বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ গ্ৰন্থ বিপণিত বিৰ দি বাট নোপোৱা অৱস্থা
উশাহ-বতাহ সকলোতে কৃষ্ণ বন্দনা । দুশটা চৌকাত উতলিছে ৭ টনকৈ চাউল । সমানেই বিক্ৰী হৈছে গ্ৰন্থও ।

Published : February 8, 2025 at 8:48 AM IST
যোৰহাট: উদুলি-মুদুলি উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী । বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত চৌদিশে কেৱল ভকত-বৈষ্ণৱৰ সোঁত । এই অধিৱেশনৰ ম'হবন্ধা এৰালতলি পথাৰত বিভিন্ন অনুষ্ঠানৰ সমান্তৰালকৈ গ্ৰন্থমেলাতো বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ।
ম'বাইল আৰু ইন্টাৰনেটৰ যুগত কিতাপ পঢ়া লোকৰ সংখ্যা হ্ৰাস পোৱা বুলি সততে লাভ কৰা চৰ্চাৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত । গ্ৰন্থ বিপণিত ক্ৰেতাৰ ভিৰ দেখিলে আপুনিও তবধ মানিব । সকলোৱে কিনিছে মনে বিচৰা গ্ৰন্থখন ।
কীৰ্তন-নামঘোষাৰ পৰা আৰম্ভ কৰি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ গ্ৰন্থলৈকে সকলোৰে কিতাপ বিচাৰি ভিৰ কৰিছে বিপণিত । লগতে অন্যান্য গ্ৰন্থৰ বিক্ৰীও আশাপ্ৰদ বুলি উল্লেখ কৰে বিক্ৰেতাসকলে ।

পঢ়ুৱৈ সমাজৰ যথেষ্ট সঁহাৰি লাভ :
গুৰুজনাৰ ভক্তি ৰসে সুবাস বিলাইছে যোৰহাটত । ইয়াৰ সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাকৰিত কিছু কিছু ছবিয়ে ভক্তপ্ৰাণ ৰাইজক বাৰুকৈ আকৰ্ষিত কৰাৰ লগতে অনুপ্ৰাণিত কৰিছে ।

এইবাৰৰ অধিৱেশনত গ্ৰন্থপ্ৰেমী ৰাইজৰ পৰা লাভ কৰা সঁহাৰি প্ৰসংগত এগৰাকী বিক্ৰেতাই কয়, "পাঠক তথা পঢ়ুৱৈ সমাজৰ যথেষ্ট সঁহাৰি লাভ কৰিছো । মোবাইল, ইন্টাৰনেটৰ যুগতো যে কিতাপ, কাগজ বিচৰা মানুহ আছে সেয়া গ্ৰন্থ ক্ৰেতাই এই অধিৱেশনত প্ৰমাণ কৰিছে ।’’
এগৰাকী পঢ়ুৱৈয়ে কয়, "ধৰ্মীয় গ্ৰন্থৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে । কেইবাখনো গ্ৰন্থ ক্ৰয় কৰিলো ।"

