ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অপপ্ৰচাৰ চলাইছে বিজেপিয়ে; গৌৰৱ গগৈ - GAURAV GOGOI SLAMS CM HIMANTA
Congress road show: বিহালীত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে বিচাৰিলে মুখ্যমন্ত্ৰীৰ এটা ঘনিষ্ঠ টিভি চেনেলে বিজ্ঞাপনৰ নামত লাভ কৰা ধনৰ হিচাপ । প্ৰিয়াংক খাৰ্গেই ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদগৰাকীয়ে ।

Published : September 29, 2024 at 8:49 AM IST
বিশ্বনাথ, ২৮ ছেপ্টেম্বৰ : বিহালী সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ তাৰিখ নিশ্চিত হোৱা নাই যাদিও ইতিমধ্যে শাসক-বিৰোধী দুয়োটা দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । শনিবাৰে শতাধিক সমৰ্থক লগত লৈ সাংসদ গৌৰৱ গগৈয়ে বিশ্বনাথ চাৰিআলিৰ পাভৈৰ পৰা আৰম্ভ কৰে ৰোড শ্ব'। বিশ্বনাথ চাৰিআলিৰ পৰা বিহালী সমষ্টিৰ মিজিকা, তিনিখুটি আৰু বৰজাৰণি অঞ্চললৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি সাংসদগৰাকী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
- চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ তিনিভাগত পালন কৰিব
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে ন্য়ায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ সন্দৰ্ভত বিজেপি চৰকাৰৰ স্থিতিৰ সমালোচনা কৰি কয়, "চৰকাৰে অৱসৰপ্ৰাপ্ত ন্য়ায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ তিনিভাগত টুকুৰা টুকুৰি কৰি পালন কৰিব । এটা টুকুৰা তেওঁলোকে পালন কৰিব, এটা টুকুৰা তেওঁলোকে আৰু কেন্দ্ৰীয় চৰকাৰে মিলি ৰূপায়ন কৰিব আৰু এটা টুকুৰা কেন্দ্ৰীয় চৰকাৰে পালন কৰিব ।"
বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ যিখিনি কাম ৰাজ্য চৰকাৰে পালন কৰিব পাৰে সেইখিনি কাম ঘোষণা কৰিবলৈ চৰকাৰ কিয় চাৰি বছৰ ৰৈ আছিল বুলি প্ৰশ্ন উত্থাপন কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে এই ৰিপ'ৰ্ট গ্ৰহণো কৰা নাই, স্বীকাৰো কৰা নাই, পঢ়াও নাই । যিবোৰ দল-সংগঠনে তেওঁলোকক সমৰ্থন কৰিছে, তেওঁলোকে এই বিষয়ে যদি কিবা গম পাইছে ৰাজহুৱা কৰক ।"
- অৰুণোদয় আঁচনিৰ ধনেৰে উৰুৱাইছে চাৰ্টাৰ্ড বিমান
ইফালে, সাংসদগৰাকীয়ে অৰুণোদয় আঁচনিৰ নামত বিজেপি চৰকাৰে দুই হাজাৰ টকাকৈ ৰাইজক দি বাকী আঠ হাজাৰ টকা মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ্ড বিমানৰ নামত ব্য়য় কৰে বুলি মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীয়ে যে ইয়াৰ পৰা চাৰ্টাৰ্ড বিমানত ঝাৰখণ্ডলৈ গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছে, সেই প্ৰচাৰৰ খৰচ ৰাজ্য় চৰকাৰে কিয় দিছে ? অসমৰ টকা খৰচ কৰি ঝাৰখণ্ডলৈ গৈছে, তাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কি লাভ হৈছে ?’’
ইফালে, মুখ্যমন্ত্ৰীৰ এটা ঘনিষ্ঠ টিভি চেনেলে বিজ্ঞাপনৰ নামত বিগত চৰকাৰৰ তুলনাত কিমান টকা লাভ কৰিছে তাৰ হিচাপ দিয়াৰ বাবেও প্ৰত্যহ্বান জনায় সাংসদগৰাকীয়ে ।
- ছেমিকণ্ডাক্টৰ সন্দৰ্ভত বিজেপিৰ অপপ্ৰচাৰ !
আনহাতে, অসমৰ জাগীৰোডত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ২৭০০০ কোটি টকীয়া টাটাৰ ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয়, "এয়া বিজেপিৰ এক অপপ্ৰচাৰ । মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কেৱল অসমতে নহয়, ছেমিকণ্ডাক্টৰ এটা প্ৰজেক্ট কৰ্ণাটকতো দিব লাগে বুলিহে কৈছে ।"

