ETV Bharat / state

জুবিন গাৰ্গক বিহপান কৰোৱাই হত্যা ! শেখৰজ্যোতিৰ বিস্ফোৰক স্বীকাৰোক্তি

বিহপান কৰোৱাই জুবিন গাৰ্গক হত্যা কৰিছিল নেকি ? শিল্পীগৰাকীক হত্যাৰ ষড়যন্ত্ৰ কোনে কৰিছিল ? শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি ।

Shekhar jyoti Goswami
শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি (fb@ShekharjyotiGoswami)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 7:33 AM IST

|

Updated : October 4, 2025 at 8:04 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । চি আই ডিৰ জেৰাত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে কিছুমান বিস্ফোৰক স্বীকাৰোক্তি দিয়াৰ কথা গম পোৱা গৈছে । যাৰ দ্বাৰা প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ আঁৰত হত্যাৰ অভিসন্ধি থকাৰ সন্দেহ কৰা হৈছে ।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে দিয়া ৰিমাণ্ড কপিত জুবিন গাৰ্গক বিহপান কৰোৱাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে । ইয়াত উল্লেখ কৰা তথ্য অনুসৰি ঘটনাটোৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই এটা অভিসন্ধি ৰচনা কৰা হৈছিল বুলি জানিব পৰা গৈছে । এই অভিসন্ধি অনুসৰি জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাজনিত মৃত্যু হিচাপে প্ৰমাণ কৰাৰ চেষ্টা চলোৱা হৈছিল ।

ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে ৷ সেই বাতৰিৰ আলমতে, ইটিভি ভাৰত, অসমেও জুবিন গাৰ্গৰ এই বাতৰি প্ৰকাশ কৰিছে ৷

আনহাতে, ছিংগাপুৰ পেন পেচিফিক নামৰ হোটেলখনৰ ৩০১০ নম্বৰ কোঠাতে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা একেলগে আছিল । হোটেলৰ কোঠাটোত সেইদিনা সিদ্ধাৰ্থ শৰ্মাৰ আচৰণ অলপ সন্দেহজনক আছিল বুলি শেখৰজ্যোতি গোস্বামীয়ে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ।

শেখৰজ্যোতি গোস্বামীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মাই প্ৰৱাসী ভাৰতীয় তথা ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ সদস্য তন্ময় ফুকনক য়ট পাৰ্টীৰ বাবে কোনো পানীয়ৰ (সুৰা) ব্যৱস্থা নকৰিবলৈ কৈছিল । ইয়াৰ ব্যৱস্থা তেওঁ নিজেই কৰাৰ দায়িত্ব লৈছিল । য়টত উঠি যাত্ৰা কৰাৰ সময়ত মাজ সাগৰত সিদ্ধাৰ্থ শৰ্মাই নাৱিকজনক বলপূৰ্বকভাৱে আঁতৰাই য়টখন চলাবলৈ লৈছিল । ইয়াৰ ফলত য়টখন টুলুং ভুটুং কৰিছিল আৰু তাত থকা লোকসকল শংকিত হৈ পৰিছিল ।

আনহাতে লাইফ জেকেট অবিহনে সাগৰৰ পানীত সাঁতুৰি থকা জুবিন গাৰ্গে ভাগৰি পৰি যেতিয়া পানীত ডুবাৰ উপক্ৰম হৈছিল আৰু উশাহ ল'বলৈ আপ্ৰাণ চেষ্টা কৰিছিল তেতিয়া সিদ্ধাৰ্থ শৰ্মাই "যাব দে, যাব দে" বুলি চিঞৰি ঘটনাৰ গুৰুত্ব হ্ৰাস কৰিছিল । সিদ্ধাৰ্থ শৰ্মাৰ কথাতেই সকলোৱে সেয়া তেনেই সাধাৰণ ঘটনা বুলি ধৰি লৈছিল ।

শেখৰজ্যোতি গোস্বামীৰ মতে, জুবিন গাৰ্গে ভালকৈ সাঁতুৰিব জানিছিল । জুবিন গাৰ্গেই সিদ্ধাৰ্থ আৰু শেখৰক সাঁতুৰিবলৈ শিকাইছিল । সেয়ে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হ'ব নোৱাৰে ।

শেখৰজ্যোতি গোস্বামীয়ে অভিযোগ কৰা মতে, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গক বিহপান কৰোৱাইছিল আৰু তেওঁলোকৰ অভিসন্ধি লুকুৱাবলৈ বিদেশৰ ঠাই(ছিংগাপুৰ) নিৰ্বাচন কৰিছিল ৷ অৰ্থাৎ উদ্দেশ্যপ্ৰণোদিতভাৱে জুবিন গাৰ্গক তেওঁলোকে বিদেশলৈ লৈ গৈছিল । ঘটনাৰ পাছত সিদ্ধাৰ্থই য়টৰ কোনো ভিডিঅ' কাৰো সৈতে শ্বেয়াৰ নকৰিবলৈও সকীয়াই দিছিল ।

আনহাতে জুবিন গাৰ্গৰ নাক আৰু মুখেৰে যেতিয়া ফেন ওলাইছিল সিদ্ধাৰ্থই সেয়া এচিডিটিৰ বাবে হৈছে আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছিল । ইয়াৰ ফলত মুমূৰ্ষু জুবিন গাৰ্গক চিকিৎসা প্ৰদানত পলম হৈছিল । জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা অমৃতপ্ৰভা মহন্ত আৰু নিশিতা গোস্বামীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰত জুবিন গাৰ্গক পানীয় আৰু অসৎ সংগৰো যোগান ধৰিছিল ।

লগতে পঢ়ক :ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগৰ ওপৰত জুবিনৰ মৃত্যুৰ তদন্তৰ ভাৰ

Last Updated : October 4, 2025 at 8:04 AM IST