ETV Bharat / state

কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাক কিয় বাধা আৰক্ষীৰ ?

কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাক বাধা আৰক্ষীৰ । আগতীয়া অনুমতি নোলোৱাৰ বাবেই বাধাৰ সন্মুখীন সাংস্কৃতিক শোভাযাত্ৰা ।

Cotton University cultural procession stopped by police in Guwahati
কিয় বাধা আৰক্ষীৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 9, 2025 at 10:20 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । কটন বিশ্ববিদ্যালয়ৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাত আৰক্ষীৰ বাধা । আৰক্ষী আৰু কটনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাক যুদ্ধ । কটন ছাত্ৰ একতা সভাই শোভাযাত্ৰাৰ বাবে অনুমতি নোলোৱাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰে । সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে পুৱাৰে পৰা সাজু হৈ থকা তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথত থিয় হৈ থাকিব লগা হ'ল ।

আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ এটা দলে কটন বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰা নেহৰু উদ্যানৰ সন্মুখত ৰচি বান্ধি বাধা প্ৰদান কৰে । সাংস্কৃতিক শোভাযাত্ৰা দীঘলী পুখুৰীৰ পাৰেৰে কৰা কথা আছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় বাকযুদ্ধৰ । পৰৱৰ্তী সময়ত আৰক্ষী, প্ৰশাসন, বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ বুজাবুজিৰ পিছত বিশ্ববিদ্যালয়ৰ চৌহদৰ শতবৰ্ষীয় তোৰণৰ পৰা হোষ্টেল ৰোডত ভিতৰতে শোভাযাত্ৰা সামৰণি পৰে ।

কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাক বাধা আৰক্ষীৰ (ETV Bharat Assam)

কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সদস্য কুলদ্বীপ গৌতম শৰ্মাই আজি সাংকৃতিক শোভাযাত্ৰাক আৰক্ষীয়ে বাধা দিয়া কাৰ্যক ধিক্কাৰ জনাই কয়, "ছাত্ৰ একতা সভাই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আগতীয়াকৈ অনুমতি ল'ব লাগে । শনিবাৰে ছাত্ৰ একতা সভাই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে অনুমতি ল'বলৈ গৈছিল যদিও আৰক্ষীয়ে এডভান্টেজ আছামৰ বাবে শোভাযাত্ৰাৰ বাবে অনুমতি দিয়া নাছিল । অনুমতি নোহোৱাকৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে ।" তেওঁ এনে ধৰণৰ ঘটনা আগলৈ যাতে নঘটে তাৰবাবে ছাত্ৰ একতা সভাকো সচেতন হ'বলৈ আহ্বান জনায় ।

Cotton University cultural procession stopped by police in Guwahati
কিয় বাধা আৰক্ষীৰ ? (ETV Bharat Assam)

উল্লেখ্য যে, বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে দেওবাৰে সাংস্কৃতিক শোভাযাত্রা উলিয়াইছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কটনৰ প্ৰতিটো বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে । শোভাযাত্ৰাত প্ৰতিফলিত হয় বৰ অসমৰ কৃষ্টি-সংস্কৃতি । কিন্তু ছাত্ৰ সমাজৰ এনে বাৰেৰহণীয়া শোভাযাত্ৰাক আৰক্ষীয়ে বাধা দিয়া কাৰ্যক সহজে ল'ব পৰা নাই সচেতন মহলে ।

Cotton University cultural procession stopped by police in Guwahati
কিয় বাধা আৰক্ষীৰ ? (ETV Bharat Assam)

লগতে পঢ়ক: বিজেপিয়ে কৰা বেয়া কামৰ ফল ভোগ কৰিবলগীয়া হ'ল আম আদমী পাৰ্টীয়ে : আপ অসমৰ প্ৰতিক্ৰিয়া - DELHI ELECTION RESULTS 2025

দিল্লীবাসীক বিগত সময়ত টুপী পিন্ধোৱাৰ ফল লাভ কৰিছে আপে : জিতু গোস্বামী - DELHI ASSEMBLY ELECTIONS 2025