বিদেশী শিল্পীৰ হাতৰ পৰশত বটদ্ৰৱা প্ৰকল্পক বিশ্বত উজলাই তোলাৰ লক্ষ্য - Batadrava Satra Project
Batadrava Project : সম্পূৰ্ণ হোৱাৰ পথত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ অভিলাষী প্রকল্প । চলিত বৰ্ষতে দৰ্শনাৰ্থীৰ বাবে মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা বহু প্ৰত্যাশিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প । প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মীয়মাণ বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামো সম্পূৰ্ণ হোৱাৰ পথত । আনকি বিদেশৰ শিল্পীৰ হাতৰ পৰশেৰে উজলিব ধর্মীয় পৰ্যটনৰ অন্যতম কেন্দ্র বটদ্ৰৱা প্ৰকল্প । প্ৰকল্পটোৰ নিৰ্মাণৰ সম্পূৰ্ণ তদাৰক কৰি গৈছে সাংস্কৃতিক মন্ত্ৰীৰ লগতে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Published : July 31, 2024 at 7:18 PM IST
নগাঁও, ৩১ জুলাই : ভক্তিৰস আৰু কৃষ্ণ মাহাত্ম্য তথা শাস্ত্ৰ জ্ঞানৰ জ্যোতিৰে সমাজক জাতিষ্কাৰ কৰি যোৱা প্ৰবাদ পুৰুষ হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ । এইগৰাকী মহাপুৰুষৰ জন্মস্থান বটদ্ৰৱাক বিশ্ব পর্যায়ত উজলাই তোলা আৰু ধর্মীয় পৰ্যটনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰি থকা অভিলাষী প্রকল্পটোৱেই হৈছে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প ।
কি পৰ্যায়ত উপনীত হৈছে নিৰ্মীয়মাণ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প
গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ সাৰমৰ্মক সৰোগত কৰি বিশ্বৰ মানৱ সম্প্ৰদায়ক মুক্তিৰ মাৰ্গদৰ্শন কৰোৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত বটদ্ৰৱাত চলি আছে বিশ্বমানৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰটি নিৰ্মাণৰ কাম । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কেইবা একৰ ভূমি সামৰি এক বৃহৎ এলেকাত ৰূপায়ণ হৈ থকা প্রকল্পটোৰ মূল নির্মাণকার্যৰ প্রায় ৮০ শতাংশই সম্পূর্ণ হৈ উঠিছে । প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যক তিনিটা স্তৰত বিভক্ত কৰি দ্ৰুতগতিত চলাই গৈছে নিৰ্মাণৰ কাম ।
ইয়াৰে প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা বুলিও বিভাগীয় এক সূত্ৰই ই টিভি ভাৰত অসমক জানিবলৈ দিয়ে । লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণকাৰ্যও আগন্তুক তিনিমাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলিও সূত্ৰটোৱে জানিবলৈ দিছে । সমান্তৰালকৈ তৃতীয় পৰ্যায়ত হ’বলগীয়া প্ৰকল্পটোৰ সৌন্দৰ্যবৰ্ধনৰ কামো আৰম্ভ হোৱা বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ।
দৰ্শনাৰ্থীৰ বাবে কেতিয়া মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প ?
বিভাগীয় নিয়ম অনুসৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ আগন্তুক বৰ্ষ অৰ্থাৎ ২০২৫ চনৰ এপ্ৰিল মাহলৈকে সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু চলিত বৰ্ষৰ অক্টোবৰ অথবা নৱেম্বৰৰ ভিতৰতেই কাম সম্পূৰ্ণ হোৱাৰ লগতে দৰ্শনাৰ্থীৰ বাবে প্ৰকল্পটো মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে ।
কি কি থাকিব অভিলাষী বটদ্ৰৱা প্ৰকল্পত ?
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাক সাংস্কৃতিক আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ণ কৰি থকা প্রকল্পটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব মণিকূট, খোল, তালকে আদি কৰি গুৰুজনাৰ বহু অপূৰ্ব সৃষ্টিৰাজি । তাৰ উপৰি শব্দ আৰু আলোকৰ প্ৰদৰ্শনী, শিশুসকলৰ বাবে বিশেষ ব্যৱস্থা, সাংগীতিক ফোঁৱাৰা আদিৰ দৰে আনুষংগিক উপাদানসমূহো থাকিব এই প্ৰকল্পত । ইয়াৰ জৰিয়তে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক বৰ্তমান প্ৰজন্মৰ লগতে বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব । অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক তথা আধ্যাত্মিক স্তম্ভ স্বৰূপ বটদ্ৰৱাৰ এই প্ৰকল্পত নিৰ্মাণ কৰি থকা গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি দেৱবাদ্য খোলৰ আৰ্হিত ইটালীৰ শিল্পীৰ হাতৰ পৰশ পৰিব বুলিও জানিব পৰা গৈছে ।
উল্লেখ্য যে পঞ্চদশ শতিকাত উত্তৰ-পূব ভাৰতৰ অসম মূলুকৰ নগাঁও জিলাৰ বটদ্ৰৱাত আৱিৰ্ভাৱ ঘটিছিল মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৷ অন্ধবিশ্বাস, কুসংস্কাৰ, ব্যভিচাৰ দূৰ কৰি বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আধ্যত্মিক, সামাজিক, সাংস্কৃতিকভাৱে একতাৰ ডোলেৰে বৰ অসমত কৃষ্ণ সংস্কৃতিৰ পল্লৱিত ধাৰাৰে সমগ্ৰ বিশ্বৰ বুকুত অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৷

