তাৰিখ ঘোষণা নকৰা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি বিশ্বাস নকৰে কংগ্ৰেছে : জাকিৰ হুছেইন শিকদাৰে
পঞ্চায়ত নিৰ্বাচন প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ । কংগ্ৰেছে কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলি মন্তব্য শিকদাৰৰ ।

Published : March 9, 2025 at 10:10 AM IST
বৰপেটা: "কোনো দলৰ সৈতেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নকৰে প্ৰদেশ কংগ্ৰেছে ।"-পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ডাঙৰ ঘোষণা । পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত কোনো দলৰে নহয় কংগ্ৰেছৰ মিত্ৰতা । অৱশ্যে জিলা বা ব্লক পৰ্যায়ত মিত্ৰতা কৰিব বিচাৰিলে প্ৰদেশ কংগ্ৰেছক অৱগত কৰিব লাগিব । আৰু দলে সেই সম্পৰ্কে চিন্তা কৰিব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।
যিসময়ত বিৰোধী ঐক্যক লৈ আলোচনা চলি আছে সেই সময়তে পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । ইপিনে বুথ পৰ্যায়ৰ পৰা প্ৰদেশলৈকে কংগ্ৰেছ দল পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু আৰু এই নিৰ্বাচনত কংগ্ৰেছ দল বিজয়ী হ’ব বুলিও মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ । আনহাতে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনক লৈ কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া জাকিৰ হুছেইনৰ ।
জাকিৰ হুছেইনৰ দাবী, "ৰাজ্যত বহু পূৰ্বেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল । কালিও মুখ্যমন্ত্রীয়ে পঞ্চায়ত নিৰ্বাচন লৈ এটা সম্ভাব্য তাৰিখ ঘোষণা কৰিছে । আচলতে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি কংগ্ৰেছে বিশ্বাস নকৰে ।"
বিৰোধী ঐক্য আৰু অখিল গগৈৰ সন্দৰ্ভতো মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ, "২০২৬ ত বিজেপিক ক্ষমতাৰ পৰা বিদায় দিব বিচৰা সকলোৱে কংগ্ৰেছে নেতৃত্ব লোৱাতো বিচাৰিছে ।" আনকি ৰাজ্যৰ সকলো দল সংগঠনে ২০২৬ৰ নিৰ্বাচন কংগ্ৰেছৰ নেতৃত্বত হোৱাতো বিচাৰিছে বুলিও দাবী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ ।

