ETV Bharat / state

ডাইনীৰ সন্দেহত মহিলাক হত্যা: মহিলাসহ ২৩ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড - LIFE IMPRISONMENT IN CHARAIDEO

সেই দিনটো আছিল ২০১২ৰ ৯ ফেব্ৰুৱাৰী । জীৱন্তে জ্বলাই দিছিল অসহায় মহিলাক ।

Murder under suspicion of witchcraft
১৩ বছৰীয়া ন্যায়ৰ অপেক্ষাৰ অন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 19, 2025 at 6:56 PM IST

Updated : May 19, 2025 at 8:17 PM IST

4 Min Read

মৰাণ: সুদীৰ্ঘ ১৩ বছৰ ন্যায়ৰ বাবে অপেক্ষা কৰিছিল এটা পৰিয়ালে । আপোনজনক হেৰুওৱাৰ দুখ-বেদনা বুকুত বান্ধিয়েই ন্যায় লাভৰ আশাত ৰৈছিল চৰাইদেউৰ এটা দুৰ্ভগীয়া পৰিয়াল । আজিও ঘটনা সংঘটিত হোৱা দিনটো মনত পেলাই উচুপি উঠে ন্যায়ৰ বাবে যুঁজ দিয়া পৰিয়ালটোৱে । অৱশেষত অপেক্ষাৰ অন্ত পৰিল ।

গাৰ নোম শিহৰি উঠা সেই দিনটো আছিল ২০১২ৰ ৯ ফেব্ৰুৱাৰী । চৰাইদেউ জিলাৰ জলহা গাঁৱৰ একাংশ উন্মত্ত লোকৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলাই । অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এগৰাকী মহিলাক ডাইনী সজাই গাঁৱৰ একাংশ লোকে ওৰে নিশা এজোপা ঔ-টেঙা গছত বান্ধি অত্যাচাৰ চলাই জীৱন্তে জ্বলাই দিছিল । এই ঘটনাটো পোহৰলৈ অহাৰ পাছতেই চৰাইদেউ জিলাৰ লগতে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

১৩ বছৰীয়া ন্যায়ৰ অপেক্ষাৰ অন্ত (ETV Bharat Assam)

এই ঘটনাটোৰ পিচতেই মহিলাগৰাকীৰ পুত্ৰই সোণাৰি আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত তদন্তৰ বাবে আৰক্ষীয়ে ৩৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিল । অকথ্য নিৰ্যাতনত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ পৰিয়ালে যুঁজ দিছিল ন্যায়ালয়ত ।

এদিন দুদিন কৈ এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ১৩ বছৰ ধৰি ন্যায়ালয়ৰ মজিয়াত চলি থকাৰ পাছত আজি অন্তিমটো শুনানিৰ পাছতে ন্যায়ালয়ে ৰায় প্ৰদান কৰে । যেন দুৰ্ভগীয়া পৰিয়ালটোৰ কষ্ট, দুখ-বেদনাৰ কিছু অৱসান ঘটিল ।

ন্যায়ালয়ৰ ৰায় অনুসৰি এই ঘটনাৰ লগত জড়িত বুলি প্ৰমাণিত ২৩ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫ হাজাৰকৈ টকা জৰিমনা বিহা হৈছে । আনহাতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৮ লাখ টকা প্ৰদানৰ ৰায় দান কৰিছে ন্যায়ালয়ে ।

চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়:

সোমবাৰে নাৰী নিৰ্যাতনক লৈ চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশ আদালতে ঐতিহাসিক ৰায় প্ৰদান কৰে । একাংশ নৰপিপাসুৰ অত্যাচাৰত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ পৰিয়ালক প্ৰদান কৰা হ'ল ন্যায় ।

২০১২ত সংঘটিত এক অমানুষিক ঘটনাৰ যেন ওৰ পৰিল আজি । ঐতিহাসিক ৰায়ৰ সাক্ষী হৈ ৰ'ল চৰাইদেউ জিলা সত্ৰ ন্য়ায়াধীশৰ আদালতৰ চৌহদ । আজি এই ৰায়দানে চৰাইদেউ সত্ৰ ন্য়ায়াধীশৰ আদালতৰ প্ৰথমটো ঐতিহাসিক ৰায় হিচাপে বিবেচিত হৈছে ।

Murder under suspicion of witchcraft
১৩ বছৰীয়া ন্যায়ৰ অপেক্ষাৰ অন্ত (ETV Bharat Assam)

মহিলাসহ ২৩ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড:

চৰাইদেউ জিলা সত্ৰ ন্য়ায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়ৰ পাছতে জ্যেষ্ঠ অধিবক্তা মহেশ্বৰ গদুকাই কয়, "ন্যায়ধীশ আবু বক্কৰ চিদ্দীকিয়ে আজি উল্লেখযোগ্য ৰায় দিলে । মুঠ ২৩ গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে । ডাইনীৰ সন্দেহত এই ঘটনা ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত সংঘটিত হোৱা বুলি ১০ ফেব্ৰুৱাৰীত মহিলাগৰাকীৰ পুত্ৰই এজাহাৰ দাখিল কৰিছিল ।’’

‘‘এই ঘটনাক লৈ ১৪ গৰাকী সাক্ষী লৈ তদন্ত আৰম্ভ কৰি আজি ৰায় প্ৰদান কৰা হৈছে । সমগ্ৰ ঘটনাত ৩৫ গৰাকী লোক আটক হৈছিল যদি ১০ জনক চাৰ্জশ্বীটত ৰেহাই দিয়া হৈছিল । ইয়াৰে এজন সেই সময়ত গাঁও প্ৰধান আছিল, তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে । এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছিল তেওঁক ঘটনাৰ খবৰ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁক কেৱল জৰিমনা বিহা হৈছে । মুঠ ২৩গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে । ইয়াত ১১ গৰাকী মহিলা আৰু ১২ জন পুৰুষ আছে ।’’ তেওঁ কয় ৷

‘‘২৩ গৰাকী লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫ হাজাৰকৈ টকা জৰিমনা বিহা হৈছে । আনহাতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৮ লাখ টকা প্ৰদানৰ ৰায় দান কৰিছে ন্যায়ালয়ে ।’’ গদুকাই কয় ৷

ভুক্তভোগীয়ে কি কয় ?

এই সন্দৰ্ভত মহিলাগৰাকীৰ পুত্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "ডাইনীৰ সন্দেহ কৰি মোৰ মাক ধৰি গছত বান্ধি হত্য়া কৰি জ্বলাই দিছিল । নিশা অত্য়াচাৰ কৰি পুৱা জ্বলাই দিছিল । মাক ঘৰৰ পৰা নিয়াৰ সময়ত মই ঘৰত নাছিলো । জানিব পাৰি তালৈ গৈছিলো যদিও মানুহ দেখি উভতি আহিছিলো । পুৱা প্ৰশাসনৰ লোক আহি মোক লৈ গ'ল । তাত গৈ দেখিলো মোৰ মা ছাই হৈ আছে । কোনোৱে এনেকুৱা কৰিব নালাগে । ডাইনী বুলি একো নাই । "

লগতে পঢ়ক:ডাইনী বুলি সন্দেহ কৰি নদীত উটুৱাই দিলে মহিলাক - SUSPICION OF WITCH IN DIBRUGARH

আকৌ ডাইনীকাণ্ড: কোনোমতে প্ৰাণৰক্ষা বৃদ্ধৰ - WITCH HUNTING IN LAKHIMPUR

Last Updated : May 19, 2025 at 8:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.