ঝাৰখণ্ডত শ্বহীদ কোকৰাঝাৰৰ প্ৰাণেশ্বৰ কোচ; দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদ পুত্ৰক লৈ গৌৰবান্বিত পিতৃ
চি আৰ পি এফৰ ২০৯ নং কোব্ৰা বেটেলিয়নত কৰ্মৰত আছিল প্ৰাণেশ্বৰ কোচ । প্ৰণেশ্বৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই পৰিয়ালত কান্দোনৰ ৰোল ।

Published : July 17, 2025 at 12:15 AM IST
কোকৰাঝাৰ : মই আজি বীৰ শ্বহীদ প্ৰাণেশ্বৰ কোচৰ পিতৃ হিচাবে গৌৰৱ অনুভৱ কৰিছোঁ ৷ সি আমাৰ পৰিয়ালৰ প্ৰথম সন্তান আছিল আৰু আজি সিয়ে দেশৰ কাৰণে আত্মবলিদান দি আমাক গৌৰৱান্বিত কৰি তুলিলে ৷ ঝাৰখণ্ডত নক্সালবাদীৰ আক্ৰমণত আজি নিহত হোৱা কোকৰাঝাৰৰ সু-সন্তান,বীৰ শ্বহীদ প্ৰাণেশ্বৰ কোচৰ পিতৃ বীৰেশ্বৰ কোচে এনেদৰে মন্তব্য কৰি উচুপি উঠে ৷
নিজৰ পুত্ৰ সন্তানক হেৰুৱাই শোকবিহ্বল হৈ পৰা বীৰ শ্বহীদগৰাকীৰ বৰ্ষীয়ান পিতৃয়ে কয়, "১০ ল’ৰা ছোৱালীৰ ভিতৰত প্ৰাণেশ্বৰে আছিল আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ উপাৰ্জনকাৰী ৷ পাঁচটা ল’ৰা আৰু পাঁচজনী ছোৱালীৰ ভিতৰত ইতিমধ্যে দুজনী ছোৱালীক বিয়া দিছে ৷ তিনিজনী ঘৰতে আছে আৰু আন ল’ৰা চাৰিটাৰ দুজনে পঢ়ি আছে দুজনে হাজিৰা কৰে ৷ এনেকৈ কোনোমতে ঘৰখন চলি আছিল । যোৱা ৩০ জুনত ল’ৰাৰ সৈতে ফোনত কথা বতৰা হৈছিল । সিদিনা ফোনত ভুঁই ৰুবৰ বাবে ট্ৰেক্টৰেৰে মাটি হাল মাৰিবৰ বাবে কিছু টকা বিচাৰিছিল । তাৰ উত্তৰত প্ৰাণেশ্বৰে কৈছিল যে এতিয়া জংঘলত আছে ভালকৈ নেটৱৰ্ক নাপায় , কেম্পত ঘূৰি গৈ ভালদৰে কথা পাতিম বুলি কৈছিল ৷ আৰু সেইদিনাই পুত্ৰৰ সৈতে অন্তিম কথা-বতৰা আছিল ৷"

তেওঁ লগতে কয়, "মাকেও সিদিনাই পুত্ৰৰ লগত কথা পাতিছিল ৷ নেটৱৰ্ক বেয়া আছিল কাৰণে বাৰে বাৰে ফোনটো কাটি গৈছিল ৷ পুত্ৰও আৰু শিবিৰলৈ ঘূৰি নাহিল আমাকো ফোন নকৰিলে ৷ আমিও সদায় ল’ৰাৰ ফোনৰ আশাতে বাটচাই থাকিলোঁ তাৰ আৰু মাত শুনি নাপালোঁ ৷" পিতৃয়ে জানিবলৈ দিয়া মতে আজি পুৱা ন বজাত ল’ৰাৰ মুখ্য কাৰ্যালয়ৰ পৰা এটা ফোন আহে ৷ তেওঁলোকে জনায় উগ্ৰপন্থীৰ আক্ৰমণত আপোনালোকৰ ল’ৰা গুৰুতৰভাৱে আহত হৈছে, এতিয়া হস্পিতাললৈ লৈ যোৱা হৈ আছে ৷ ভগৱানৰ ওচৰত সকলোখিনি নিৰ্ভৰ কৰিছে বুলি কৈ ফোন কাটি দিয়ে ৷
তেওঁ আৰু কয় যে দুপৰীয়া পুনৰ ১২ বজাত ফোন আহে ৷ তেতিয়া তেওঁলোক কয় যে বহু চেষ্টা কৰাৰ পাছতো আপোনাৰ ল’ৰাক বচাব নোৱাৰিলোঁ ৷ আপোনাৰ ল’ৰা শ্বহীদ হ’ল বুলি কৈ উচুপি উঠে পিতৃ বীৰেশ্বৰ কোচ ৷

তাৰপাছত পুনৰ তেওঁ কয়, "আমি আমাৰ সন্তানক হেৰুৱালোঁ ইয়াতকৈ ডাঙৰ আঘাত কি হ’ব পাৰে কিন্ত তথাপিও গৌৰৱেৰে কওঁ 'দেশমাতৃৰ কাৰণে আত্ম বলিদান দিয়া মই এজন বীৰ শ্বহীদৰ পিতৃ ৷ আমি ভাগ্যৱান যে শ্বহীদ এজনৰ আমি পিতৃ-মাতৃলৈ ৷" আজি আমি সমানে গৌৰৱান্বিত বুলি সদৰী কৰিছে পিতৃ বীৰেশ্বৰ কোচে ।
প্ৰাপ্ত বাতৰি মতে, কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মাগুৰমাৰী ৰাভাপাৰা নিবাসী বীৰেশ্বৰ কোচ আৰু ববিতা কোচৰ সুসন্তান তথা বীৰ জোৱান প্ৰাণেশ্বৰ কোচ(৩৩) আজি এক নক্সালবিৰোধী অভিযানত শ্বহীদ হয় । যোৱা তিনি বছৰে ঝাৰখণ্ডত নক্সালবিৰোধী অভিযানত জড়িত হৈ থকা চি আৰ পি এফৰ ২০৯ নং কোব্ৰা বেটেলিয়নৰ জোৱান প্ৰাণেশ্বৰ কোচসহ অভিযানকাৰী দলটো আজি পুৱা নক্সালৰ এম্বুচত পৰে আৰু প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয় । উক্ত এম্বুচত কোকৰাঝাৰৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচ প্ৰচণ্ড সাহসিকতাৰে যুঁজ দি শ্বহীদ হোৱাৰ বিপৰীতে আন দুটা নক্সাল নিহত হয় বুলি জানিব পৰা গৈছে ।

ঝাৰখণ্ডৰ বোকোৰাৰ লগু পাহাৰৰ বীৰহৰ্ডাৰ বনাঞ্চলত উক্ত ঘটনাটো সংঘটিত হয় আৰু নিহত দুটা নক্সালবাদীৰ ভিতৰত কোঁৱৰ মাঞ্জী নামৰ এটা নক্সালবাদীৰ শিৰৰ মূল্য ২৫ লাখ টকা আছিল বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে যোৱা নিশা কেম্পৰ পৰা নক্সালবিৰোধী অভিযানত চি আৰ পি এফৰ ২০৯ নং কোব্ৰা বেটেলিয়নৰ এটা দল জংঘললৈ ওলাই গৈছিল আৰু গোটেই নিশা অভিযান চলাই ঘূৰি আহোতে আজি পুৱা উক্ত এম্বুচ সংঘটিত হৈছিল । গুৰুতৰভাৱে আহত প্ৰাণেশ্বৰ কোচক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ইপিনে বীৰ জোৱান প্ৰাণেশ্বৰ কোচ ঝাৰখণ্ডত শ্বহীদ হোৱাৰ বাতৰি প্ৰচাৰিত হোৱাৰ পিছতে পৰিয়ালত কান্দোনৰ ৰোল উঠে । গাওঁখনতে এক নিমাওমাও পৰিবেশ ৷ পৰিয়ালটোৰ চৌদিশে কেৱল কান্দোনৰ ৰোল । পাঁচগৰাকীকৈ ভগ্নী, চাৰিজনকৈ ভাতৃসহ পিতৃ-মাতৃৰ হিয়া ভৰা ক্ৰন্দনে এক শোকাকুল পৰিবেশ ৷ বহুসংখ্যক গাঁওবাসী প্ৰাণেশ্বৰৰ পৈত্ৰিক গৃহত উপস্থিত হয় আৰু সকলোৱে পৰিয়ালটোৰ দুখৰ সমভাগী হয় ।
শ্বহীদ প্ৰাণেশ্বৰ কোচৰ পিতৃ বীৰেশ্বৰ কোচে সদৰী কৰা মতে তেওঁ ২০১৮ চনত চি আৰ পি এফত ভৰ্তি হৈছিল । পিছত তেওঁ ডেপুটেচনত চি আৰ পি এফৰ ২০৯ নং কোব্ৰা বেটেলিয়নলৈ যায় আৰু দেশৰ বিভিন্ন ঠাইত কৰ্তব্য সমাপন কৰে । ঝাৰখণ্ডৰ পূৰ্বে জন্মু-কাশ্মীৰতো প্ৰাণেশ্বৰে কৰ্তব্য সমাপন কৰিছিল বুলি জানিব পৰা গৈছে । আনহাতে কোকৰাঝাৰত ভাড়াঘৰত থাকে প্ৰাণেশ্বৰ কোচৰ পত্নী সাবিত্ৰী বসুমতাৰী । স্বামীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত বিয়লি পাঁচ বজাত স্বামীৰ গৃহত উপস্থিত হয় সাবিত্ৰী । পাঁচ বছৰীয়া পুত্ৰ সন্তানৰ চিকিৎসাৰ কাৰণে কোকৰাঝাৰ সদৰ চহৰত ভাড়া কৰি থাকে সাবিত্ৰীয়ে ৷

শ্বহীদ প্ৰাণেশ্বৰ কোচৰ সহধৰ্মিনী সাবিত্ৰী বসুমতাৰীয়ে কয় যে যোৱা নিশা আঠ বজাত তেওঁৰ স্বামীৰ সৈতে শেষ কথা বতৰা হৈছিল । ফোনত তেওঁৰ স্বামীয়ে কৈছিল যে আজি কেম্পৰ বাহিৰত অপাৰেচনত যাব লাগিব পাৰে । এতিয়া বাহিৰত প্ৰচণ্ড বৰষুণ দি আছে । বৰষুণৰ বাবে অপাৰেচনত যোৱা হ'ব নে নাই নাজানোঁ । তেতিয়া সাবিত্ৰীয়ে স্বামীক মাথোঁ কৈছিল যে অপাৰেচনত গ'লে মোক ফোন কৰিব । কিন্তু ফোন নকৰিলে ৷ পাছলৈ ৫ বছৰীয়া সন্তান সহিতে সাবিত্ৰী শুই যায় আৰু প্ৰাণেশ্বৰেও হয়তো নিশা হোৱা বাবে ফোন নকৰিলে ।স্বামী-স্ত্ৰীৰ মাজত সেয়াই আছিল অন্তিম বাৰ্তালাপ ।

ইপিনে প্ৰাণেশ্বৰ কোচ শ্বহীদ হোৱাৰ বাতৰি লাভ কৰি তেওঁৰ ঘৰলৈ অজস্ৰ গুণমুগ্ধৰ সোঁত বয় । কোকৰাঝাৰৰ ইউ পি পি এল দলৰ বিধায়ক লৰেঞ্চ ইছলাৰী , কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্ম আদিকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে শ্বহীদ প্ৰাণেশ্বৰ কোচৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে । ইপিনে চি আৰ পি এফৰ সঞ্চালক জি পি সিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱেও সুকীয়া সুকীয়া বাৰ্তাত কোকৰাঝাৰ সন্তান অমৰ শ্বহীদ প্ৰাণেশ্বৰ কোচৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
शहीद को श्रद्धांजलि 🇮🇳
— Himanta Biswa Sarma (@himantabiswa) July 16, 2025
Assam's braveheart and Maa Bharti's son CT/GD Parneswar Koch of Kokrajhar attained martyrdom fighting naxals in Jharkhand, early this morning.
The people of Assam salute his sacrifice and offer our thoughts and prayers to his family.
We will always be…
শ্বহীদ প্ৰাণেশ্বৰৰ নশ্বৰদেহ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে স্বগৃহত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে । ইতিমধ্যে আজি বিয়লিৰ ভাগত বিভাগীয় উচ্চপদস্থ বিষয়াবৰ্গই শ্বহীদ প্ৰাণেশ্বৰ কোচৰ বাসগৃহত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
লগতে পঢ়ক : ছত্তীশগড়ত এনকাউণ্টাৰত নিহত মহিলা মাওবাদী

