ETV Bharat / state

যোৱা ১০ মাহত গুৱাহাটীত ৰুজু ২,৩০৯ টা চুৰি-ডকাইতিৰ গোচৰ - ROBBERIES IN GUWAHATI

Crime in Guwahati: গুৱাহাটীত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা । যোৱা ১০ মাহতে ২০০০ৰো অধিক গোচৰ ৰুজু ।

ROBBERIES IN GUWAHATI
গুৱাহাটীত অপৰাধৰ পৰিসংখ্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 10:43 AM IST

3 Min Read

গুৱাহাটী : উত্তৰ-পূৱৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত চুৰিকাণ্ডৰ অভিলেখ । প্ৰতিদিনে গুৱাহাটীৰ থানাই থানাই ৰুজু হৈছে চুৰি, ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা । স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা । মহানগৰীত চলিত বৰ্ষত যোৱা ১০ মাহত ২,৩০৯ টা চুৰি আৰু ডকাইতিৰ দৰে ঘটনা সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । এই তথ্য প্ৰকাশ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

তথ্য অনুসৰি চলিত বৰ্ষত অক্টোবৰলৈ ১,৭৪২ টা চুৰি কাণ্ড, ৪০৫ টা বলপূৰ্বক চুৰি (Burglary), ১৬০ টা দলীয় ডকাইতিকাণ্ড (Robbery) আৰু ২ টাকৈ ডকাইতি কাণ্ড সংঘটিত হৈছে । ২০২৩ বৰ্ষত ২,৭৪৫ টা চুৰিকাণ্ড, ৭৪০ টা বলপূৰ্বক চুৰি (Burglary),২৬৩ টা দলীয় ডকাইতিকাণ্ড (Robbery) আৰু ৪ টা ডকাইতি ঘটনা সংঘটিত হৈছে ।

একেদৰে ২০২২ বৰ্ষত ২,৮৩২ টা চুৰিকাণ্ড, ৫৮৪ টা বলপূৰ্বক চুৰি, ২২২ টা দলীয় ডকাইতিকাণ্ড আৰু ৭ টা ডকাইতিৰ গোচৰ ৰুজু হৈছে । ২০২১ বৰ্ষত চুৰিকাণ্ড সম্পৰ্কীয় গোচৰ ৪,৪৯২ টা, ডকাইতি ৫ টা, বলপূৰ্বক চুৰি ১,০৭০ টা আৰু দলীয় ডকাইতিৰ ৮৪৫ টা গোচৰ মহানগৰীত ৰুজু হৈছিল ।

চলিত বৰ্ষত জানুৱাৰীৰ পৰা অক্টোবৰলৈ তথ্য-

মাহচুৰিডকাইতিবলপূৰ্বক চুৰি(Burglary)ডকাইতি-দলীয়(Robbery)
জানুৱাৰী১৭০ ৪৯ ১৭
ফেব্ৰুৱাৰী১৩৭ ৪২ ১২
মাৰ্চ১৬৪ ৩০ ১৩
এপ্ৰিল১৭৩ ৪৬ ১৮
মে'১৭৫ ৪৮ ১৬
জুন১৭২ ৪০ ১৬
জুলাই১৮০ ২৬ ১৫
আগষ্ট১৭৮ ২০ ১১
ছেপ্টেম্বৰ১৮৭ ৬০ ২৬
অক্টোবৰ২০৬ ৪৪ ১৬

অৱশ্যে মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰাৰ বাবে আগন্তুক দিনত স্মাৰ্ট আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :অস্থিৰ মণিপুৰ; গুৱাহাটীত ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.