লখিমপুৰ: কংগ্রেছৰ মুখপাত্র ৰীতম সিঙক চৈধ্য দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে লখিমপুৰৰ জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতে । লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ পত্নীয়ে লখিমপুৰ সদৰ থানাত তৰা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ আৰক্ষীয়ে শনিবাৰে ৰীতম সিঙক আটক কৰাৰ পাছত দেওবাৰে গ্ৰেপ্তাৰ কৰি সন্ধিয়া আদালতত হাজিৰ কৰে । আদালতে দেওবাৰে তেওঁক এদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু সোমবাৰে পুনৰ তেওঁক আদালতত হাজিৰ কৰোৱাৰ হুকুম দিয়ে ।
সেইমৰ্মে সোমবাৰে আৰক্ষীয়ে ৰীতম সিঙক জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰে । তেওঁক হাজিৰ কৰোৱাৰ সময়ত তেওঁৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল । বিপৰীতে চৰকাৰী অধিবক্তাই জামিনৰ বিৰোধিতা কৰি আদালতত সৱল যুক্তি উত্থাপন কৰে । ফলত আদালতে ৰীতমৰ জামিন নাকচ কৰে ।
ইফালে আৰক্ষীয়ে তেওঁক পাঁচ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেয়াও নাকচ কৰি তেওঁক চৈধ্য দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । চৈধ্য দিনৰ পাছত ৰীতম সিঙক পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে আদালতে । উল্লেখ্য লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ পৰিয়ালক সাঙুৰি ৰীতম সিঙে কৰা এক টুইটক কেন্দ্র কৰি বিধায়ক পত্নীয়ে লখিমপুৰ সদৰ থানাত ৰীতম সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এজাহাৰ মৰ্মে লখিমপুৰ সদৰ থানাত ৰীতম সিঙৰ বিৰুদ্ধে ৯১/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হয় ।
এই গোচৰটোত আৰক্ষীয়ে ৰীতম সিঙক গ্ৰেপ্তাৰ কৰে । সিঙৰ অধিবক্তা উত্তম ফুকনে কয়, "সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে যেনেদৰে গ্ৰেপ্তাৰ কৰিছিল সেইয়া নিয়মৰ বাহিৰত হোৱা বুলি অনুভৱ কৰিছো । তেওঁক দেওবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত জামিন আবেদন দাখিল কৰিছিলো যদিও আদালতে নাকচ কৰে । আনহাতে আৰক্ষীয়েও তেওঁক জিম্মাত বিচাৰিছিল যদিও আমি সৱল যুক্তি দৰ্শাই সেইয়া নাকচ কৰিবলৈ সক্ষম হও । আজিও ৰীতম সিঙৰ হৈ জামিন আবেদন দাখিল কৰিছিলো যদিও আদালতে সেইয়া নাকচ কৰি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আমি পৰৱৰ্তী সময়ত পুনৰ তেওঁৰ জামিনৰ বাবে আবেদন দাখিল কৰিম ।"