বিতৰ্কিত দুলাল বৰাক পাঁচদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ - Debajit Hazarika suicide case
RTI activist Dulal Borah : বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷ শুকুৰবাৰে চৰাইদেউ জিলা ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খোৱা দুলাল বৰাক ৷

Published : September 27, 2024 at 4:12 PM IST
ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ উক্ত আত্মহত্যা ঘটনাৰ মূল অভিযুক্ত হিচাপে বিবেচিত হোৱা বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰাক বুধবাৰে দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল ।
বৃহস্পতিবাৰে নিশা দিল্লীৰ পৰা গুৱাহাটীলৈ ট্ৰানজিত ৰিমাণ্ডত অনা হৈছিল দুলাল বৰাক । গুৱাহাটীৰ পৰা পোনে পোনে চৰাইদেউৰ সোণাৰি আৰক্ষী থানালৈ অনা বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক চৰাইদেউৰ আদালতত হাজিৰ কৰোৱা হয় । শুকুৰবাৰে পুৱা গুৱাহাটীৰ পৰা অনাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰি চৰাইদেউ জিলা ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে । সোণাৰি আৰক্ষীয়ে আঠদিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে পাঁচদিনৰ বাবেহে আৰক্ষীৰ জিম্মাত দিয়ে দুলাল বৰাক ।
উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰত বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰা দিনাৰে পৰা পলাতক হৈ আছিল বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰা । ইতিমধ্যে ঘটনাৰ দিনাই দুলাল বৰা মালিকাধীন পৰ্টেল চেনেলৰ সোণাৰিৰ স্থানীয় সাংবাদিক পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰিছে । জানিব পৰা অনুসৰি এইগৰাকী বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাই পঞ্চায়ত পুঁজিৰে নিৰ্মাণ হ'বলগা এটা মন্দিৰৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰি আৰ টি আই কৰা লগতে প্ৰতিবেদন বিচাৰি ৰাজ্যপালৰ জৰিয়তে চৰাইদেউ জিলা প্ৰশাসনলৈ পত্ৰ দিছিল । নিজৰ পৰ্টেলৰ স্থানীয় সাংবাদিকৰ জৰিয়তে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল । সেয়ে বিজেপি নেতা দেৱজিৎ হাজৰিকাই ছুইচাইড নোটত চাৰিজনৰ নাম লিখি গৈছিল ।
সোণাৰি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত বি ডি অ' ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি ইতিমধ্য জে’ললৈ প্ৰেৰণ কৰিছে । আনহাতে বিজেপি নেতাগৰাকীৰ আত্মহত্যাত নাম সাঙোৰ খোৱা এটা আগশাৰীৰ টেলিভিশ্যন চেনেলৰ সোণাৰিৰ সাংবাদিক ৰফিক আহমেদে ঘটনাৰ দিনাৰে পৰা আত্মগোপন কৰি দুটা দিনৰ পূৰ্বে অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হয় ।
ইপিনে দুলাল বৰাক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক ধন্যবাদ দিছে বিভিন্ন দল-সংগঠনে । দুলাল বৰাৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে টাই আহোম যুৱ পৰিষদে ।
লগতে পঢ়ক : সোণাৰি থানাত দুলাল বৰাক জেৰা; আজি হাজিৰ কৰোৱা হ'ব চৰাইদেউ ন্যায়িক আদালতত
দুলাল বৰাক কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক আহ্বান শৃংখল চলিহাৰ
জালত পৰিল দুলাল বৰা, সন্তুষ্টি প্ৰকাশ দেৱজিৎ হাজৰিকাৰ পত্নীৰ

