বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰে ৰঙানদীয়ে । এটা বান্ধ ছিঙি ১৩ খনকৈ গাঁও বুৰাই পেলোৱাৰ উপৰিও আন বহু অঞ্চলো বানৰ কবলত পৰে ।

সোৱণশিৰিৰ বান
জিলা প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনৰ শতাধিক গাঁও বানৰ কবলত পৰে । বিনষ্ট হয় শ শ হেক্টৰ শস্যক্ষেত্র । পশুধনৰ ক্ষতি হয় লেখ-জোখ নোহোৱাকৈ । ৰঙানদীৰ দৰে সোৱণশিৰিৰ বানেও বিধ্বস্ত কৰে ঐতিহাসিক ঘূণাসুঁতিক । ঘূণাসুঁতিৰ বহু গাঁও সোৱণশিৰিৰ বানৰ কবলত পৰে । নিশাৰ আন্ধাৰত হঠাৎ অহা বানত দিশহাৰা হৈ পৰা ৰাইজে প্ৰাণৰক্ষাৰ যুঁজত নামিবলগীয়া হয় । যিয়ে যেনেকৈ পাৰে ওখ ঠাইত উঠি প্ৰাণৰক্ষা কৰে ।
ঘৰৰ ভিতৰত এবুকু, এককাল পানীতে ডুবি বহুতে পাৰ কৰে কালনিশা ৷ তাৰ ভিতৰত দুজনে মৃত্যুক সাবটি ল’বলগীয়া হয় ।সা-সম্পত্তি, গৰু-গাইৰ লগতে অন্যান্য পশুধনসমূহ ৰক্ষা কৰিবলৈও সময় নহ’ল ৰাইজৰ । এইয়া যোৱা চাৰি-পাঁচদিনৰ পৰিস্থিতি ।
সাম্প্ৰতিক পৰিস্থিতি
সম্প্ৰতি বানৰ প্ৰকোপ কিছু পৰিমাণে শাম কাটিছে । সৰহভাগ পৰিয়ালৰ ঘৰ-বাৰী প্লাৱিত কৰা পানী শুকালেও বহু পৰিয়ালৰ ঘৰ-বাৰী এতিয়াও আছে পানীৰ তলতে । পিছে যিবিলাক পৰিয়ালৰ ঘৰ-বাৰী বানৰ কবলৰ পৰা মুক্ত হৈছে, সেই পৰিয়ালসমূহেও মৰমৰ ঘৰখনলৈ যাব পৰা নাই । কিয়নো বানে ৰাস্তা-পদূলি, ঘৰ-বাৰীতো পলস পেলাই থৈছে । ঘৰৰ ভিতৰতো বহু ডাঠকৈ পৰি আছে পলসৰ তৰপ । এনে পলসৰ তৰপ চাফা কৰি ঘৰটো পুনৰ বসবাসৰ উপযোগী কৰিবলৈ যথেষ্ট শ্ৰম আৰু সময়ৰ প্ৰয়োজন হ’ব । আনহাতে, অৰ্থৰো প্ৰয়োজন হ’ব এনেবোৰ কামত । সেয়ে এতিয়া দুৰ্যোগ বাঢিছে বন্যাৰ্তৰ । জ্বৰে এৰিলেও কপটিয়ে নেৰাৰ দৰে অৱস্থা হৈছে বানবিধ্বস্ত অঞ্চলৰ ৰাইজৰ ।

কিদৰে চলিছে স্বাস্থ্য সেৱা, শিক্ষা ব্যৱস্থা
বানে প্লাৱিত কৰা অঞ্চলসমূহত থকা স্বাস্থ্য কেন্দ্র, শিক্ষানুষ্ঠানকে ধৰি বহু অনুষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হৈছে । নিশাৰ ভাগত হঠাতে অহা বানে এনে অনুষ্ঠানসমূহৰ সা-সম্পদৰ লগতে যাৱতীয় নথিপত্ৰসমূহো বিনষ্ট কৰে । যি এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে ।
স্বাস্থ্যসেৱা কেন্দ্রসমূহত সোমাব নোৱাৰিলেও কৰ্মচাৰীসকলে পথ-মথাউৰি আদিতে অস্থায়ীভাৱে ৰাইজৰ সেৱা অব্যাহত ৰাখিছে । পিছে বানে গৰকা বহু শিক্ষানুষ্ঠানত এতিয়াও ব্যাহত হৈয়ে আছে পাঠদান । এয়া স্বচক্ষে প্ৰত্যক্ষ নকৰিলে বুজাব নোৱাৰা এক অবৰ্ণনীয় পৰিৱেশ ।
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ আঞ্চলিকৰ সভাপতি মনোজ কলিতাই বান পৰিস্থিতি সন্দৰ্ভত কয়- ‘‘এইসকল বানবিধ্বস্ত ৰাইজক ঘৰলৈ ঘূৰি যাব পৰাকৈ সহায় কৰাৰ লগতে দূষিত পৰিৱেশ দূৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো । পৰিতাপৰ কথা যে এনে পংকিল পৰিৱেশৰ মাজতে যাতনাভৰা এক জীৱন কটাইছে শ শ দুৰ্ভগীয়া বানবিধ্বস্ত পৰিয়ালে ।’’
লগতে পঢ়ক: ৰাজ্যৰ 21 খন জিলাত বানৰ তাণ্ডৱ, নিহতৰ সংখ্যা 14 গৰাকীলৈ বৃদ্ধি

