১৩ মে'ত পুনৰ ৫০০ কোটি টকাৰ ঋণ : হিমন্ত বিশ্ব শর্মা চৰকাৰক ‘ধৰুৱা চৰকাৰ’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ
ঋণ লৈ অভিলেখ গঢ়িবলৈ যেন সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । কংগ্ৰেছৰ সমালোচনা ।

Published : May 11, 2025 at 5:25 PM IST
গুৱাহাটী: বিৰামহীনভাৱে ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে । যেন ঋণ নল'লে নচলা হৈছে ৰাজ্য । যাৰ বাবে ৰাজ্য চৰকাৰখনে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'বলৈ বাধ্য হৈছে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা ৬ মে'ত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত এতিয়া পুনৰ ১৩ মে'ত ৫০০ কোটি টকাৰ ঋণ ল'ব ।
ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে এই ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । সেই অনুসৰি পোন্ধৰ বছৰৰ বাবে গভর্নমেন্ট ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে ৰাজ্য চৰকাৰখনে এই ঋণ গ্ৰহণ কৰিব । লক্ষণীয় বিষয় যে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰখনে প্ৰতিমাহে ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
এনেদৰে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ পৰিমাণ ইতিমধ্যে প্ৰায় ১ লাখ ৫৭ হাজাৰ কোটি টকাৰো অধিক হৈছে । বিৰোধী দলবোৰে ৰাজ্য চৰকাৰখনে ঋণ লোৱা কাৰ্যক সমালোচনা কৰি আহিছে যদিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুঠেই গুৰুত্ব দিয়া নাই । বৰং চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় ৩৫ হাজাৰ কোটি টকা ঋণ লোৱা হ'ব বুলিহে ঘোষণা কৰিছে ।
ইফালে এনেদৰে ঋণ লোৱাৰ ফলত ৰাজ্যৰ ৰাজকোষৰ পৰা সুদৰ নামত বৃহৎ অংকৰ ধন প্ৰতিমাহে ওলাই গৈছে । যোৱা আঠ বছৰত ৰাজ্যখনে সুদৰ বাবত ভৰিবলগীয়া হৈছে প্ৰায় ৪২ হাজাৰ কোটি টকা । প্ৰতিবছৰে সুদৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত আনকি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰখনে ভৰিবলগীয়া হৈছিল সর্বাধিক ৮৮১৫ কোটি টকাৰ সুদ ।
ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো মুখ্যমন্ত্ৰীকে পিছ পেলাইছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যাৰ ফলত এতিয়া ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰ 'ধৰুৱা চৰকাৰ' আখ্যা কংগ্ৰেছৰ:
পাঁচ বছৰীয়া কাৰ্যকালৰ চাৰি বছৰ সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক ‘ধৰুৱা চৰকাৰ’ আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে । বিগত চাৰি বছৰীয়া কার্যকালত এইখন চৰকাৰে সৰ্বকালৰ সৰ্বাধিক পৰিমাণৰ ঋণ লৈ অভিলেখ গঢ়িছে । ইয়াৰ জৰিয়তে অসমবাসীৰ ওপৰত জাপি দিছে জনমূৰি ৩৪ হেজাৰ টকাৰ ঋণ ।
এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে এক বিবৃতিযোগে কয়, "বিগত চাৰিটা বছৰত এইখন চৰকাৰে ১ লাখ ২৬ হেজাৰ ২০২ কোটি টকাৰো অধিক ঋণ লৈছে । ইয়াৰে ২০২১-২২ বৰ্ষত ১৭,১৪৮.৪১ কোটি টকা, ২০২২-২৩ বৰ্ষত ৩০,৫১০.৮০ কোটি টকা, ২০২৩-২৪ বৰ্ষত ৪৬,৯৯৪.০৫ কোটি টকা, ২০২৪-২৫ বৰ্ষত প্ৰায় ৩১,৫৪৯.০৫ কোটি টকাৰ ঋণ লৈছে । এই বিত্তীয় বৰ্ষৰ এপ্ৰিল আৰু মে' মাহত লোৱা অতিৰিক্ত ২ হাজাৰ কোটিৰ অধিক ঋণৰ হিচাপ বাদেই দিছো ।"

তেওঁ লগতে কয়, "যদি আমি ৪ বছৰীয়া কাৰ্যকাল দিনৰ হিচাপত ধৰো তেন্তে হয়গৈ ১৪৬০ দিন । অৰ্থাৎ এই হিচাপত মুখ্যমন্ত্ৰীয়ে যোৱা ৪ বছৰত প্ৰতিদিনে গড়ে ঋণ ল'লে প্ৰায় ৮৬ কোটি টকাকৈ । দক্ষ মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়া হিমন্ত বিশ্ব শৰ্মাই মাথো ৪ বছৰতেই ইমান ঋণ লৈছে যে সেই ঋণৰ বোজা অসমৰ প্ৰতিজন ব্যক্তিৰ মূৰৰ ওপৰত জনমূৰি ঋণ হিচাপে জাপি দিছে প্ৰায় ৩৪ হাজাৰ টকা। এইয়ে তেখেতৰ দক্ষতা নেকি ।"
ইয়াৰোপৰি জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে কয়, "স্বাধীনতাৰ পাছত ২০১৬ চনৰ লৈকে ৬৯ বছৰত সৰ্বমুঠ ঋণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা । সোণোৱাল চৰকাৰৰ ৫ বছৰত মুঠ ঋণৰ পৰিমাণ হৈছিল প্ৰায় ৪৭,৭৪৫ কোটি টকা । আনহাতে ৰিজাৰ্ভ বেংকৰ আন এক তথ্য অনুসৰি বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত ৰাজ্যখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণ প্ৰায় ১,৭৮,০০০ কোটি টকালৈ বৃদ্ধি হৈছে় । এই হিচাপত বৰ্তমান সৰ্বমুঠ ঋণৰ পৰিৱৰ্তে অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰৰ ওপৰত জনমুৰি ঋণৰ বোজা হৈছেগৈ প্ৰায় ৪৮ হাজাৰ টকাৰ অলপ বেছি । অসম চৰকাৰৰ সমুদায় ঋণৰ ভিতৰত বজাৰ ঋণৰ পৰিমাণ অধিক ।"
কোঁৱৰে লগতে কয়, "শতাংশৰ হিচাপত প্ৰায় ৬৩.৮২ শতাংশ । এনে ঋণৰ সূতৰ হাৰো অধিক । আগন্তুক কেইবাখনো চৰকাৰে এই বোজা বহন কৰিব লাগিব । ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসম চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি হৈছে প্ৰায় ১০১ শতাংশ । ই অসমৰ অৰ্থনীতিত অভূতপূৰ্ব । অহা এবছৰত ঋণৰ পৰিমাণৰ লগতে জনমুৰি ঋণৰ পৰিমাণ আৰু অধিক হোৱাৰ আশংকা আছে । এইসমূহ তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ অৰ্থনীতিক চাৰি বছৰত সম্পূৰ্ণৰূপে ঋণসৰ্বস্ব অৰ্থনীতিলৈ পৰ্যবেশিত কৰিলে ।"

