আকৌ ফুটিল তেলৰ পাইপ, আতংকিত স্থানীয় জনতা
অইল ইণ্ডিয়া লিমিটেডৰ চূড়ান্ত গাফিলতিৰ ফলত সঘনে বিস্ফোৰিত অইলৰ পাইপ । মাকুমত খাৰুৱা তেল পৰিবাহী পাইপ ফুটি নিৰ্গত খাৰুৱা তেল ।

Published : February 28, 2025 at 6:54 PM IST
তিনিচুকীয়া: অইল ইণ্ডিয়া লিমিটেডৰ চূড়ান্ত গাফিলতিৰ ফলত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই খাৰুৱা তেল পৰিবাহী পাইপ বিভিন্ন কাৰণত বিস্ফোৰিত হৈ জনতাৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে । শুকুৰবাৰেও ঠিক তেনেদৰেই মাকুমত বাৰেকুৰিৰ পৰা হাপজান অ' চি এছলৈ সংযোগী বেতজানৰ পাইপলাইন ফুটি খাৰুৱা তেল নিৰ্গত হয় । অহৰহভাৱে প্ৰচণ্ড গতিৰে খাৰুৱা তেল এক বৃহৎ অঞ্চলত বিয়পি পৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া-কৰ্মচাৰীৰ দল আৰু অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় । অইল ইণ্ডিয়া লিমিটেডৰ দল উপস্থিত হৈ ক্ৰমান্বয়ে খাৰুৱা তেলৰ গতি হ্ৰাস কৰি এটা সময়ত বন্ধ কৰিবলৈ সক্ষম হয় আৰু সমান্তৰালভাৱে তেল নিৰ্গত হোৱা স্থান মেৰামতি কৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে । কিন্তু কেনেদৰে খাৰুৱা তেল পৰিবাহী পাইপ বিস্ফোৰিত হৈ খাৰুৱা তেল নিৰ্গত হয় সেই সন্দৰ্ভত অইলৰ কোনো বিষয়াই মন্তব্য কৰাৰ পৰা বিৰত থাকে ।
স্থানীয় ৰাইজৰ সন্দেহ অইল কৰ্তৃপক্ষই পাইপসমূহ সামান্য তলেৰে নিয়াৰ বাবেই এনে কাণ্ড সঘনাই সংঘটিত হৈ আহিছে । এই সন্দৰ্ভত এগৰাকী স্থানীয় সচেতন লোকে কয়, "অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা পাইপসমূহেৰে কোনো নীতি-নিয়ম নোহোৱাকৈ মাটিৰ সামান্য তলেৰেই খাৰুৱা তেল পৰিবহণ কৰি আহিছে । পাইপসমূহ স্থাপন কৰাৰ সময়ত অইল কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক এই সন্দৰ্ভত অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াকৈ অসুৰক্ষিতভাৱে পৰিবহণ কৰি আহিছে ।"
তেওঁ লগতে কয়,"অইল ইণ্ডিয়া লিমিটেডৰ এনেধৰণৰ গাফিলতিৰ ফলত তেল চুৰি চক্ৰই সহজতেই পাইপ ফুটা কৰি সঘনাই তেল চুৰি কৰাৰ লগতে বিভিন্ন সময়ত অন্যান্য কাৰণত পাইপ ফুটি তেল নষ্ট হোৱাৰ ফলত অইল ইণ্ডিয়া লিমিটেডে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হৈছে । গতিকে অইল ইণ্ডিয়া লিমিটেডে এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থকাৰ লগতে তেল পৰিবাহী পাইপসমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰক । অন্যথা যিকোনো সময়তে স্থানীয় জনতাৰ জীৱনলৈ ভাবুকি আহি পৰিব পাৰে ।”

