ETV Bharat / state

গোলাঘাটত উদযাপন ১৪২ নং চি আৰ পি এফৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেক কাটি, নৃত্য-গীতেৰে মুখৰিত চি আৰ পি এফৰ কেম্প ।

CRPF 142 celebrates its 23rd Foundation Day in Golaghat
গোলাঘাটত উদযাপন ১৪২ নং CRPF ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 6:19 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : ২৩ বছৰত ভৰি দিলে ১৪২ নং কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফ'ৰ্চে । এই উপলক্ষে সোমবাৰে গোলাঘাটৰ জোনাকী নগৰস্থিত ১৪২ নং চি আৰ পি এফৰ কেম্প নৃত্য-গীতেৰে মুখৰিত হৈ পৰে ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেক কাটি সকলোৱে আনন্দ উল্লাস কৰে ৷ এই অনুষ্ঠানত গোলাঘাট আৰু যোৰহাট জিলাৰ চি আৰ পি এফ জোৱানৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চি আৰ পি এফ জোৱানসকলেও নৃত্য প্ৰদৰ্শন কৰে ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট সংমণ্ডলৰ ডি আই জি বীৰেন্দ্ৰ কুমাৰ তপ্প'ৰ লগতে গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি ।

গোলাঘাটত উদযাপন ১৪২ নং চি আৰ পি এফৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস (ETV Bharat)

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডি আই জি বীৰেন্দ্ৰ কুমাৰ তপ্প'ই কয়, ‘‘আজি এই অনুষ্ঠানত শীৰ্ষ নেতৃত্বৰ সৈতে উপস্থিত হৈছো । ১৪২ নং চি আৰ পি এফে ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে ।’’

‘‘আজিৰে পৰা ২৩ বছৰ পূৰ্বে ইয়াৰ প্ৰতিষ্ঠা হৈছিল আৰু এতিয়া অসমৰ বিবদমান সীমান্তত চি আৰ পি এফক নিয়োগ কৰা হৈছে । এই বাহিনীয়ে সুন্দৰকৈ নিজৰ কৰ্ম সম্পাদন কৰি আছে ৷ কিয়নো আমাক নিৰপেক্ষ বাহিনীৰ দায়িত্ব দিয়া হৈছে ৷ যাৰ বাবে আমি নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছো আৰু আগলৈ আৰু সুন্দৰকৈ সকলোৱে নিজৰ কৰ্ম সম্পাদন কৰিব বুলি মোৰ বিশ্বাস আছে ৷ জোৱানসকল সকলো দিশতে পাৰ্গত ৷’’ তপ্প'ই কয় ৷

উল্লেখ্য যে গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত ১৪২ নং চি আৰ পি এফৰ এই বাহিনীৰ বিৰুদ্ধে বিভিন্ন সময়ত পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উঠি আহিছে । জিলাখনৰ সৰুপথাৰ আৰু গোলাঘাটৰ মেৰাপানীত কেইবাটাও শিবিৰ স্থাপন কৰা হৈছে ।

বাহিনীটোৱে বিভিন্ন সময়ত নগাৰ পক্ষ লৈ অসমীয়া লোকৰ ওপৰত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । বিশেষকৈ বিবদমান অঞ্চলত অসমীয়া লোকে ঘৰৰ টিনপাত বদলি কৰিবলৈও চি আৰ পি এফৰ অনুমতি ল’বলগীয়া হয় ৷ কিন্তু নগা লোকে বিবদমান অঞ্চলত মহকুমা স্থাপন কৰাৰো নজিৰ আছে ।

লগতে পঢ়ক : অবৈধ প্ৰেমৰ পৰিণতি... এক নৃশংস হত্যাকাণ্ডই জোঁকাৰিছে ৰঙিয়া

লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী