ETV Bharat / state

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উখল-মাখল কলঙৰ বাকৰি

ভোগালী মেলাৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে নগাঁওবাসীক । অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাকে আদি কৰি কেইবাগৰাকীও শিল্পীৰ ।

Cultural procession on the occasion of 113th Bhogali Mela in Nagaon
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উখল-মাখল কলঙৰ বাকৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 6:17 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: চৌদিশে ভোগালীৰ ব্যাপক উচাহ । ভোগালী বুলি ক'লেই বিশেষভাৱে যেন চৰ্চিত নগাঁও । নগাঁৱৰ নেহেৰুবালিত আয়োজিত ভোগালী মেলাই পূৰ্বৰে পৰা এক সুকীয়া স্থান দখল কৰি আহিছে । এইবাৰ নেহেৰুবালি ভোগালী মেলাই ভৰি দিলে ১১৩ বৰ্ষত ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা ১১৩ সংখ্যক ভোগালী মেলা উপলক্ষে বুধবাৰে উলিওৱা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । মুঠ ৪৮ টাকৈ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা বুধবাৰে নেহৰুবালিত শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উখল-মাখল কলঙৰ বাকৰি (ETV Bharat Assam)

গায়ন-বায়নৰ পৰা তিৱা, গোর্খা আদি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ প্ৰদৰ্শনৰ লগতে জিকিৰ-জাৰি প্ৰদৰ্শন কৰা সাংস্কৃতিক শোভাযাত্ৰা নেহৰুবালিৰ পৰা আৰম্ভ কৰি নগাঁও চহৰৰ মাজেৰে আহি পুনৰ নেহেৰুবালিত অন্ত পৰে । যাৰ ফলত সমগ্ৰ চহৰখনত বিৰাজ কৰে এক উদুলি-মুদুলি পৰিৱেশ ।

Cultural procession on the occasion of 113th Bhogali Mela in Nagaon
মন্ত্ৰী পীযুষ হাজৰীকাই শুভাৰম্ভ কৰে সাংস্কৃতিক শোভাযাত্ৰা (ETV Bharat Assam)

ইফালে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিহুৱা শিল্পী কৃষ্ণমণি নাথ, বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা, মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেওট, অভিনেতা নয়ন নিৰ্বান, অভিনেত্ৰী শিল্পীশিখাসহ বহুকেইগৰাকী শিল্পীয়ে ।

Cultural procession on the occasion of 113th Bhogali Mela in Nagaon
নগাঁও নেহৰুবালি ভোগালী উৎসৱ (ETV Bharat Assam)

নগাঁও ভোগালী উৎসৱত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে নগাঁও ভোগালী উৎসৱ সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ।

Cultural procession on the occasion of 113th Bhogali Mela in Nagaon
গায়ন-বায়ন (ETV Bharat Assam)

উল্লেখ্য যে নগাঁৱৰ নেহৰুবালিত বিগত এশ বছৰৰো অধিককাল ধৰি পৰম্পৰা ৰক্ষাৰ লগতে মঞ্চবিহু হিচাপেও উদযাপন হৈ অহা হৈছে ভোগালী উৎসৱ । ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰাৰ বাটকটীয়া হৈছে সদৌ নগাঁও ভোগালী উৎসৱ সমিতি । ১৯১২ চনত নগাঁৱৰ কলঙৰ বাকৰিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ভোগালী উৎসৱ ।

লগতে পঢ়ক: ভোগালীক মঞ্চবিহুলৈ পৰিণত কৰা অসমৰ প্ৰথমখন ভোগালী উৎসৱৰ বিষয়ে আপুনি জানেনে ? - NAGAON BHOGALI FESTIVAL

ভোগালীৰ সুকীয়া পৰম্পৰা: বৰপেটাৰ শতাধিক সত্ৰত বৰদোমাহী পালন - MAGH BIHU 2025