ETV Bharat / state

কীটনাশক অবিহনেই চাহখেতি অনিষ্টকাৰী পোক-পতংগ খেদাব পাৰিব এতিয়া

কীটনাশক দৰৱ ব্যৱহাৰ নকৰাকৈ চাহ বাগিচাৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাইছে টোকলাই চাহ গৱেষণা কেন্দ্ৰই ।

Tocklai Tea Research Institute
জৈৱিকভাৱে অনিষ্টকাৰী পতংক নিয়ন্ত্ৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 8, 2024 at 4:45 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: চাহ খেতিত শেহতীয়াকৈ বৃদ্ধি পাইছে অনিষ্টকাৰী কীট-পতংগ । যাৰ ফলত চাহৰ উৎপাদন ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে । এনে পৰিস্থিতিত চাহ বাগিচাত অনিষ্টকাৰী কীট-পতংগৰ পৰা ৰক্ষা পাবলৈ সচৰাচৰ মাত্ৰাধিক কীটনাশক দৰৱ প্ৰয়োগ কৰিবলগীয়া হয় । কীটনাশক দৰৱৰ মাত্ৰাধিক প্ৰয়োগৰ বাবেই চাহৰ গুণগত মান হ্ৰাস পাইছে । ফলস্বৰূপে অসম তথা ভাৰতৰ চাহে বিশ্ব বজাৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । মাত্ৰাধিক কীটনাশকৰ প্ৰয়োগে জৈৱ বৈচিত্ৰৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । যাৰ বাবে শেহতীয়াকৈ জৈৱিক চাহ উৎপাদন, জৈৱিকভাবে চাহৰ ৰোগ নিৰাময়, কীট-পতংগ নিয়ন্ত্ৰণৰ চিন্তা কৰাৰ লগতে ব্যৱস্থাসমূহ প্ৰয়োগ কৰা হৈছে ।

টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ সফলতা

তাৰ মাজতে আহিছে এক ভাল খবৰ । শেহতীয়াকৈ যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীয়ে দুবছৰীয়া অধ্যয়ন আৰু গবেষণাৰ অন্তত দুটা উপকাৰী পতংগ চিনাক্ত কৰি বিজ্ঞানাগাৰত ইয়াৰ বংশবৃদ্ধি কৰি প্ৰায়োগিক কৰ্ম সম্পাদন কৰি ফলপ্ৰসূ বাৰ্তা লাভ কৰিছে । এই দুই উপকাৰী পতংগ ইতিমধ্যে কেইবাখনো চাহ বাগিচাত প্ৰয়োগ কৰিছে আৰু এই দুয়োটা পতংগই অনিষ্টকাৰী পতংগবোৰ ভক্ষণ কৰাও পৰিলক্ষিত হৈছে ।

জৈৱিকভাৱে অনিষ্টকাৰী পতংক নিয়ন্ত্ৰণ (ETV Bharat)

লগতে জৈৱিকভাৱে ইয়াক নিয়ন্ত্ৰণ কৰিব যে পাৰি তাৰ ইতিবাচক ফলাফল লাভ কৰিছে । কেৱল চাহ খেতিতে নহয় কুঁহিয়াৰ, মটৰ, কপাহ, ইলাচী, বাদাম জাতীয় শস্য আদিৰ খেতিটো অনিষ্টকাৰী পতংগক জৈৱিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি বুলি গৱেষণাত নিশ্চিত হৈছে ।

বৰ্তমানো ইয়াৰ গৱেষণা চলি আছে আৰু ইয়াৰ অধিক সফলতা আৰু সুফল আগন্তুক সময়ত লাভ কৰিব বুলি আশাবাদী গৱেষণা কেন্দ্ৰটোৰ বিজ্ঞানীসকল । তাৎপৰ্যপূৰ্ণ যে পতংগৰ জৰিয়তে অন্য অনিষ্টকাৰী পতংগক ধ্বংস কৰি চাহ বাগিচাখনক ৰক্ষা কৰা লগতে চাহত কীটনাশক প্ৰয়োগ হ্ৰাস কৰিব পৰা এই উদ্ভাৱনে টোকলাই চাহ গৱেষণাগাৰক আৰু এখোজ আগবঢ়াই দিলে গৱেষণা ক্ষেত্ৰত ।

যোৰহাট টোকলাই চাহ গৱেষণাগাৰৰ বিজ্ঞানীসকলে এই যুগান্তকাৰী পদক্ষেপে চাহৰ উৎপাদন বৃদ্ধি কৰা লগতে বিশ্ব দৰবাৰত চাহৰ গুণাগুণৰ সোণালী ইতিহাস পুনৰ ঘূৰাই আনিব বুলিও আশা কৰিছে ।

লগতে পঢ়ক :আম্লিকতা বৃদ্ধিয়ে চাহৰ গুণাগুণ হ্ৰাস কৰিছে: ভূমি বিজ্ঞানী ড৹ জিণ্টু দত্ত