ETV Bharat / state

মূৰত ডাঙৰ টোপোলা লৈ অসম বিধানসভালৈ আহিল কংগ্ৰেছৰ বিধায়কসকল; কাৰণ বাৰু কি ! - ASSAM ASSEMBLY BUDGET SESSION

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা অভিনৱ ৰূপত দেখা গ’ল কংগ্ৰেছৰ বিধায়কসকলক ৷ মূৰৰ ওপৰত টোপোলা লৈ আহিল বিৰোধী ৷

Assam Congress Slams BJP
বিধায়কৰ মূৰৰ ওপৰত ঋণৰ বোজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 1:26 PM IST

4 Min Read

গুৱাহাটী : অন্ত পৰাৰ দিশে অসম বিধানসভাৰ বাজেট অধিৱেশন 2025 ৷ যিমানেই সময় চমু চাপি আহিছে সিমানেই শাসকীয় দলৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে বিৰোধী বিধায়কসকল ৷ কেৱল প্ৰতিবাদতেই ক্ষান্ত নাথাকি বিৰোধ কৰাৰ বাবে বাচি লৈছে ব্যতিক্ৰমী পন্থা ৷

সোমবাৰে AIUDF ৰ বিধায়কসকলক দেখা গৈছিল হাতত জেওৰা লৈ প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰা ৷ বাধা দিয়া হৈছিল বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষক ৷ তেওঁলোকক ঘেৰি ধৰিছিল AIUDF ৰ পাঁচ বিধায়কে ৷

Assam Congress Slams BJP
বিধায়কৰ মূৰৰ ওপৰত ঋণৰ বোজা (ETV Bharat Assam)

মঙলবাৰে অধিৱেশনৰ শেষৰটো দিনা দেখা গ’ল আন এক অভিনৱ দৃশ্য ৷ এইবাৰ প্ৰতিবাদ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ৷ দলৰ বিধায়কসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সুকীয়া ধৰণে ৷ অসম চৰকাৰে ঋণ লৈ অসমবাসীক কোঙা কৰাৰ অভিযোগেৰে প্ৰতিবাদ কংগ্ৰেছৰ ৷

মূৰত টোপোলালৈ বিধানসভাত প্ৰৱেশৰ প্ৰচেষ্টা চলালে কেবাগৰাকীও কংগ্ৰেছ বিধায়কে ৷ পিছে এই টোপোলা কোনো খাদ্য সামগ্ৰী বা কাপোৰৰ নাছিল ৷ এই টোপোলাবোৰ আছিল ঋণৰ ৷ হয়, অসম চৰকাৰে লোৱা ঋণক বোজা আকাৰে দাঙি ধৰি তাক টোপোলাৰূপে প্ৰতিবাদৰ প্ৰতীক সজালে বিৰোধীয়ে ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ বিধায়কসকলে ঋণৰ বোজা মূৰত লৈ প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভালৈ প্ৰৱেশত কংগ্ৰেছৰ বিধায়কসকল বাধা প্ৰদান কৰা হয় । নিৰাপত্তাৰক্ষীয়ে সোমোৱাত বাধা প্ৰদান কৰে ।

কংগ্ৰেছৰ বিধায়ক সকলে মূৰত ক’লা ৰঙৰ টোপোলা লৈ অসম চৰকাৰে ঋণৰ ওপৰত ঋণ লোৱা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় । ঋণমুক্ত অসমৰ দাবীত কংগ্ৰেছী বিধায়কৰ এইদৰে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে ।

Assam Congress Slams BJP
বিধানসভা চৌহদত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদৰ নেতৃত্ব দিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, "১০ বছৰ আগত ৰাজ্যখনৰ জনমূৰি ঋণ আছিল ১০,৭৬০ টকা । কিন্তু বিজেপিৰ বিগত ৯ বছৰীয়া কাৰ্যকালত ৰাজ্যৰ জনমূৰি ঋণৰ পৰিমাণৰ ৪৭,৩২৪ টকা হৈছে। ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি আমি মূৰত ঋণৰ টোপোলা লৈ প্ৰতিবাদ কৰিছো ।"

উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ'বলৈ মাজত মাত্র কেইটামান দিন বাকী আছে । বিত্তীয় বৰ্ষটোৰ শেষত পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে অসম চৰকাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২৫ মাৰ্চত অৰ্থাৎ আজি পুনৰ ১,৫০০ কোটি টকাৰ ঋণ ল'ব । ইয়াৰ পূৰ্বে চৰকাৰে যোৱা ৪ মাৰ্চত ৯০০ কোটি টকা আৰু ১১ মাৰ্চত পুনৰ ৯০০ কোটি টকা অৰ্থাৎ মাহটোৰ প্ৰথম এঘাৰটা দিনত ১,৮০০ কোটি টকাৰ ঋণ লৈছিল ।

চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তিমটো মাহৰ প্ৰথম দুটা সপ্তাহতে চৰকাৰখনে দুবাৰকৈ ঋণ লোৱাৰ পিচত অন্তিমটো সপ্তাহত পুনৰ ঋণ ল'ব । ২৫ মাৰ্চত ল'বলগীয়া ১,৫০০ কোটি টকা ঋণৰ ফলত চলিত মাৰ্চ মাহতে লোৱা ঋণৰ পৰিমাণ হ'বগৈ ৩,৩০০ কোটি টকা ।

লক্ষণীয় বিষয় যে অহা ২৫ মাৰ্চত দুটা কিস্তিত পুনৰ ল'বলগীয়া ১,৫০০ কোটি টকাৰ ঋণৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । এই প্ৰস্তাৱ অনুসৰি চৰকাৰে এইবাৰ বিশ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি এহেজাৰ কোটি টকা ঋণ লোৱাৰ বিপৰীতে আন পাঁচশ কোটি টকাৰ ঋণ পাঁচ বছৰ ছমাহৰ বাবে বণ্ড বিক্ৰী কৰি লোৱা হ'ব ।

লক্ষণীয় বিষয় যে বিগত ফেব্ৰুৱাৰী মাহত চৰকাৰখনে মুঠ ৩,৬৫০ কোটি টকাৰ ঋণ লৈছিল । এইবাৰ ১,৫০০ কোটি টকা ঋণ লোৱাৰ পিচত ঋণৰ পৰিমাণ ১ লাখ ৭১ হেজাৰ ৯৫০ কোটি টকালৈ বৃদ্ধি পাব ।

লগতে পঢ়ক : ৰূপজ্যোতিকাণ্ডৰ বিৰোধিতাৰে জেওৰা-জপনা লৈ সদনলৈ আহিল বিৰোধী

লগতে পঢ়ক : বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণ: উত্তাল বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.