যোৰহাট : সততে দেখিবলৈ আৰু শুনিবলৈ পোৱা যায় অসম-নাগালেণ্ডৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্ক আৰু সীমাবিবাদৰ কথা । সীমান্তৰ বাসিন্দাসকলে প্ৰতিনিয়ত ভয়-শংকাৰ মাজেৰেই অতিবাহিত কৰিবলগীয়া হয় সময় । ইয়াৰ মাজতেই এনে বিষয়সমূহৰ পৰা আঁতৰি অসম আৰু নাগালেণ্ডৰ মাজত অতীজৰ পৰাই থকা ভাতৃত্ববোধৰ সৰ্ম্পকবোৰ পুনৰ সুদৃঢ় কৰিবলৈ আগবাঢ়ি আহিল নাগালেণ্ড প্ৰশাসন ।
নাগালেণ্ড প্ৰশাসনৰ উদ্যোগত শনিবাৰে আয়োজিত সাংস্কৃতিক কাৰ্যসূচী আৰু বিভিন্ন খাদ্যাভ্যাসৰ আদান-প্ৰদানৰ জৰিয়তে সমন্বয়স্থলীলৈ পৰিণত হ'ল নাগালেণ্ডৰ লংলিং জিলাৰ য়ংলক খেলপথাৰ । উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে অসম-নাগালেণ্ড সীমান্তত । য়ংলক খেলপথাৰত সাংস্কৃতিক বিনিময়ৰ এই অনুষ্ঠানত অসমৰ পৰা প্ৰতিনিধিত্ব কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ লগতে অসম প্ৰশাসনৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়াই । নাগালেণ্ডৰ পৰা এই সাংস্কৃতিক অনুষ্ঠানত লংলিং জিলাৰ বিধায়কসহ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে ।
উল্লেখ্য় যে, আহোম ৰাজত্ব কালৰ পৰাই অসম আৰু নগা পাহাৰৰ মাজত থকা সম্পৰ্ক পূৰ্বৰ দৰে সুদৃঢ় কৰি ৰখাৰ স্বাৰ্থত আয়োজিত এই অনুষ্ঠানত নগা ভাই-ভনীসকলে তেওঁলোকৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি পৰিৱেশন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠীয় খাদ্যাভ্যাস প্ৰদৰ্শন কৰে । আনহাতে অসমৰ দলটোৱে বিহু প্ৰদৰ্শন কৰাৰ লগতে পিঠা-পনাৰে তেওঁলোকক আপ্যায়ণ কৰে ।
এই সম্পৰ্কত দেবব্ৰত শইকীয়াই কয়, "দুয়োখন ৰাজ্যৰ সাংস্কৃতিক কাৰ্যসূচী আৰু খাদ্যাভাসৰ বিনিময়ে নগা আৰু অসমীয়াৰ মাজৰ সম্পৰ্ক আজিও যে তাহানিৰ দৰে অটুট আছে সেয়া আভাস দাঙি ধৰিছে । দুয়োখন ৰাজ্যই অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচীৰে ভাতৃত্ববোধ অটুট ৰাখিব ।"