ETV Bharat / state

মনোৰঞ্জন তালুকদাৰৰ বিতৰ্কিত ভাইৰেল অডিঅ’ ক্লিপ: কি সিদ্ধান্ত হ'ল সদনত ? - MANORANJAN TALUKDAR VIRAL AUDIO

সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা ফোন কল ৰেকৰ্ডিঙে সলকনি লগাইছে ৰাজ্যৰ ৰাজনীতিত । সদনতো ইয়াক লৈ আলোচনা ।

Manoranjan Talukdar viral phone recording
মনোৰঞ্জন তালুকদাৰৰ বিতৰ্কিত ভাইৰেল অডিঅ’ ক্লিপক লৈ উত্তাল সদন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 10:31 PM IST

3 Min Read

গুৱাহাটী : চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা বিতৰ্কিত ভাইৰেল অডিঅ' ক্লিপক কেন্দ্ৰ কৰি সোমবাৰে অসম বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে । বি জে পিৰ বিধায়কসকলে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি তদন্তৰ দাবী কৰে । ইয়াকে লৈ বিধানসভাৰ মজিয়া উত্তাল পৰে ।

উল্লেখ্য যে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নামত ব্যৱসায়ীক ধন বিচৰা এটা ফোন কল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মনোৰঞ্জন তালুকদাৰৰ বিতৰ্কিত ভাইৰেল অডিঅ’ ক্লিপক লৈ উত্তাল সদন (ETV Bharat)

বিধায়কগৰাকীয়ে এই কল ৰেকৰ্ডিঙত শুনা মাতটো তেওঁৰ নহয় বুলি দাবী কৰিছে । অডিঅ' ক্লিপত থকা কণ্ঠস্বৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হয়নে নহয় সেয়া পৰীক্ষা কৰাৰ দাবী উত্থাপন বিজেপিৰ । অডিঅ' ক্লিপটোত থকা কণ্ঠস্বৰ নিজৰ নহয় বুলি ঘোষণা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ । বিধানসভাত সোমবাৰে বি জে পিৰ বিধায়ক মানৱ ডেকাই বিষয়টো উত্থাপন কৰি কয়, "বিধানসভাৰ 'Rule 15'ৰ অধীনত মনোৰঞ্জন তালুকদাৰে ছিণ্ডিকেট সন্দৰ্ভত বিধানসভাত আলোচনা বিচাৰিছিল । তালুকদাৰে যি কেইজনৰ নাম উল্লেখ কৰিছিল তেওঁলোকৰ পৰা‌ হেভী এমাউণ্ট বিচাৰিছিল । বিধানসভাক ব্লেক মেইলিঙৰ আহিলা হিচাপে লৈছে । গতিকে বিষয়টো তদন্ত ‌হ'ব লাগে ।"

আদালতৰ দ্বাৰস্থ হ'ব মনোৰঞ্জন তালুকদাৰ

তাৰ পিছতে এই বিষয়টোক আদালতৰ মজিয়ালৈ নিয়াৰো হুংকাৰ দিয়ে বিধায়ক তালুকদাৰৰ । তেওঁ কয় যে অডিঅ'টো 'AI'ৰ । তেওঁ জড়িত নহয় । যদি তেওঁ বুলি প্ৰমাণ দিব পাৰে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব ।

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল অডিঅ' বিতৰ্কক লৈ বিধানসভাত প্ৰতিক্ৰিয়া কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "বিষয়টো মনোৰঞ্জন তালুকদাৰে সমাধান‌ কৰিব বুলি আশা কৰিছো । বিষয়টো যিহেতু গুৰুতৰ বিধানসভাৰ অধ্যক্ষই এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব ।"

ইফালে বিধানসভাৰ অধ্যক্ষই ঘটনাটো সন্দৰ্ভত গৰিহণাৰ প্ৰস্তাৱ লৈ বিষয়টো নিষ্পত্তি কৰাৰ প্ৰস্তাৱ দিছিল যদিও মনোৰঞ্জন তালুকদাৰে আপত্তি কৰে । তেওঁ কয়,"আদালতে ইয়াৰ বিচাৰ‌ কৰিব ।‌ বিধানসভাত এনেকৈ মোক দোষী সজাব নোৱাৰে ।‌"

এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও মনোৰঞ্জন তালুকদাৰক সমৰ্থন কৰি বিধানসভাৰ অধ্যক্ষৰ ঘটনাটো সন্দৰ্ভত গৰিহণাৰ প্ৰস্তাৱক বিৰোধিতা কৰে । পিছত বিধানসভাৰ অধ্যক্ষই সমগ্ৰ বিষয়টো বিধানসভাৰ এথিক্স কমিটীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১৩ জনীয়া এথিক্স কমিটীৰ দ্বাৰা তালুকদাৰৰ বিতৰ্কিত অডিঅ' ক্লিপটো পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে । বিধায়কৰ ব্যৱহাৰ আৰু কাৰ্য পৰীক্ষা কৰিব এথিক্স কমিটীয়ে ৷

লগতে পঢ়ক :বিধায়কে টকা বিচাৰিছিল নেকি ? মুখ্যমন্ত্ৰীয়ে ক'লে- ১০ মিনিটতে আমি ৰিজাল্ট দি দিব পাৰিম - MLA MANORANJAN TALUKDAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.