ETV Bharat / state

যোৰহাটৰ ১৬খন জিলা পৰিষদ দখলৰ দিশে বিজেপি মিত্ৰজোঁট

এবছৰেই নহ'ল, ৰাইজে প্ৰত্যাখ্যান কৰিলে গৌৰৱ গগৈক ।

PANCHAYAT ELECTION VOTE COUNTING IN JORHAT
জিলা পৰিষদ দখলৰ দিশে বিজেপি মিত্ৰজোঁট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 7:56 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : বিগত লোকসভা নিৰ্বাচনৰ পিচতেই যোৰহাটত বিজেপিৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হোৱা বুলি চৰ্চা হৈছিল । কংগ্ৰেছী নেতা গৌৰৱ গগৈৰ বিজয়ৰ পিচতেই সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছিল এই সমষ্টিটোত । পিচে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে এই হিচাপত আউল লগোৱাৰ উপক্ৰম ঘটাইছে । জিলাখনৰ অধিকাংশ আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্য বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পিচত এইবাৰ ১৬খন জিলা পৰিষদ দখলৰ দিশে আগবাঢ়িছে ।

লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত লক্ষাধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈয়ে বিজয়ধ্বজা উৰুৱালৈ সক্ষম হোৱাৰ এবছৰ নহ'লেই, ৰাইজৰ মোহভংগ হোৱাৰ উপক্ৰম হৈছে । যোৰহাট জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেইগৰাকী আগবাঢ়ি আছে । আঞ্চলিক পঞ্চায়তৰ গৰিষ্ঠ সংখ্যকে বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীয়ে ইতিমধ্যে জয়লাভ কৰিছে ।

জিলা পৰিষদ দখলৰ দিশে বিজেপি মিত্ৰজোঁট (ETV Bharat Assam)

আনহাতে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত তিতাবৰ বিধানসভা সমষ্টিতো বিজেপিয়ে আঞ্চলিক পঞ্চায়তত জয়যাত্ৰা অৱ্যাহত ৰখাৰ লগতে কৰঙা, বৰহোলা, ঠেঙাল আৰু তিতাবৰ জিলা পৰিষদত আগৱাঢ়ি আছে । ৰাজ্যত বিজেপিয়ে জয়লাভ কৰা আৰু অগ্ৰগতি সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, "ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপি মিত্ৰজোঁটৰ সপক্ষে দেখিছো । পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ এই ফলাফলৰ আঁৰতেই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কাৰ্যকৰ্তাসকল । অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছো । বিজেপিয়ে দিনে-নিশাই পৰিশ্ৰম কৰা আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা উন্নয়নৰ ধাৰাৰ বাবে ৰাইজে বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে ।"

বিত্তমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "লোকসভা নিৰ্বাচনত যোৰহাট জিলাত ভাল ফলাফল লাভ কৰিব পৰা নাছিলো; কিন্তু কেইটামান মাহৰ পিচতেই আজি যোৰহাটবাসীয়ে পুনৰ বিজেপি মিত্ৰজোঁটক আঁকোৱালি লৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি তেওঁলোকে আস্থা প্ৰকাশ কৰিছে । পঞ্চায়ত নিৰ্বাচনত ৰাইজে দিয়া আশীৰ্বাদ শিৰত লৈ ২০২৬ৰ নিৰ্বাচনৰ বাবে অগ্ৰসৰ হ'ম আৰু ৰাইজৰ বাবে কাম কৰি যাম ।"

মন্ত্ৰী নেওগে পুনৰ কয়, " বিগত সময়ত কংগ্ৰেছৰ দুৰ্বল ভূমিকা দেখিবলৈ পাইছিলো । আমি কৈছিলোৱেই এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা অতি শোচনীয় হ'ব । ৰাইজে এতিয়া কংগ্ৰেছ দলৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ নেতৃত্বৰ দুৰ্বলতা আৰু ৰাইজে তেওঁলোকক আঁকোৱালি লোৱা নাই । কংগ্ৰেছৰ ভৱিষ্যৎ সম্পৰ্কে ৰাইজে গম পাইছে ।"

আনহাতে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ফলাফলত সন্তোষ প্ৰকাশ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়, "এতিয়া গৌৰৱ গগৈৰ মেজিক নচলে । কাৰণ পাকিস্তানলৈ যোৱা মানুহৰ অৱস্থা কি হয় ৰাইজে বুজি পায় আৰু পাকিস্তানৰ অৱস্থা কি হ'ল সকলোৱে জানে । এতিয়া গৌৰৱ গগৈ সম্পৰ্কে মই কথাই নকওঁ ।"

লগতে পঢ়ক:লখিমপুৰৰ ভোট গণনা কেন্দ্ৰৰ সন্মুখত আৰক্ষীৰ লাঠিচালনা - PANCHAYAT ELECTION 2025

নিৰ্বাচনৰ ফলাফলে কন্দুৱালে চিৰা-মুড়ি বিক্ৰী কৰা প্ৰাৰ্থীক - PANCHAYAT ELECTION VOTE COUNTING