গুৱাহাটী : "হিতাধিকাৰী সৃষ্টিৰে ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৬ৰ নিৰ্বাচন জয়ী হোৱাৰ অভিসন্ধি ৰচনা কৰিছে । ২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি লৈ চৰকাৰে বাজেটত বিভিন্ন আঁচনিৰে এতিয়া প্ৰায় ১ কোটি ৩০ লাখৰো অধিক হিতাধিকাৰী সৃষ্টি কৰিছে । এনে হিতাধিকাৰীসকলক শাসকীয় দলৰ ভোটবেংকত পৰিণত কৰিবলৈ বিজেপি দল আৰু চৰকাৰে অপচেষ্টা চলাইছে ।" এই অভিযোগ কৰিছে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ।
বাজেট সম্পূৰ্ণৰূপে ব্যৰ্থ
গুৱাহাটীত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, "চৰকাৰৰ এই হিতাধিকাৰী সৃষ্টিয়ে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু জনগণৰ জীৱনমান উন্নত কৰাৰ ক্ষেত্ৰত কোনোপধ্যে সহায়ক হ'ব নোৱাৰে । ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য মতেই জনমুৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত অসমৰ অৱস্থান হৈছে ২২ সংখ্যক ।"
তেওঁ লগতে কয়, "ৰাজ্যখনৰ জনগণ আৰু অৰ্থনীতিৰ মৌলিক সমস্যা সমাধানৰ বাবে ফলপ্রসূ ব্যৱস্থা ল'বলৈ ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক বাজেট সম্পূৰ্ণৰূপে ব্যর্থ । অর্থনৈতিকভাৱে অনগ্ৰসৰ আমাৰ ৰাজ্যখনৰ মূল সমস্যা হৈছে ক্ৰমবৰ্ধমান নিবনুৱা, শিল্প আৰু কৃষিৰ পয়ালগা অৱস্থা, বান আৰু গৰাখহনীয়া, অতিপাত মূল্যবৃদ্ধি, শ্রমিক-কৃষক তথা শ্ৰমজীৱী ৰাইজৰ আয় আৰু মজুৰিৰ ক্ৰমাগত সংকোচন ইত্যাদি । এই সমস্যা বিলাকৰ সমাধানৰ বাবে বাজেটত কাৰ্যকৰী ব্যৱস্থা সম্পূর্ণ অনুপস্থিত । বাজেটত চৰকাৰে ২০২৫ চনৰ জানুৱাৰীলৈ ১ লাখ ১৯ হাজাৰ ৮৯৯ গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূর্ণ হৈছে বুলি আত্মপ্ৰসাদ লাভ কৰিছে । পিছে, আজিৰ তাৰিখত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩৫ লাখকো চেৰাই গৈছে ।"
সংবাদমেলত অংশ লৈ চি পি আই এমৰ ৰাজ্যিক নেতা ইছফাকুৰ ৰহমানে কয়, "এডভাণ্টেজ আছাম ২.০ প্ৰচাৰৰ ঢৌ তুলি আৰু ৰাজহুৱা ধন ব্যাপকভাৱে ব্যয় কৰি 'এডভাণ্টেজ আছাম ২.০' যোৱা ২৫-২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ল । ২৬৮ ৰো অধিক বুজাবুজি-চুক্তিৰে প্ৰায় ৫ লাখ কোটি টকা ৰাজ্যত বিনিয়োগ হ'ব বুলি চৰকাৰীভাৱে দাবী কৰা হৈছে । কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে এনে বিনিয়োগকাৰীৰ তালিকা পুনৰীক্ষণ কৰা হ'ব । কাৰণ সকলো বিনিয়োগকাৰী 'চিৰিয়াছ' নহয় । 'এডভাণ্টেজ আছাম ১.০'ক লৈও বিশাল প্ৰচাৰ সংগঠিত কৰা হৈছিল । বাস্তৱত বিশেষ একো ফলাফল দেখা নগ'ল । সেয়েহে এইবেলিও বিনিয়োগ কিমান হ'ব সেয়া সময়েহে ক'ব ।"
প্ৰতিবাদৰ ঘোষণা চি পি আই এমৰ
তেওঁ লগতে কয়, "এডভাণ্টেজ আছামৰ নামত অসমৰ ভূমি কৰ্পোৰেট গোষ্ঠী আৰু বহিৰাগত বৃহৎ বণিয়াৰ হাতলৈ হস্তান্তৰ তথা প্রাকৃতিক সম্পদ লুণ্ঠন আৰু পৰিৱেশ ধ্বংস বন্ধ কৰা, বাজেটত আঁচনিভুক্ত কৰ্মচাৰী আৰু চাহ শ্রমিকক কৰা বঞ্চনাৰ অনতিপলমে অৱসান কৰা আদি দাবীৰ সমৰ্থনত চিপিআই(এম) দলে অহা ২৫ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ পথসভা, ৰাজহুৱা সভা আদি অনুষ্ঠিত কৰাৰ মাজেৰে পষেকজোৰা প্ৰচাৰ আন্দোলন সংগঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।"
লগতে পঢ়ক :চিকিৎসালয় সুৰক্ষা সমিতিৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে - MUKUNDA KAKATI CIVIL HOSPITAL