ETV Bharat / state

পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ দাবী ভূপেন বৰাৰ - PAHALGAM TERRORIST ATTACK

পহলগামকাণ্ডক লৈ ক্ষোভত জ্বলিছে দেশ । চৰকাৰক সহযোগ কৰিবলৈ আগুৱাই আহিছে বিৰোধী দলৰ নেতা ।

CONGRESS PANCHAYAT POLLS CAMPAIGN
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 7:32 PM IST

2 Min Read

যোৰহাট : পহলগামৰ ঘটনাক কংগ্ৰেছে নিন্দা কৰাৰ সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৰিলে তীব্ৰ সমালোচনা । প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰ্বদলীয় বৈঠক বৰ্জন কৰাক লৈ এইবাৰ সৰৱ হৈছে প্ৰদেশ কংগ্ৰেছ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

সমাগত পঞ্চায়ত নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক আৰু বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । আজি কংগ্ৰেছৰ দুৰ্গ ৰূপে খ্যাত আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰে লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । যোৰহাট আৰু তিতাবৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দলৰ প্ৰাৰ্থীসকলৰ সপক্ষে জনাদেশ দিবলৈ ভোটাৰ ৰাইজ প্ৰতি আহ্বান জনায় ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাশ্মীৰত সংঘটিত ঘটনা সন্দৰ্ভত কয়, "পহলগামৰ ঘটনাক কংগ্ৰেছে নিন্দা কৰিছে আৰু পাকিস্তানক ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিব লাগে । কাৰণ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে আৰু পহলগামৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰীগৰাকী যি ভূমিকা হ'ব লাগিছিল তেনেধৰণৰ ভূমিকা দেখা নাই ।"

সভাপতি বৰাই লগতে কয়, "প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰ্বদলীয় বৈঠক বৰ্জনে ৰাইজৰ মাজলৈ সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ কঢ়িয়াই নিছে । আমি বিচাৰো ভাৰত চৰকাৰে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে আৰু ভাষণ দি থাকিলে ন'হব, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানক দিব লাগে ।"

CONGRESS PANCHAYAT POLLS CAMPAIGN
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

"সন্ত্ৰাসবাদ সমুলঞ্চে নিৰ্মূল কৰিব লাগেযাতে ভাৰতত দ্বিতীয়বাৰ এনে ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে বা কৰিব নোৱাৰে । তাৰ বাবে ভাৰত চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন হৈ পৰিছে আৰু কংগ্ৰেছ দলে ইয়াৰ সম্পূৰ্ণ সহযোগিতা কৰি যাব ।" বৰাই কয় ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰসংগ দাঙি ধৰি সভাপতি ভূপেন বৰাই কয়, "হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া ডাঙৰ সমস্যাটোৱে হ'ল গৌৰৱ গগৈ । প্ৰকাৰন্তে গৌৰৱ গগৈৰ প্ৰসংগ টানি আনি ৰাইজক তেওঁলোকৰ মৌলিক সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছে । কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছ্য়ু সলনি কৰাত পাকৈত । সেয়েহে ৰাইজে পঞ্চায়ত নিৰ্বাচনত বিজেপিক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব ।"

লগতে পঢ়ক:পহলগাম আক্ৰমণত আহতসকলৰ কাষত কংগ্ৰেছ নেতা ৰাহুল গান্ধী - PAHALGAM ATTACK

পহলগামকাণ্ডক লৈ জ্বলিছে দেশ: পাকিস্তানক উচিত শাস্তি বিহাৰ দাবীত ৰাজ্যত প্ৰতিবাদ - PAHALGAM TERRORIST ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.