নিৰ্বাচনী হিংসা ! বিধায়িকা শিৱামণি বৰাসহ সাংসদ প্ৰদ্যুত বৰদলৈৰ বাহনত আক্ৰমণ
ক’লা কাপোৰ পৰিহিত দুৰ্বৃত্তৰ আক্ৰমণ । তৃতীয়বাৰৰ বাবে আক্ৰমণৰ সন্মুখীন বিধায়িকা ।

Published : April 27, 2025 at 8:36 PM IST
নগাঁও : নিৰ্বাচনী হিংসাই উত্তাল কৰি তুলিলে নগাঁৱৰ পঞ্চায়ত নিৰ্বাচনক । চামগুৰি উপ-নিৰ্বাচনত সংঘটিত নিৰ্বাচনী হিংসাই চর্চাৰ শীৰ্ষস্থান দখল কৰাৰ পাছত এইবাৰ নগাঁৱত পঞ্চায়ত নিৰ্বাচনতো আৰম্ভ হৈছে একেই পৰিস্থিতি ।
উপ-নিৰ্বাচনত সাংসদ ৰকিবুল হুছেইনৰ পাছত এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত । ঘটনাৰ বিৱৰণি অনুসৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টিত দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হয় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকা শিৱামণি বৰা ।
ধিং সমষ্টিৰ ওপৰ ডুমডুমীয়াৰ নতুন বজাৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱাৰ সময়ত সাংসদগৰাকীৰ লগতে বিধায়িকাগৰাকীসহ আন এগৰাকী কংগ্ৰেছ নেতাৰ বাহনত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে দুৰ্বৃত্তৰ এটা দলে । ক'লা কাপোৰ পৰিহিত দুৰ্বৃত্তৰ দলটোৱে হঠাৎ বিধায়িকা শিৱামণি বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ থকা বাহনত ৰ'ডৰে আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ।
- চামগুৰিৰ আক্ৰমণতকৈয়ো ভয়াৱহ :
শাসকীয় দল বিজেপিৰ ছত্ৰছায়াত একাংশ গুণ্ডা বাহিনীয়ে কংগ্ৰেছ সাংসদ বিধায়কৰ বাহনত আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়িকা শিৱামণি বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনতো দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বিধায়িকাগৰাকীয়ে ডুমডুমীয়াত সংঘটিত আক্ৰমণ চামগুৰিৰ আক্ৰমণতকৈয়ো ভয়াৱহ বুলি উল্লেখ কৰি ভয়ংকৰ ঘটনাৰ বৰ্ণনা কৰিলে সংবাদ মাধ্যমৰ সন্মুখত ।
বিধায়িকাগৰাকীৰ বাহনতো আক্ৰমণ সংঘটিত কৰাৰ কথাও উল্লেখ কৰি এই পৰ্যন্ত তৃতীয়বাৰৰ বাবে আক্ৰমণৰ সন্মুখীন হোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি বিধায়িকা শিৱামণি বৰাই কয়, "চামগুৰিৰ আক্ৰমণতকৈয়ো ভয়াৱহ এই আক্ৰমণ । গাড়ী গৈ থকা অৱস্থাতেই আক্ৰমণ কৰে । গাড়ী দুখনৰ আগৰ গ্লাছ ভাঙি দিয়াত চালকে নেদেখা হোৱাত আমাক আক্ৰমণ কৰে ।"
এনে আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষভাৱে কৰোৱা বুলি অভিযোগ উত্থাপন কৰে শিৱামণি বৰাই ।
লগতে পঢ়ক : মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN ATTACK লগতে পঢ়ক: সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া - MP RAKIBUL HUSSAIN ATTACK |
- সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আক্ৰমণ :
বিজেপিত এতিয়া গুণ্ডা বাহিনীৰ দপদপনি চলি থকা বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আক্ৰমণৰ ঘটনা সন্দৰ্ভত কয়, “সম্পূৰ্ণ পূৰ্ব পৰিকল্পিতভাৱে আজিৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে । পূৰ্বেই ক’লা পোছাক প্ৰস্তুত কৰি আজি সেই ক’লা কাপোৰ পৰিধান কৰি আক্ৰমণ সংঘটিত কৰে দুৰ্বৃত্তই । ক’লা কাপোৰ পৰিহিত দলটোৱে ৰডৰে বাহনত আক্ৰমণ কৰি বাহনখনৰ আইনা ভাঙি চুৰমাৰ কৰে ।”
আনকি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকা শিৱামণি বৰাক প্ৰাণে মৰাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰদ্যুৎ বৰছলৈয়ে । কোনো মতে প্ৰাণ ৰক্ষা পৰা বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰলৈয়ে ।
- ডুমডুমীয়া আৰক্ষী চকীত এজাহাৰ :
এই ঘটনা সন্দৰ্ভত স্থানীয় ডুমডুমীয়া আৰক্ষী চকীত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এজাহাৰ দাখিল কৰাৰ লগতে নগাঁও আৰক্ষী অধীক্ষককো অৱগত কৰে । অৱশ্যে এই বাতৰি লিখা পৰ্যন্ত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকাগৰাকীৰ বাহনত আক্ৰমণ কৰা দুৰ্বৃত্তক আটক অথবা চিনাক্ত কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।

