ETV Bharat / state

বাল্যবিবাহ বিৰোধী অভিযানত সৰ্বমুঠ ৫৩৪৮ গৰাকীক গ্ৰেপ্তাৰ, ৫৮৪২ টা গোচৰ ৰুজু

বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ ফলত অসমত এতিয়া মাতৃত্বকালীন মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ‌ হাৰ যথেষ্ট কমিছে: অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এম পি গুপ্তা ৷

CRACKDOWN AGAINST CHILD MARRIAGE
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এম পি গুপ্তা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 22, 2024 at 9:35 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বৰ্তমানলৈ তিনিটা পৰ্যায়ত ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলিল । এই কথা দেওবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল যোগে সদৰী কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এম পি গুপ্তাই । সংবাদমেলত তেওঁ কয়, "মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বাল্যবিবাহৰ বিৰুদ্ধে শনিবাৰে অভিযান চলাই ৩৪৫ টা গোচৰ ৰুজু কৰাৰ লগতে কাজী, পৰিয়ালৰ ব্যক্তি, স্বামীসহ মুঠ ৪৩১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় ।"

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়, বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰথমবাৰ ২০২৩ ত অভিযান চলোৱা হৈছিল । প্ৰথম অভিযানত ৪,৩৮৭ টা গোচৰ ৰুজু হোৱাৰ লগতে ৩৪২৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । ২০২৩ চনৰ অক্টোবৰ মাহত চলোৱা দ্বিতীয় অভিযানত ৬৮২ টা গোচৰ ৰুজু কৰাৰ লগতে ৯১৩ গৰাকী লোক গ্ৰেপ্তাৰ কৰা হয় ।‌ তৃতীয় পৰ্যায়ৰ বাল্যবিবাহ বিৰোধী অভিযানত বৰ্তমানলৈ ৩৪৫ টা গোচৰ ৰুজু হৈছে আৰু ৪৩১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।"

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এম পি গুপ্তা (ETV Bharat Assam)

গুপ্তাই আৰু কয়, এই বাল্যবিবাহ বিৰোধী অভিযানত স্বামী, পৰিয়ালৰ‌ সদস্য(যিসকলে সহযোগ কৰিছে)ৰ লগতে কেইবাগৰাকীও কাজিক গ্ৰেপ্তাৰ কৰা হৈছে । তিনিটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত সৰ্বমুঠ ৫৮৪২ টা গোচৰ ৰুজু হোৱাৰ লগতে ৫৩৪৮ গৰাকী লোক গ্ৰেপ্তাৰ হৈছে । ইতিমধ্যে ৯৫.০২ % গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে ।"

সংবাদমেলত তেওঁ লগতে কয়, "বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ ফলত অসমত এতিয়া মাতৃত্বকালীন মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ‌ হাৰ যথেষ্ট কমিছে ।‌"

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এম পি গুপ্তাই প্ৰকাশ কৰা মাতৃত্বকালীন মৃত্যুৰ হাৰ ( maternal deaths) ৰ তথ্য:

বিত্তীয় বৰ্ষমাতৃত্বকালীন মৃত্যুৰ হাৰ
২০২০-২১ ৯৮৪
২০২১-২২ ৭৬৬
২০২২-২৩ ৫১০
২০২৩-২৪ ৩৭২

শিশুৰ মৃত্যুৰ হাৰ

বিত্তীয় বৰ্ষশিশুৰ মৃত্যুৰ হাৰ
২০২০-২১৯৪৭২
২০২১-২২৭৯০৮
২০২২-২৩ ৬৭২১
২০২৩-২৪ ৪৭৯০

তেওঁ লগতে কয়, "যেতিয়া বাল্যবিবাহৰ‌ বিৰুদ্ধে অভিযান চলোৱা হয় তাৰ আগৰ প্ৰায় ৬ মাহ আৰক্ষীয়ে গ্ৰাউণ্ড ৱৰ্ক কৰে ।‌ গ্ৰাউণ্ড ৱৰ্কত সকলো তথ্য লোৱা‌ হয় তাৰপিছতহে অভিযান চলোৱা হয় । লাহে লাহে বাল্যবিবাহৰ‌ বিৰুদ্ধে অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা কমিছে ।‌ যিসকল গ্ৰেপ্তাৰ হৈছে তেওঁলোকক আইন অনুযায়ী শাস্তি হ'ব । কোনোবাই বয়সৰ ভুৱা চাৰ্টিফিকেট ব্যৱহাৰ কৰিছে নেকি এই সন্দৰ্ভতো তদন্ত চলাই থকা হৈছে ।‌ যদি তেনেকুৱা তথ্য পোৱা যায়, তেতিয়া তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । যেতিয়ালৈকে বাল্যবিবাহ বন্ধ নহয়, তেতিয়ালৈকে এই অভিযান চলি থাকিব ।"

লগতে পঢ়ক: তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান : গ্ৰেপ্তাৰ ৪১৬জন, গোচৰ ৰুজু ৩৩৫টা