ETV Bharat / state

এ পি এছ চি কেলেংকাৰীৰ ১৪ অভিযুক্তলৈ জামিন

বিশেষ ন্যায়াধীশৰ আদালতে নিজাববীয়াকৈ এই ১৪ গৰাকীৰ অভিযুক্তৰ নাম অন্তৰ্ভুক্ত কৰিছিল ।

APSC Scam
প্ৰতীকী ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 7:10 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : এ পি এছ চি কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিশেষ ন্যায়াধীশৰ আদালতে শুকুৰবাৰে এ পি এছ চি কেলেংকাৰিৰ ১৪ অভিযুক্তৰ জামিন আবেদন মঞ্জুৰ কৰে । বিশেষ ন্যায়াধীশৰ আদালতে নিজাববীয়াকৈ এই ১৪ গৰাকীৰ অভিযুক্তৰ নাম অন্তৰ্ভুক্ত কৰিছিল ।

অধিবক্তা পল্লৱ কটকীয়ে কয়, "জামিন লাভ কৰাকেইজন হ'ল ক্ৰমে নন্দিনী কাকতি, ঋতুৰাজ দলে, নীলাঞ্জল গগৈ, দীপাংকৰ দত্ত লহকৰ, ধীৰাজ কুমাৰ জৈন, স্বৰূপ ভট্টাচার্য, বিকাশ শর্মা, চক্ৰধৰ ডেকা, বিচিত্র গোপাল নাথ, জগদীশ ব্ৰহ্ম, ফাৰুক আহমেদ, অনলজ্যোতি দাস, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, হিতেশ মজুমদাৰ ।"

উল্লেখ্য যে, এই কেলেংকাৰীৰ তদন্তকাৰী বিষয়া উপেন কলিতাই বিশেষ ন্যায়াধীশৰ আদালতত শেহতীয়াকৈ দাখিল কৰা অভিযোগনামাত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে অভিযোগনামাৰ এটা অংশ খাৰিজ কৰি নতুনকৈ এই ১৪ গৰাকীৰ অভিযুক্তৰ নাম অন্তৰ্ভুক্ত কৰি বিচাৰ প্ৰক্ৰিয়া কৰাৰ নিৰ্দেশ দিছিল ।

দন্তকাৰী বিষয়া উপেন কলিতাই বিশেষ ন্যায়াধীশৰ আদালতত ১৫৭ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল । নিৰ্ধাৰিত সময়তকৈ (১৭ ছেপ্টেম্বৰ) ৫ দিন পূর্বে দাখিল কৰা এই অভিযোগনামাত অভিযুক্ত হিচাপে অন্তর্ভুক্ত হৈছিল ২৩ গৰাকী ৰাজপত্রিত বিষয়াৰ নাম । মন কৰিবলগীয়া যে এছ আই টিৰ অভিযোগনামাত অন্তর্ভুক্ত হোৱা নাছিল ১৪ গৰাকী বিষয়াৰ নাম ।

উল্লেখ্য যে, এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰাৰ পিছতো এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্ত গোটে (এছ আই টি) সঠিক তদন্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছিল । এই কথা আদালতত উন্মোচিত হৈছিল ।

এইক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়াৰ ব্যৰ্থতাৰ বাবে আদালতৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে তদন্তকাৰী বিষয়া প্ৰতীক থুবেক আঁতৰাই তদন্তৰ দায়িত্ব নতুনকৈ চি আই ডিৰ ডি এছ পি উপেন কলিতাক অৰ্পণ কৰে । উল্লেখ্য যে এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰা বিষয়াসকলৰ বেছিভাগেই এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল ।

প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনত এই বিষয়াসকল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ৰহস্য উদঘাটন কৰা হৈছিল । কিন্তু অসম আৰক্ষীৰ বিশেষ তদন্ত গোটে (এছ আই টি) সঠিক তদন্ত কৰা নাছিল ।

লগতে পঢ়ক :APSC কেলেংকাৰীৰ তদন্তত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন Fight Against injustice of APSC ৰ - APSC scam
লগতে পঢ়ক :২৩ ৰাজপত্ৰিত বিষয়াৰ নাম বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাত - APSC Scam