ETV Bharat / state

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই বিকল্পৰ সন্ধানত নামিল দিছপুৰ

দীঘলীপুখুৰীৰ পাৰৰ শ শ বছৰীয়া গছে জোকাৰিছে ৰাজধানী ৷ উপায় বিচাৰি মুখ্য সচিব বহিল আলোচনাত ৷

ASSAM FLYOVER ROW
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই বিকল্পৰ সন্ধানত নামিল দিছপুৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 30, 2024 at 10:25 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতেই তৎপৰ হৈছে ৰাজ্য প্ৰশাসন ৷ দীঘলীপুখুৰীৰ পৰা নুনমাটিক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুৰ বাবে বিকল্প পথৰ সন্ধান কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশনা দিয়া হৈছে ৷ বিভাগটোৱে আগন্তুক এসপ্তাহৰ ভিতৰত প্ৰস্তাৱিত পদ্ধতিৰ সৈতে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

লগতে পঢ়ক: উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে, দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ এই উৰণ সেতু নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । অঞ্চল দুটাক উৰণ সেতুৰে সংযোগ কৰাৰ পৰিকল্পনাৰ বাবে কৰ্তৃপক্ষই দীঘলীপুখুৰীৰ দুয়োকাষৰ মহম্মদ তৈয়বুল্লা পথ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ পথৰ প্ৰায় ২৫ জোপা গছ কটাৰ বাবে চিহ্নিত কৰি হালধীয়া ৰঙৰ ক্ৰছ চিহ্ন আঁকি দিয়ে আৰু ইয়াৰ ভিতৰত প্ৰায় দুশ বছৰীয়া গছো আছে ।

ইয়াৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ৰাজপথত গুৱাহাটীৰ সচেতন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কটন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই গোটেই নিশা গছ কেইজোপাক পহৰা দিয়ে ৷ ফলত সুৰ সলনি কৰে মুখ্যমন্ত্ৰীয়ে আৰু তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ৷

লগতে পঢ়ক: বিকল্পৰ সন্ধান মুখ্যমন্ত্ৰীৰ; দীঘলীপুখুৰীৰ পাৰৰ গছবোৰ নাকাটাকৈ উৰণ সেতু নিৰ্মাণৰ চিন্তা

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই ঘোষণাৰ পাছতেই ৰাজ্যৰ মুখ্য সচিব ড৹ ৰবি কোটাই বুধবাৰে বিয়লি লোক নিৰ্মাণ বিভাগ (পথ)ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় ৷ এই বৈঠকত জি এন বি উৰণ সেতুৰ সম্ভাৱ্য বিকল্পসমূহৰ বিষয়ে আলোচনা কৰা হয় ।

এই বৈঠকত দীঘলীপুখুৰী অঞ্চলৰ ঐতিহ্যমণ্ডিত গছ নকটাকৈ জি এন বি পথৰ ওপৰতেই বা আন যিকোনো বিকল্প পথত উৰণ সেতুখন শেষ হোৱাটো নিশ্চিত কৰিবলৈ যান-বাহন প্ৰবাহৰ খচৰা প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে । লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে প্ৰস্তাৱিত পদ্ধতিৰ সৈতে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক: ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ