ETV Bharat / state

ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কংগ্ৰেছৰ

গণশিল্পী ৰাজীৱ শদিয়াৰ টুপচিঙাস্থিত বাসগৃহত ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছৰ দল উপস্থিত ।

APCC on Rajib Sadiya death
ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কংগ্ৰেছৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 8:21 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : গণশিল্পী ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই যদিও বিভিন্ন মহলত তেওঁক লৈ চৰ্চা অব্যাহত আছে । সামাজিক মাধ্যমতো ৰাজীৱ শদিয়াৰ গীতক লৈ চৰ্চা অব্যাহত আছে । ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতি কামনাৰে বহুতে ঠায়ে ঠায়ে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । ৰাজনৈতিক মহলতো ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতিক্ৰিয়া চলিছে । তাৰ মাজতে বুধবাৰে প্ৰয়াত ৰাজীৱ শদিয়াৰ টুপচিঙাস্থিত বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা প্ৰতিনিধি দল ৷

ৰাজীৱ শদিয়াৰ বাসগৃহত কংগ্ৰেছৰ প্ৰতিনিধি দল

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ দলটোৱে প্ৰয়াত শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷ প্ৰতিনিধি দলটোত প্ৰাক্তন বিধায়কদ্বয় এটুৱা মুণ্ডা, দূৰ্গা ভূমিজ আৰু দলীয় কৰ্মকৰ্তাসকলো উপস্থিত থাকে ৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালক দুই লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ চেক প্ৰদান কৰাৰ পাছতে প্ৰয়াত শিল্পীগৰাকীৰ কৰ্মৰাজীক শ্ৰদ্ধাৰে সোঁৱৰে আৰু বহুতে একেলগে কৰিব নোৱৰা কাম ৰাজীৱ শদিয়াই অকলে গীতৰ জৰিয়তে কৰিছিল বুলিও মন্তব্য কৰে সভাপতি ভূপেন কুমাৰ বৰাই ।

ৰাজীৱ শদিয়াৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কংগ্ৰেছৰ (ETV Bharat)

সভাপতিগৰাকীয়ে কয়, "ৰাজীৱ শদিয়াই গীতৰ জৰিয়তে অসমীয়া জাতিৰ অশনি সংকেতক বলিষ্ঠভাৱে প্ৰকাশ কৰিছিল । হয়টো মুকলিকৈ জাতিৰ পক্ষত থাকি গীত গোৱাৰ বাবেই বহুক্ষেত্ৰত তেওঁ বাধাৰ সন্মুখীন হৈছিল । পৰিয়ালটো ষড়যন্ত্ৰৰ বলি হৈছে । আমি পৰিয়ালটোৰ সৈতে সদায় কাষত থাকিম ।"

উল্লেখ্য যে ১২ জানুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল জনতাৰ শিল্পী ৰাজীৱ শদিয়া ৷ মঞ্চত দুটা গীত পৰিৱেশন কৰাৰ পাছতে হঠাৎ শিল্পীগৰাকী অসুস্থ হৈ পৰে । পৰৱৰ্তী সময়ত ততাতৈয়াকৈ উদ্যোক্তা তথা সতীৰ্থসকলে ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যায় যদিও পিছত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় শিল্পীগৰাকীক । কিন্তু দুৰ্ভাগ্যবশতঃ ১৩ জানুৱাৰীত শিল্পীগৰাকীৰ মৃত্যু হয় । চিকিৎসকৰ মতে ৰাজীৱ শদিয়াৰ ৰক্ত চাপজনিত সমস্যা আছিল ।

লগতে পঢ়ক :বাজেটত ধাৰ্য কৰা পুঁজিৰ হিচাপ-নিকাজ লৈ সৰৱ প্ৰাক্তন সাংসদ ৰিপুণ বৰা - RIPUN BORA CRITICISED BJP