শীৰ্ঘেই পুনৰ আৰম্ভ হ'ব যোৰহাট মাজুলী দলং নিৰ্মাণৰ কাম
যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হ'ব ? এতিয়া মাজুলীবাসীৰ বাবে আশ্বাসেই হৈছে সম্বল ।

Published : November 18, 2024 at 1:07 PM IST
মাজুলী : মাজুলীৰ ৰাইজৰ সপোন যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য হঠাতে বন্ধ হৈ পৰাত এই লৈ মাজুলীবাসীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া তথা ক্ষোভ । মাজুলীৰ ৰাইজৰ সপোনৰ দলংখনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ হৈছে ।
যোৱা অক্টোবৰত প্ৰায় এমাহ ধৰি বন্ধ হৈ থকা মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত নতুনকৈ নিবিদা আহ্বান কৰাৰ ইংগিত দিয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । তথাপি আশ্বস্ত হ'ব পৰা নাই মাজুলীৰ জনগণ ।
মাজুলীবাসীৰ মনত সৃষ্টি হোৱা এনে সন্দেহৰ মাজতে লাভ কৰিলে এটা ভাল খবৰ । শীৰ্ঘেই পুনৰ আৰম্ভ হ'ব বহু প্ৰত্যাশিত যোৰহাট মাজুলী দলঙৰ নিৰ্মাণৰ কাম । ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথৰ বিভাগৰ অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে ৰাসোৎসৱৰ তৃতীয় দিনা উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত মন্তব্য় আগবঢ়ায় ।
মুখ্য অভিযন্তাগৰাকীক সাংবাদিকে বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলংখনৰ স্থৱিৰতা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়, "বহু প্ৰত্যাশিত দলংখনৰ নিৰ্মাণ কাৰ্যত যি অচলাৱস্থাৰ সৃষ্টি হৈছে সেয়া অৱসান ঘটাবলৈ প্ৰচেষ্টা চলাই থকা হৈছে । আমি অতি সোনকালে দলংখনৰ কাম আৰম্ভ কৰিবলৈ গৈ আছো । পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিৰ্দেশনা আহিলেই আমি পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব পাৰিম ।"
ইফালে, উত্তৰ প্ৰদেশৰ ষ্টেট ব্ৰীজ কৰ্প'ৰেছনেও কাম এৰিলে বুলি এক চৰ্চা চলি থকাৰ সন্দৰ্ভত মুখ্য অভিযন্তাগৰাকীয়ে কয়, "ইউপি ষ্টেট ব্ৰীজ কৰ্প'ৰেছন মূল ঠিকাদাৰী প্ৰতিষ্ঠান । মূল প্ৰতিষ্ঠানক আঁতৰাই পঠিয়ালে প্ৰক্ৰিয়া দীঘলীয়া হ'ব । গতিকে মূল প্ৰতিষ্ঠানৰ সলনি নহয় । মূল দলং নিৰ্মাণ প্ৰতিষ্ঠানে অন্য নতুন প্ৰতিষ্ঠানক উপ-ঠিকা দি দলঙৰ কাম আৰম্ভ কৰিব ।’’
‘‘দলংখনৰ দুই নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেছন আৰু বি আৰ চি কোম্পানীৰ মাজৰ সংঘাতৰ পৰিণতিত ছেপ্টেম্বৰৰ পৰা কাম বন্ধ হৈ দলং নিৰ্মাণস্থলীত নিমাওমাও পৰিৱেশে বিৰাজ কৰাৰ আজি প্ৰায় দুমাহতকৈ অধিক দিন অতিক্ৰম কৰিলে । তেতিয়া মূল নিৰ্মাণকাৰী সংস্থায়ো দলঙৰ কাম এৰা বুলি ওলোৱা কথাই বিষয়টোক আৰু চিন্তিত কৰি তুলিছিল ।’’ তেওঁ কয় ৷

