গায়ন-বায়নৰ ৰূপত মিচিং, টাই খামটি, দেউৰী, বড়ো, সোণোৱাল কছাৰী যুৱক: গোর্খা যুৱকে ভাও দিব ৰজাৰ, সত্ৰীয়া নাচিব চাহ জনগোষ্ঠীৰ যুৱকে
এয়াই সমন্বয় ৷ গুৰুজনাই গঢ়ি যোৱা এইখনেই বৰ অসমৰ প্ৰকৃত ছবি ৷ নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰস্তুতি ৷

Published : March 11, 2025 at 8:47 PM IST
তেজপুৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ প্ৰতি আজিও সকলো জাতি-জনগোষ্ঠীৰ লোকসকল আকৰ্ষিত । বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে মহাপুৰুষজনাৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ চেষ্টা চলাই আহিছে । ৰাজ্য়ৰ বিভিন্ন ঠাইত বহুতো যুৱক-যুৱতী এইক্ষেত্ৰত আগুৱাই আহি মহাপুৰুষজনাৰ সৃষ্টিৰাজিক শুদ্ধ আৰু সঠিক ৰূপত উপস্থাপন কৰিবলৈ আত্মনিয়োগ কৰিছে ।
এইবাৰ মিচিং, টাই খামটি, দেউৰী, বড়ো, চাহ জনগোষ্ঠী, সোণোৱাল কছাৰী আৰু সকলো জনগোষ্ঠীৰ যুৱকসকল আগুৱাই আহিছে গুৰুজনাৰ সৃষ্টিৰাজিক আকোৱালি ল'বলৈ । ইয়াৰে প্ৰতিফলন দেখা গৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত ।
১৫ টা জনগোষ্ঠীৰ ৫০ গৰাকী যুৱকে শিকিছে তাল-বৰগীত :
নাৰায়ণপুৰৰ মহাপুৰুষ মাধৱদেৱ কলক্ষেত্ৰত গুৰুজনাৰ অমৰ সৃষ্টিৰ অন্যতম খোলবাদনৰ প্ৰশিক্ষণত ব্য়স্ত হৈ পৰিছে ১৫ টা জনগোষ্ঠীৰ যুৱক । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীশ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত নাৰায়ণপুৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগনত ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিভিন্ন জাতি-জনগোষ্ঠীয় এই সাংস্কৃতিক কৰ্মশালা । বৰনাৰায়ণপুৰৰ ১৫ টাকৈ জনগোষ্ঠীৰ ৫০ জনৰো অধিক প্ৰতিনিধি শিল্পীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত ইতিমধ্যে খোল, তাল, বৰগীত, গুৰুজনাৰ অনবদ্য অৱদান অংকীয়া ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ।

এই কলাক্ষেত্ৰত যুৱকসকলে মহাপুৰুষজনাৰ সৃষ্টিৰাজি আৰু মাধৱদেৱেৰ গীত পৰিৱেশনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে । খোলৰ আখৰাৰ লগতে বৰতাল, তালবাদন, সত্ৰীয়া নৃত্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেওঁলোকে । এই সম্পৰ্কে প্ৰশিক্ষণৰ সহায়কাৰী বিনোদ কৃষ্ণ শৰ্মাই কয়, "আমি প্ৰথমে আমাৰ চুবুৰীয়া যিসকল জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ সমাজৰ ওচৰলৈ গৈছো আৰু তেওঁলোকৰ লগত আলোচনা কৰি প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা দুজনকৈ যুৱক নিৰ্বাচন কৰিছো । যুৱকসকল এই বিষয়ে সম্পূৰ্ণৰূপে আগ্ৰহী । আমি মিচিং, টাই খামটি, দেউৰী, বড়ো, চাহ জনগোষ্ঠী, সোণোৱাল কছাৰী আৰু সকলো জনগোষ্ঠীৰ মাজত গৈ তেওঁলোকৰ লগত সংস্কৃতিক ভাব আদান-প্ৰদান কৰি এওঁলোকক উলিয়াই আনিছো ।"

মাধৱদেৱৰ জন্মস্থানত ভাওনা সমাৰোহ :
তেওঁ লগতে কয়, "অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা এগৰাকী প্ৰশিক্ষক দিয়া হৈছে তেওঁলোকক সম্পূৰ্ণৰূপে প্রশিক্ষিত কৰিবলৈ । আমি ইয়াৰ সমান্তৰালভাৱে অহা ১৪ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী সত্ৰত অনুষ্ঠিত হ'বলগীয়া ভাওনা সমাৰোহৰ বাবে এই প্ৰশিক্ষণৰত শিকাৰুৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট 'ৰাম বিজয়' নাটৰ ভাওনা অনুষ্ঠিত কৰিম । এই সমাৰোহত পাঁচ দিনত ৯ খন ভাওনা অনুষ্ঠিত হ'ব । 'ৰাম বিজয়' নাটৰ সীতাৰ সখীৰ ভাও দিব চাহ জনগোষ্ঠীৰ এজন যুৱকে । এই যুৱকসকলৰ সকলো স্নাতকৰ ছাত্র । তেওঁলোকে প্ৰত্যেক দিনেই প্ৰায় ৩ ঘণ্টা সময় এই প্ৰশিক্ষণত ভাগ লয় । খোলৰ লগতে তেওঁলোকে গায়ন-বায়ন গাব পাৰে । যোৰা পৰিবেশন কৰিব পাৰে ।"

উল্লেখ্য় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সঞ্চালক সুদৰ্শন ঠাকুৰ নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সঞ্চালকৰ দায়িত্বত আছে আৰু এই প্ৰশিক্ষণৰ তদাৰক কৰিছে । এই যুৱকসকলে বা তেওঁলোকৰ পৰিয়ালৰ এই দেৱবাদ্য খোল-তাল বজোৱাৰ লগত কাহানিও সম্পৰ্ক নাছিল যদিও আজি তেওঁলোকে এই বিষয়ত নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে বুলি বিনোদ কৃষ্ণ শৰ্মাই কয় ।
তেওঁ লগতে কয় যে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ মুকলি কৰাৰ পিছতে বিগত বৰ্ষৰ জুলাইত শ্ৰীমন্ত শংকৰদেৱৰ ঝুমুৰা নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছিল । চাহ জনগোষ্ঠীৰ যুৱকে এতিয়া সত্ৰীয়া নৃত্যও প্ৰদৰ্শন কৰে । খামটি যুৱক চাউ নিঙম লঙচতয়ে বৰ্তমান খোলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজকে মহাপুৰুষৰ আদৰ্শক আকোৱালি লৈছে । এগৰাকী মিচিং যুৱক চিৰঞ্জীত গামে ই ট ভি ভাৰতক কয়, "সৰুৰে পৰা সংস্কৃতিৰ লগত জড়িত হৈ পৰিছিলো । যিহেতু মোৰ ঘৰ উত্তৰ কমলাবাৰী সত্ৰৰ কাষতে, সেই অনুসৰি মহাপুৰুষজনাৰ প্ৰতি মনত এক সুকীয়া স্থান লাভ কৰিছে । সেয়ে মই যিহেতু গাই ভাল পাওঁ ইয়াত মই গায়ন প্ৰশিক্ষণ গ্ৰহণ কৰি আছো আৰু মই নিজকে ধন্য মানিছো । এই ভক্তিৰসৰ গীত-ভতিমাৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাই আছো ।"

ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্র, গোর্খা সম্প্ৰদায়ৰ কেশৱ ছেত্ৰীয়ে কয়, "মোৰ ঘৰ বিহপুৰীয়াৰ সন্তপুৰত । সৰুৰে পৰা গীত গাই ভাল পাওঁ । এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছো । মই ভাওনা কৰি ভাল পাওঁ, সেইবাবে শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ ভাওনাত সয়ম্বৰ ৰজাৰ চৰিত্ৰত অভিনয় শিকি আছো । মই গীত-ভতিমাৰ লগতে শংকৰী কৃষ্টিৰ গায়নৰ চর্চা কৰি আহিছো ।"
উল্লেখযোগ্য যে মাধৱদেৱ কলাক্ষেত্ৰত এতিয়া শংকৰদেৱৰ অংকীয়া নাটৰ লগতে খোল-তাল, সত্ৰীয়া নৃত্যৰ চর্চা অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনত এই প্ৰশিক্ষণ গ্ৰহণ কৰি জনগোষ্ঠীয় যুৱকসকলে গৌৰৱ অনুভৱ কৰিছে বুলি তেওঁ কয় ।

