চৰকাৰ ইমানেই অপদাৰ্থ যে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰে: ৰিপুণ বৰা
উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰীৰ নেতৃত্বত শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ অভিযোগ ।

Published : March 24, 2025 at 4:57 PM IST
গুৱাহাটী: প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ যেন অন্ত পৰা নাই । পৰীক্ষা অনুষ্ঠিত কৰাত ধাৰাবাহিক ব্যৰ্থতাৰ পিছতে উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াকে কেন্দ্ৰ কৰি ৰাজ্য়জুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । ইয়াৰ মাজতেই শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়াই দি এইবাৰ ৰাজপথলৈ ওলাই আহিল মহানগৰ জিলা কংগ্ৰেছ কমিটী ।
শিক্ষা বিভাগত চৰম অৰাজকতাৰ বিৰুদ্ধে মহানগৰ জিলা কংগ্ৰেছ কমিটীয়ে আজি সাব্য়স্ত কৰিলে প্ৰতিবাদ । বামুণীমৈদামস্থিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।
প্ৰতিবাদকাৰীসকলে 'শিক্ষামন্ত্ৰী হায় হায়', 'ৰণোজ পেগু হুঁচিয়াৰ', 'নিয়াৰিকৈ পৰীক্ষা চলাব নোৱৰা শিক্ষামন্ত্ৰী মুৰ্দাবাদ', 'আৰ চি জৈনে পদত্যাগ কৰক', 'ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰা শিক্ষামন্ত্ৰী হায় হায়' আদি শ্লোগান দি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয়, "মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি চৰকাৰে অসমত শিক্ষা ব্যৱস্থা চাৰিওফালৰ পৰা ধ্বংস কৰি আনিছে । চৰকাৰী বিদ্যালয় ধ্বংস কৰি ব্যক্তিগত বিদ্যালয় চলাইছে । চৰকাৰ ইমানেই অপদাৰ্থ যে এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰে । ৪ বছৰে প্ৰশ্নকাকত ফাদিল হৈ আহিছে । ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে । প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত সংৰক্ষণ কৰিব নোৱাৰি পৰীক্ষা পিছুৱাব লগা হৈছে । শিক্ষামন্ত্ৰীয়ে কৈছে, বিদ্যালয়ৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছে । চাপৰিলে মেঘ নাতৰে । বিদ্যালয়ৰ পৰাই হওক বা পৰিষদৰ পৰাই হওক, তাৰ বাবে দায়ী শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগ ।"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ বৰাই কয়, "মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত টান হোৱা বাবে মুখ্যমন্ত্ৰীয়ে কৈছে ১০ নম্বৰ বঢ়াই দিব । কিন্তু মুখ্যমন্ত্ৰীক কোনে দিলে এই অধিকাৰ ? শিক্ষা বিভাগত টোঘলকৰাজ চলিছে ।" পিছত প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । আনহাতে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছে । এই বৈঠকতে পৰৱৰ্তী পৰীক্ষাৰ সূচী তথা অন্য সিদ্ধান্তসমূহ গ্রহণ কৰা হ'ব ।

