মঙলদৈ: বিতৰ্কিত মন্তব্য় কৰা বাবে সততে চৰ্চা লাভ কৰা সাহিত্যিক ইছমাইল হোছেইনক গ্ৰেপ্তাৰ । এগৰাকী মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত সাহিত্যিকগৰাকীয়ে কৰিছিল এক বিতৰ্কিত মন্তব্য় । ইয়াৰ পিচতেই এই মহিলাগৰাকীয়ে আৰক্ষী থানাত তৰে গোচৰ । অৱশেষত এই ঠাইত তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ।
ফেচবুকত এটি পোষ্টত বিতৰ্কিত মন্তব্য কৰা বাবে শুকুৰবাৰে সাহিত্যিক ইছমাইল হোছেইনক গ্ৰেপ্তাৰ কৰে মঙলদৈ আৰক্ষীয়ে । মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে যোৰহাট গড়আলিৰ পৰা গ্ৰেপ্তাৰ কৰে হোছেইনক ।
এগৰাকী মহিলাই ইছমাইল হোছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহৰৰ ভিত্তিত আৰক্ষীয়ে ৮৪/২৫ নম্বৰত এক গোচৰ ৰুজু কৰে । আৰক্ষীয়ে মোবাইল নেটৱৰ্কৰ দ্বাৰা স্থান নিৰূপণ কৰি যোৰহাটৰ গড়আলিৰ পৰা আটক কৰে । তেওঁৰ ঘৰ গুৱাহাটীত যদিও কি কাৰণে যোৰহাটত আছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
বিতৰ্কিত সাহিত্যিক ইছমাইল হোছেইনে এটি বিশেষভাৱে সক্ষম শিশুৰ সৈতে ফাটবিহু উপলক্ষে বিহুনাচ এটাৰ ভিডিঅ' ফেচবুকত আপলোড কৰিছিল । সেই আপডেটটোত অভিযোগকাৰী কলাইগাওঁৰ শিক্ষয়িত্ৰীগৰাকীয়ে মন্তব্য কৰাত হোছেইনে কিছুমান অশ্লীল শব্দৰে মহিলাগৰাকীৰ ভাৱমূৰ্তিত আঘাত হানে বুলি অভিযোগ উঠিছে । সেয়েহে মহিলাগৰাকীয়ে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
ইছমাইল হোছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাবে মহিলাগৰাকীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি কয়, "আৰক্ষীয়ে অতি সোনকালে ব্য়ৱস্থা গ্ৰহণ কৰিছে । আৰক্ষী-প্ৰশাসনে যথেষ্ঠ সঁহাৰি দিলে । এইবোৰ হোৱাৰ পিচত তেওঁ এইবোৰ বন্ধ কৰিব ছাগে । এনেকুৱা হ'লে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে ।"
অনাগত দিনত মহিলাৰ বিৰুদ্ধে এনেধৰণৰ অশালীন মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ ইছমাইল হোছেইনক তেওঁ সকীয়াই দিয়ে । ইপেনে, মঙলদৈ সদৰ থানাত ৰুজু হোৱা MLD PS NO-- 84/25 UG 79 BNS R/W SEC. 67(a) IT Act ধাৰাৰ অধীনত গোচ ৰুজু কৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে মঙলদৈ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ইছমাইল হোছেইনক ।
কাৰাগাৰলৈ প্ৰেৰণৰ সময়ত সাংবাদিকৰ আগত হোছেইনে কয়, "মই কোনো অপৰাধ কৰা নাই, আৰক্ষীক সহযোগ কৰিছো । মহিলাগৰাকীয়েহে মোক সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে । ইয়াৰ ক্ষেত্ৰত আইনে যি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আইনৰ কথা ।"