ETV Bharat / state

কৰ্মৰত অৱস্থাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক : প্ৰতিষ্ঠানৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - labour laws Violation in Tinsukia

Violation of labour laws : কৰ্মৰত অৱস্থাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত অৰুণাচল প্ৰদেশৰ এটা ঠিকা প্ৰতিষ্ঠানৰ এজন শ্ৰমিক ৷ শ্ৰমিকজন ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নিখিল মুড়া বুলি জানিব পৰা গৈছে ৷ ঠিকা প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷ চিকিৎসালয়ত ভৰ্তি শ্ৰমিকজনক ৷

Tinsukia
কৰ্মৰত অৱস্থাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত শ্ৰমিক : প্ৰতিষ্ঠানৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 2, 2024 at 11:39 AM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 2 আগষ্ট : শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ তিনিচুকীয়া জিলাৰ ঐতিহাসিক ডিগবৈ চহৰৰ আদৰণি ফলকৰ সন্মুখৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল আলিৰ মাজৰ খালি থকা অংশত ফ'ৰলেন নিৰ্মাণ কাৰ্যৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠান এটাৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ । অৰুণাচল প্ৰদেশৰ আৰ.কে.ইনফ্ৰা নামৰ ঠিকা প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবে এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় ।

Tinsukia
কৰ্মৰত অৱস্থাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত শ্ৰমিক : প্ৰতিষ্ঠানৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ (ETV Bharat Assam)

জানিব পৰা মতে, ঠিকা প্ৰতিষ্ঠানটোৱে ডিগবৈত ফ'ৰলেনযুক্ত পথ নিৰ্মাণৰ কাম চলাই থকাৰ সময়তে অঘটনটো সংঘটিত হয় । উক্ত স্থানত বৃহৎ পৰিমাণৰ শিলগুটি জমা কৰি কেইবাখনো কংক্ৰিট মিক্সাৰ মেচিন বাহন, জেচিবি লৈ মিক্সাৰ বনাই থকা অৱস্থাতে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ নিখিল মুড়া নামৰ শ্ৰমিকজন দুখন কংক্ৰিত মেচিন থকা বাহনৰ মাজত চেপা খাই আৱদ্ধ হৈ পৰে ।

সৌভাগ্যক্ৰমে শ্ৰমিকজন বুকু অংশৰ পৰিৱৰ্তে ভৰিত চেপা খোৱাত প্ৰাণ ৰক্ষা পৰে । শ্ৰমিকজন তেনেদৰে প্ৰায় এঘণ্টাৰো অধিক সময় আৱদ্ধ হৈ থকাৰ পাচত 750 টনৰ এখন বৃহৎ ক্ৰেনৰ সহায়ৰে কৌশলগত পদ্ধতিৰে শ্ৰমিকজনক উদ্ধাৰ কৰা হয় ।

ঘটনাস্থলীত উপস্থিত সহযোগী কৰ্মচাৰীয়ে তাৎক্ষণিকভাৱে আহত শ্ৰমিকজনক ডিগবৈ এ অ ডি চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ শ্ৰমিকজনে ভৰিত গুৰুতৰভাৱে আঘাত হোৱা বুলি জানিব পৰা গৈছে ।

অসুৰক্ষিতভাৱে শ্ৰমিকসকলক কামত লগোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । বিশেষকৈ সুৰক্ষামূলক কোনো সামগ্ৰী শ্ৰমিকসকলক যোগান ধৰা হোৱা নাই বুলি জানিব পৰা গৈছে । তদুপৰি কাম কৰা ঠাইৰ ওপৰেদি 33000 ভল্ট উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ কেবাডালো গৈছে । ফলত অঘটন সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও ডিগবৈ বিদ্যুৎ বিভাগেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে ।

Tinsukia
কৰ্মৰত অৱস্থাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত শ্ৰমিক : প্ৰতিষ্ঠানৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ (ETV Bharat Assam)

আৰ.কে.ইনফ্ৰাৰ বিষয়া-কৰ্মচাৰীসকলে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক তথ্য দিয়াৰ পৰা বিৰত হৈ থকা দেখা যায় । ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও ডিগবৈৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিয়ে সমগ্ৰ ঘটনাটো গাপ দিবলৈ অহৰহ চেষ্টা কৰা বুলি জানিব পৰা গৈছে । সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্ত কৰিবলৈ দাবী জনাইছে ডিগবৈ আছুয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, আৰ.কে.ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোৱে অবৈধভাৱে ডিগবৈ ৰাম নগৰত চৰকাৰী ভূমি মাফিয়া কায়দাৰে দখল কৰি অহা বুলিও অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: শ্ৰম আইন মোহাৰি 14 বছৰীয়া কিশোৰীক ৰাখিছিল বনকৰা হিচাপে : ৰহস্যজনক মৃত্যুৱেহে লগালে অথন্তৰ - MYSTERIOUS DEATH IN JORHAT

হাজাৰ হাজাৰ অসমৰ শ্ৰমিকক শ্ৰমকাৰ্ড বিচাৰি হাৰাশাস্তি মেঘালয়ত - Labour harassment in Meghalaya