মুখ্যমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন, কনভয়লৈ বটল নিক্ষেপ কংগ্ৰেছ কৰ্মীৰ
আৰক্ষীৰ বাধা নেওচি গৰুখুটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰতিবাদ ।

Published : June 30, 2025 at 8:51 PM IST
গোলাঘাট: সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট আগমনৰ সময়তে গৰুখুটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে । মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক আৰক্ষীৰ বাধা নেওচি ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ কনভয়লৈ লক্ষ্য কৰি বটল নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে ।
জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত জিলা ক্ৰীড়া সন্থাৰ নৱ-নিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীৰ কনভয় উপস্থিত হোৱাৰ লগে-লগে কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ক'লা পতাকা প্ৰদৰ্শন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি সাগৰিকা বৰাই কয়, "মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব এইবোৰৰ তদন্ত কেতিয়া ঘোষণা কৰিব । মন্ত্ৰীৰ পত্নীয়ে ৫০ লাখ টকা ৰাজসাহাৰ্য লয় আৰু দুখীয়া যুৱক-যুৱতীসকলে নাপায় । আজি গোলাঘাটলৈ আহিছে ৷ আমি গোলাঘাটবাসী ৰাইজে এটা প্ৰশ্ন কৰিব বিচাৰিছো যে গৰু চোৰৰ তদন্ত কেতিয়া কৰিব ? অসম বিধানসভাৰ বিয়াগোম নেতা এই গৰু চোৰৰ লগত জড়িত হৈ আছে । তদন্তৰ নামত আমাক অত্যাচাৰ কৰিব আৰু সংবাদ মাধ্যমক আক্ৰমণ কৰিব, এয়া কি তেওঁলোকৰ নীতি ? আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰিছে । আমাৰ শৰীৰত এটোপাল তেজ থকালৈকে আমি ৰাইজৰ বাবে যুঁজ দি যাম ।"
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দ্বাৰা আজি সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে । অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা মৰ্যাদা আছে; কিন্তু হেমচন্দ্ৰ বৰুৱাৰ লিগেচীক লৈ কটু মন্তব্য কৰিছে । আজি গৰুখুটি গীৰ গাই কেলেংকাৰী হৈছে । গুজৰাটৰ পৰা গীৰ গাই আনিছে, ৰঙিয়া ষ্টেচন পোৱাৰ পাছত কৈছে যে গৰুসমূহ বেমাৰী । বেমাৰী গৰু বুলি কৈ মন্ত্ৰীসকলে গৰু ভগাই লৈছে । যাৰ পৰিপ্ৰেক্ষিতত '২৬ ত বিজেপি বিৰোধী চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনালো ।"

