পৃথিৱী বিখ্যাত ফেইল কৰিছে মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Assam Flood 2024
Congress MP Rakibul Hussain in Bajali : বৰপেটা জিলাত বান পৰিস্থিতি পৰিদৰ্শন কৰে ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷ বান সমস্যা ৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদগৰাকৰীয়ে ৷ 26 ত দলটোক ৰাইজে বিদায় দিব বুলি ভৱিষ্যৎবাণী কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷

Published : July 15, 2024 at 7:21 AM IST
বজালী, 15 জুলাই : "...ভালকৈ নপঢ়িলে ৷ ফেইল কৰিলে ৷ পৰীক্ষাৰ পাচত পঢ়ি কিবা লাভ আছে নেকি ?’’ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য আগবঢ়ায় ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে, আহাৰমহীয়া বানত সৰ্বস্বান্ত হৈ পৰিছে অসমবাসী ৷ সা-সম্পত্তি, জীৱন-জীৱিকাৰ বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে বৰ্তমান পৰ্যন্ত এই বানত প্ৰাণ হেৰুৱাইছে 91 জনকৈ লোকে ৷ বান হোৱাৰ পূৰ্বে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৷ এই অভিযোগ বিৰোধীৰ ৷
বিভিন্ন মন্ত্ৰী-বিধায়কৰ লগতে স্বয়ং মুখ্যমন্ত্ৰীয়েও বানে তচনচ কৰি পেলোৱাৰ পাচত ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত এলেকাত উপস্থিত হৈ বন্যাৰ্তৰ কাষত থিয় দিয়াৰ লগতে বান পৰিস্থিতি ৰোধ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ৷ দেওবাৰে বজালীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে ৷
সাংসদগৰাকীয়ে কয়, "... চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি ৷ তেখেতে এতিয়া ৰাইজৰ মাজত আহিছে ৷ সেই তেতিয়াই যদি আহিলেহেঁতেন ৷ পঢ়াৰ সময়ত নপঢ়িলে এতিয়া ফেইল কৰিছে ৷"
আনহাতে, শেহতীয়া সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ প্ৰসংগ তুলি হুছেইনে কয়, "...ফেইলো ফেইল পৃথিৱী বিখ্যাত ফেইল কৰিছে ৷ ৰাইজে সকলো বিষয়তে মুখ্যমন্ত্ৰীক ফেইল কৰোৱাইছে ৷ এতিয়া এইবোৰ কৰি কি লাভ ! এতিয়াতো পৰীক্ষাও নাই ৷ মুখ্যমন্ত্ৰী ব্যস্ত থাকিব লাগে পানী ক’ত হৈছে, ক’ত ড্ৰাগছ মুক্ত কৰিব লাগে আদিত ৷ এইবোৰ বাদ দি কংগ্ৰেছৰ ৰাজীৱ ভৱনত কি হৈছে এইবোৰত গুৰুত্ব দি লাভ নাই ।”
ইয়াৰ লগতে সাংসদ ৰকিবুল হুছেইনে ৰাজ্যৰ ৰাজনীতিত বহুলভাৱে চৰ্চা লাভ কৰা কংগ্ৰেছ দলত বিজেপি কৰ্মীয়ে যোগদান কৰিবলগীয়া বিষয়টো সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়াই কয়, “বহু বিধায়কে মুকলিকৈ কৈছে কংগ্ৰেছলৈ আহিব বুলি । একাংশৰ দপদপনি, একাংশৰ উৎপাতত নিষ্ঠাবান বিজেপি কৰ্মীসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে ৷ আজি সেইকাৰণেই সেইসকল লোকে বিদ্ৰোহ কৰিছে ৷ সেয়ে আপোনালোকে সেই বিদ্ৰোহৰ উকমুকনি দেখিছে ৷ 26 ত তেলেংগানা, অযোধ্যা সদৃশ এক পৰিৱেশ আমাৰ অসমতো সৃষ্টি হ’ব ।”

