অনাথ আশ্ৰম ভৱন বিতৰ্ক; আয়ুক্ত উপস্থিত হোৱাৰ পূৰ্বেই আঁতৰিল বিলাসী হোটেলৰ চাইনবোৰ্ড
বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ তদন্তৰ নিৰ্দেশৰ পিছত লাগিছে হাহাকাৰ । এতিয়া দেৱলাল গাৰ্লোচাই কৰিব কি ?

Published : August 8, 2025 at 4:42 PM IST
হাফলং: এখন অনাথ শিশু আশ্ৰমে লগাইছে হাহাকাৰ । চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰা হৈছিল এই অনাথ আশ্ৰমখন । ২০১৩ চনৰ ২৯ জুনত অনাথ আশ্ৰমখন নিৰ্মাণৰ বাবে আঁচনিয়ে অনুমোদন লাভ কৰিছিল । ২০২১ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা এই ভৱনটো এতিয়া পৰ্যবসিত হৈছে বিলাসী হোটেললৈ । এতিয়া এই বিলাসী হোটেলক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আঁতৰোৱা হৈছে চাইনবোৰ্ড ।
২০১৩ চনত অনাথ আশ্ৰমখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২.৬৮ কোটি টকা আৰু ৰাজ্য চৰকাৰে ২৯.৮৫ লাখ টকাৰ পুঁজি আবণ্টন দিছিল ৷ সুন্দৰভাৱে অনাথ শিশু আশ্ৰমৰ ভৱনটো নিৰ্মাণ কৰা হৈছিল । ইয়াৰ পিচতেই ডিমা হাছাও জিলাৰ জাতিংগাৰ বৰ হাফলঙত অনাথ শিশুৰ বাবে নিৰ্মিত অনাথ আশ্ৰম ভৱনটোক বিলাসী হোটেললৈ ৰূপান্তৰিত কৰি বিপদত পৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা ।
অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ তদন্তৰ নিৰ্দেশৰ পিছত হাহাকাৰ লাগিছে দেৱলাল গাৰ্লোচাৰ । তাৎক্ষণিকভাৱে আঁতৰাই পেলোৱা হ'ল অনাথ আশ্ৰমক বিলাসী হোটেলৰ ৰূপ দিয়া 'হোটেল হাডিং' ৰ চাইনবোৰ্ডখন । উত্থাপিত অভিযোগ অনুসৰি ২০২১ চনত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই ভৱনটোকেই দেৱলাল গাৰ্লোচাই যোৱা ২৭ জুলাইত উদ্বোধন কৰিছিল 'হোটেল হাডিং' নামেৰে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিত্ত বিভাগে হোটেলখন পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছিল দেৱলালৰ ঘনিষ্ঠ হেমঞ্জয় জিদুং নামৰ এগৰাকী ব্যক্তিক ।
দেৱলালৰ এই কাৰ্যৰ বিৰুদ্ধে ডিমা হাছাও জিলা কংগ্ৰেছ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সদস্য ডেনিয়েল লাংথাচাই এই অনিয়ম সন্দৰ্ভত তদন্ত আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষ নুৰুল হুদাক । ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষগৰাকীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত কৰি তৎকালীনভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব, জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগক ।

ইয়াৰ পিছতেই বুধবাৰে ডিমা হাচাওৰ জিলা আয়ুক্ত উপস্থিত হয় হোটেল হাডিঙত; কিন্তু বিপদৰ উমান পাই আয়ুক্ত উপস্থিত হোৱাৰ পূৰ্বেই আঁতৰাই পেলোৱা হয় হোটেলৰ চাইনবোৰ্ড । ইপিনে, প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "জাতিংগাত অনাথ শিশুৰ বাবে নিৰ্মাণ হোৱা ভৱনটো হাডিং হোটেললৈ ৰূপান্তৰিত কৰাৰ পিচত মই আৰু ডেনিয়েল লাংথাচাই বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিলো । ইয়াৰ পিচত ৰাজহুৱা হিচাপ কমিটীয়ে বিষয়টো তদন্ত কৰাৰ উদ্যোগ লৈছে যাৰ বাবে অধ্যক্ষ নুৰুল হুদাক ধন্যবাদ জনাইছো ।"

তেওঁ কয়, "ৰাজহুৱা হিচাপ কমিটীয়ে এই সন্দৰ্ভত ব্যৱস্থা লোৱাৰ পিচত হাডিং হোটেলৰ চাইনবোৰ্ড আঁতৰাই পেলোৱা হয় । অনাথ আৰু দুখীয়া শিশুসকলৰ বাবে এই ভৱনটো নিৰ্মাণ কৰা হৈছিল । যেতিয়ালৈকে এই অনাথ আশ্ৰম ভৱনত অনাথ আৰু দুখীয়া শিশুসকলক থাকিবলৈ ব্যৱস্থা কৰি দিয়া নহয় আমি যুঁজি যাম আৰু প্ৰয়োজন হ'লে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিম ।" প্ৰাক্তন বিধায়কগৰাকীয়ে ৰাজহুৱা হিচাপ কমিটীক ইয়াৰ সঠিক তদন্ত কৰি চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰা সকলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।


