বিদ্যালয়ক গ্ৰেডিং পদ্ধতি প্ৰদান সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্রীয়ে ? - School Quality Assessment
Development of the School Quality Assessment: বিদ্যালয় শিক্ষাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোই অনাগত দিনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । প্ৰাথমিক পৰ্যায়ত অদৃশ্য ছাত্ৰ-ছাত্ৰী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ পিছত এতিয়ালৈ মুঠ ১,২৭,০০০ ছাত্ৰ-ছাত্ৰীৰ সংখ্য হ্ৰাস পোৱাৰ বিপৰীতে 'ক' শ্ৰেণী বা প্ৰাক-প্ৰাথমিকৰ বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ সংখ্যা ।

Published : September 11, 2024 at 7:20 AM IST
গুৱাহাটী, ১১ ছেপ্টেম্বৰ : "অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মান উন্নীতকৰণ তথা ইয়াৰ সামগ্ৰিক বিকাশৰ বাবে অহৰহ কাম কৰি আহিছে । শিক্ষা বিভাগে এতিয়ালৈ ৭,৫০০ গৰাকী গণিত আৰু বিজ্ঞান শিক্ষকক ৰাজ্যখনৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ জৰিয়তে আৱাসিক প্ৰশিক্ষণ দি আহিছে ।" এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ । বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশৰ পৰামৰ্শমূলক সভাত এইদৰে মন্তব্য় কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
উচ্চ শিক্ষাৰ মান নিৰূপণ কৰাৰ বাবে মহাবিদ্যালয়সমূহক নাকৰ জৰিয়তে মূল্যায়ন কৰি অহাৰ দৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ স্বাৰ্থত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ উদ্যোগত মঙলবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয় মানক কৰ্তৃপক্ষৰ (SSSA) বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ (SQAAF) বিকাশৰ ওপৰত এখন পৰামৰ্শমূলক সভা অনুষ্ঠিত হয় ।
- চাহ বাগিছা এলেকাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে :
উক্ত সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে নিৰন্তৰভাৱে শিক্ষকসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি যাব । প্ৰাথমিক পৰ্যায়ত অদৃশ্য ছাত্ৰ-ছাত্ৰী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ পিচত এতিয়ালৈ মুঠ ১,২৭,০০০ ছাত্ৰ-ছাত্ৰীৰ সংখ্য হ্ৰাস পোৱাৰ বিপৰীতে 'ক' শ্ৰেণী বা প্ৰাক-প্ৰাথমিকৰ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে আৰু উচ্চতৰ মাধ্যমিক আৰু চাহ বাগিছা এলেকাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উল্লেখনীয়ভাৱে বাঢ়িছে ।"
- নিয়মীয়া শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ সমন্বয়ৰ প্ৰয়োজন :
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "নতুন শিক্ষা নীতি-২০২০ৰ আৰ্হিত আৰু সময়ৰ আহ্বান মৰ্মে বিদ্যালয় বা মহাবিদ্যালয়ত নিয়মীয়া শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ সমন্বয়ৰ এক সময় আহি পৰিছে । সেয়ে এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখি ছাত্ৰ-ছাত্ৰীসকলক কৰ্মযোগী কৰি তোলাত শিক্ষা বিভাগে বিভিন্ন উল্লেখনীয় পদক্ষেপ আহি থকা দিনসমূহত গ্ৰহণ কৰিব । এই কৰ্মশালাত অনাগত দিনত বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ লগতে বিদ্যালয়সমূহক গ্ৰেডিং পদ্ধতি প্ৰদানৰ এক চিন্তা-চৰ্চা আৰম্ভ কৰা হৈছে ।"
উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি শিক্ষাখণ্ডৰ গুণগত মান বৃদ্ধিৰ বাবে অসমৰ ভৌগোলিক, আন্তঃগাঁথনিগত আৰু আৰ্থ-সামাজিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামো অনুকূল কৰি তোলা হ’ব । উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য অধ্যাপক ড৹ ননীগোপাল মহন্ত, বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী, এছ চি আৰ টিৰ সঞ্চালিকা ড৹ নিৰদা দেৱীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।

