ETV Bharat / state

গোলাঘাটত শূন্য কংগ্ৰেছ, ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন - Congress workers join in BJP

Congress workers join in BJP : গোলাঘাট কংগ্ৰেছত মোক্ষম আঘাত ৷ ১৬৭ গৰাকী কংগ্ৰেছ নেতা, কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷

Congress workers join in BJP
গোলাঘাটত শূন্য কংগ্ৰেছ, ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন
author img

By ETV Bharat Assamese Team

Published : March 29, 2024 at 10:01 PM IST

2 Min Read
Choose ETV Bharat
গোলাঘাটত শূন্য কংগ্ৰেছ, ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন

গোলাঘাট, 29 মাৰ্চ : "প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও আহিব দললৈ । চাব , এতিয়া নিৰ্বাচনৰ সময়ত সময়ত বহু কংগ্ৰেছ নেতাৰ বেমাৰ হ'ব । অনেক ফুৰিবলৈ যাব । অনেকে ঘৰত বহি দিব । গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিজনেও কথা পাতি আছে ।" এই মন্তব্য প্ৰকাশ কৰে বিধায়ক বিশ্বজিৎ ফুকনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহৰ ঢৌত কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ শুকুৰবাৰে গোলাঘাট কংগ্ৰেছশূন্য কৰি যুৱ কংগ্ৰেছ, জিলা কংগ্ৰেছৰ নেতা-পালিনেতাৰ গেৰুৱা দললৈ সোঁত বয় । গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত জিলা সভাপতি দেৱপ্ৰদীপ বৰাৰ সভাপতিত্বত আৰু দলৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাসে আঁত ধৰা যোগদান কাৰ্যসূচীত ১৬৭ গৰাকী কংগ্ৰেছ নেতা, কৰ্মীক দললৈ আদৰণি জনাই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ ঘনিষ্ঠ দাদু টায়েসহ বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পাচত আজি বিজেপি গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত বিশাল যোগদান কাৰ্যসূচীত গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱব্ৰত ফুকন, গোলাঘাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰা আৰু মাধৱ বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য দীপেন বৰুৱা, এন, এছ,ইউ,আইৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি অংকুৰজ্যোতি হাতীবৰুৱা, মহিলা কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ জেচমিন জাহানে বিজেপিত যোগদান কৰে ৷

ইয়াৰোপৰি, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় দেৱজিৎ কলিতা, অনামিকা হাতীবৰুৱা, সেৱা দলৰ টাউন ব্লকৰ চেয়াৰমেন মোস্তাক আলী, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় মানস প্ৰতীম সন্দিকৈ, পাৰ্থপ্ৰতীম সন্দিকৈ , গোলাঘাট জিলা কংগ্ৰেছৰ সদস্য বিমান হাতীবৰুৱা, সেৱা দলৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ মজুমদাৰ, গোলাঘাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোপাল দাস, কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি বিনু ভাৰ্গিছ, বাবুল কায়স্থ আদি ডেৰ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধে ।

লগতে পঢ়ক: ৬ এপ্ৰিলত লখিমপুৰলৈ আহিব গৃহমন্ত্ৰী, তৎপৰ ৰাজ্যিক বিজেপি - Lok Sabha Election 2024