ETV Bharat / state

খেদ ঐ খেদ গৰু চোৰক খেদ ! গীৰ গাই বিতৰ্কত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

সম্প্ৰতি গৰুখুঁটি প্ৰকল্পৰ গীৰ গাই বিতৰ্কত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ আছে । গীৰ গাই বিতৰ্কৰ তদন্তৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ ।

congress protest
গীৰ গাই কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 5:32 PM IST

6 Min Read
Choose ETV Bharat

লখিমপুৰ : "খেদ ঐ খেদ গৰু চোৰক খেদ", "গৰু চোৰক গ্ৰেপ্তাৰ কৰক"... ৷ সোমবাৰে দুপৰীয়া লখিমপুৰত হঠাৎ এনেদৰে আৰম্ভ হয় চিঞৰ-বাখৰ । লগে লগে এনেদৰে চিঞৰ-বাখৰ কৰাসকলক আৰক্ষীয়ে বেৰিকেড দি আবদ্ধ কৰি ৰাখে ।

সাম্প্রতিক সময়ত ৰাজ্যজুৰি সৰৱ চৰ্চা হৈ থকা গীৰ গাইৰ প্ৰসংগত সোমবাৰে লখিমপুৰত জিলা কংগ্রেছে অনুষ্ঠিত কৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নাতিদূৰৈত সোমবাৰে দুপৰীয়া কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে । লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বেৰিকেড দি আবদ্ধ কৰে ।

গীৰ গাই কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ (ETV Bharat Assam)

ইফালে আৰক্ষীৰ বাধা পাই উক্ত স্থানতে প্ৰতিবাদকাৰীয়ে আৰম্ভ কৰে চিঞৰ-বাখৰেৰে উত্তাল প্ৰতিবাদ । "খেদ ঐ খেদ গৰু চোৰক খেদ, অসম চৰকাৰ হায় হায়, গৰু চোৰক গ্ৰেপ্তাৰ কৰক" আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে বহুসময় ধৰি পৰিবেশ উত্তাল কৰি ৰাখে ।

উল্লেখ্য যে বিগত কেইদিনমানৰ পৰা গীৰ গাইৰ প্ৰসংগত উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি । তাৰ মাজতে সোমবাৰে কংগ্রেছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । লখিমপুৰতো জিলা কংগ্রেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত এনেদৰে চিঞৰ-বাখৰ কৰি কংগ্রেছ কৰ্মীসকলে আগুৱাই যাবলৈ লওঁতেই আৰক্ষীয়ে বেৰিকেড দি আবদ্ধ কৰি ৰাখে ।

ইফালে আৰক্ষীৰ বাধা পাই ঠাইতে প্ৰতিবাদ জনায় কংগ্রেছ কৰ্মীসকলে । প্ৰতিবাদস্থলীত উপস্থিত থকা জিলা কংগ্রেছৰ সভাপতি গগন বৰাই কয়, "আমাৰ হাতত চৰকাৰ নাই, আইন নাই, প্ৰশাসন নাই । আমি ৰাইজক ৰাজ্যৰ গৰু চোৰকাণ্ডৰ বিষয়ে সজাগ-সচেতন কৰাৰ প্ৰয়াস কৰিছোঁ । এই কেলেংকাৰীক ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ । কেলেংকাৰী কৰাসকলক ক্ষমতাৰ পৰা অপসাৰণ কৰি অসমৰ ভৱিষ্যতক সুৰক্ষিত কৰিব খুজিছোঁ । গৰুখুঁটিত কি কাণ্ড কৰিলে সেয়া অসমৰ ৰাইজে দেখি আছে । এই সকলোবোৰ সঠিক তদন্ত কৰিলে হয়তো মুখ্যমন্ত্রীৰ নামো ওলাব ।"

আনহাতে, প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র ডঃ জয়প্ৰকাশ দাসে কয়, "মন্ত্রী বিধায়কসকলে অকল দুৰ্নীতি কৰিছে । গৰু কেলেংকাৰীত যাৰ নাম ওলাইছে তেওঁলোকক বৰ্খাস্ত কৰক । গৰু চোৰক যদি অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব পাৰে, তেন্তে এই কেলেংকাৰীত নাম ওলোৱাজনক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিব । কেটল এক্ট উলংঘা কৰিছে চৰকাৰখনে । অসমৰ ৰাইজে এই কথা জানিব বিচাৰিছে । গৰু চোৰ কোন সেই কথাও ৰাইজে জানিব বিচাৰিছে । গো-মাতাক সুৰক্ষিত কৰিম বুলি ক্ষমতালৈ আহি বিজেপি চৰকাৰে এতিয়া গো-মাতাক লৈ ব্যৱসায় কৰিছে ।"

আনহাতে, এই কেলেংকাৰীত নাম উল্লেখ হোৱাজনক পদত্যাগ কৰিবলৈ দাবী জনাই তেওঁ পদত্যাগ নকৰিলে বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনায় ।

তেজপুৰত জিলা কংগ্ৰেছৰ গীৰ গাই কেলংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ

তেজপুৰ : ৰাজ্যত গীৰ গাই কেলংকাৰীয়ে তোলপাৰ লগাই থকাৰ সময়তে সোমবাৰে শোণিতপুৰ জিলা কংগ্ৰেছেও বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্যৰ গো-পালক আৰু কৃষকসকলক প্ৰৱঞ্চনা কৰি বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী আৰু একাংশ বিধায়কে দুৰ্নীতিৰে ৰাজসাহায্যযুক্ত গীৰ গাই লোৱাৰ বিৰুদ্ধে কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গীৰ গাই বিতৰ্ক আৰু গৰুখুঁটি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা গীৰ গাই একাংশ জনপ্ৰতিনিধিৰ লগতে অঙহী-বঙহীৰ মাজত ভগাই লোৱাক লৈ এতিয়া উত্তাল হৈ পৰিছে অসমৰ ৰাজনীতি ৷ তেজপুৰতো কংগ্ৰেছ দলে জয়ন্ত মল্লবৰুৱাৰ প্ৰতিকৃতি দাহ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষৰ পদত্যাগো দাবী কৰে শোণিতপুৰ জিলা কংগ্ৰেছে ৷ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে কয়, "বিজেপি চৰকাৰ বৰ্তমান ৰাইজৰ লগত নাই । চাৰিওফালে দুৰ্নীতিয়ে গ্ৰাস কৰি এতিয়া গৰুখুঁটি প্ৰকল্পৰ দ্বাৰা কৃষকৰ নামত দুৰ্নীতি আৰম্ভ কৰিছে ।"

তেওঁ লগতে কয় যে গৰুখুঁটি প্ৰকল্পৰ নামত অনা ৩০০ গীৰ গাইৰ ভিতৰত ৯০ জনী গাইৰ হিচাব লাগে । আনহাতে, চৰকাৰে গৰুখুঁটি প্ৰকল্পৰ এক ন্যায়িক তদন্তৰো আহ্বান জনায় ।

নগাঁৱত গৰু লৈ প্ৰতিবাদ

নগাঁও : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো গৰু কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ । লগত গৰু লৈ গৰু কেলেংকাৰীৰ অভিযোগ তুলি শাসক পক্ষৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথ কঁপালে কংগ্ৰেছে ।

বিগত কিছুদিন ধৰি দুগ্ধ প্ৰকল্পৰ নামত ৰজাসাহায্য, গৰুখুঁটিৰ গীৰ গাইৰ নামত কেলেংকাৰী আৰু সাংবাদিকক তুচ্ছ-তাচ্ছিল্য কৰা আদি বিষয়ক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী হিচাপে চৰ্চিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত ৫০ লাখ টকাৰ ৰাজসহায্যৰ পৰাই সৃষ্টি হয় সকলো বিতৰ্কৰ । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ দুগ্ধপামৰ নামত ৫০ লাখ টকাৰ ৰাজসহায্য লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই মন্ত্ৰী পত্নীৰ ফাৰ্মত থকা গীৰ গাই গৰুখুঁটি প্ৰকল্পৰ বাবে অনা ৩০০ জনী গাইৰ ২০ জনী গাই ক্ৰয় কৰি লোৱাৰ তথ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰাজহুৱা কৰাৰ পাছতেই বিষয়টোক লৈ অধিক চর্চা আৰম্ভ হয় ৰাজ্যৰ বিভিন্ন মহলত ।

গৰুখুঁটি প্ৰকল্পৰ গৰুৰ মৃত্যু, ক্ৰয়-বিক্ৰয় আদি নিমিলা অংকক লৈ ব্যস্ত হৈ পৰিছে বিৰোধী দলসমূহো । সোমবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে গো-মাতাৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁৱৰ ৰাজপথত গৰু লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত গৰু লৈ নগাঁও চহৰৰ ৰজাপথত গৰু কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰে কংগ্ৰেছে । প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ো অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে ।

এই সন্দৰ্ভত বিধায়ক নুৰুল হুদাই কয়, “নিবনুৱাৰ মুখৰ ভাত কাঢ়ি খাব খুজিছে শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে । গৰুখুঁটি প্ৰকল্পৰ নামত অনা ৩০০ জনী গীৰ গাইৰ পৰা অন্তৰ্ধান হোৱা প্ৰায় ৯০ জনী গাই বিজেপিৰ নেতা-মন্ত্ৰীয়ে ভগাই লৈছিল । গৰুখুঁটিত যদি ৩০০ জনী গাই ৰখাৰ ঠাইৰ অভাৱ আছিল তেন্তে ৩০০ জনী গাই কিয় অনা হৈছিল ।”

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, এন এছ ইউ আইৰ নেতা পল্লৱ নাথেও গো-মাতাক পূজা কৰা বিজেপি চৰকাৰে গো-মাতাৰ নামত কেলেংকাৰী সংঘটিত কৰা বুলি স্পষ্ট অভিযোগ উত্থাপন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্থাপিত গৰুখুঁটিৰ গীৰ গাই, ৰাজসাহায্যৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগৰ তদন্ত কৰিবলৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনায় নগাঁও কংগ্ৰেছে ।

লগতে পঢ়ক :গৰুখুটিত কোনো লুকাই-চুৰকৈ কাম হোৱা নাই: পদ্ম হাজৰিকা - GORUKHUTI AGRICULTURAL PROJECT
লগতে পঢ়ক :বিধায়কে গৰু কিনাটো ভালহে কথা: গৰুখুঁটিৰ গীৰ গাই প্ৰসংগত মুখ্যমন্ত্ৰী - CM ON GIR COW CONTROVERSY