গুৱাহাটী: "বিজেপি চৰকাৰে অৰুণোদয় আঁচনি গেৰুৱাকৰণ কৰিছে । আনহাতে ২০২৫-২৬ বৰ্ষৰ অসমৰ বিত্তীয় বাজেট সম্পূৰ্ণৰূপে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপি চৰকাৰে ।" এই অভিযোগ প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ ।
বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয়, "অৰুণোদয় আঁচনিৰ নামত ব্যাপক অনিয়ম, দুৰ্নীতি আৰু গেৰুৱাকৰণ কৰা হৈছে । ২০২০ চনত আৰম্ভ কৰা অৰুণোদয় আঁচনিত প্ৰথম অৱস্থাত মহিলা হিতাধিকাৰীৰ সংখ্যা আছিল ১৮ লাখ ৷’’
‘‘২০২৩ চনত বৃদ্ধি কৰা হয় ২৪ লাখলৈ । চলিত বাজেটত ২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি এই সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হৈছে । ইয়াৰ বাবে ৫০০০ কোটি টকা ধাৰ্য কৰিছে । অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে চৰকাৰে নিৰ্দেশনা উলংঘা কৰিছে ।" বৰাই কয় ৷
তেওঁ লগতে কয়, "বিজেপি চৰকাৰে কেৱল ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভোট কিনিবৰ বাবে ব্যাপকভাৱে গাইড লাইন উলংঘা কৰিছে । উদাহৰণস্বৰূপে অৰুণোদয়ৰ হিতাধিকাৰী গাওঁ সভা পাতি নির্বাচন কৰিব লাগে । কিন্তুপ্রায়বোৰ বিধানসভা সমষ্টিত বিজেপিৰ স্থানীয় বিধায়ক, মন্ত্ৰীয়ে বাছি বাছি নিজ দলৰে কৰ্মীক তালিকাভুক্ত কৰিছে । ইতিমধ্যে বৃদ্ধ পেঞ্চন, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধবা পেঞ্চন, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আদি আঁচনিত উপকৃত হৈ থকা মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নাই যদিও বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত তেওঁলোকৰ দলীয় সদস্যপদ গ্ৰহণ কৰা এনে মহিলাক এই আচঁনিততালিকাভুক্ত কৰিছে ।"
ইয়াৰোপৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়, "বিভিন্ন বিধানসভা সমষ্টিত বিজেপিৰ নেতা-পালি নেতাই আন দলৰ বা কোনো ৰাজনৈতিক দলত অন্তর্ভুক্ত নোহোৱা মহিলাক অৰুণোদয়ৰ প্রলোভন দি বলপূর্বক বিজেপি দলৰ সদস্য হ'বলৈ বাধ্য কৰাইছে । বার্ষিক উপার্জন ২ লাখ টকাৰ কম হোৱা মহিলাসকলৰ পৰিৱৰ্তে হাজাৰ হাজাৰ ধনৱন্ত পৰিয়ালৰ মহিলাক কেৱল বিজেপি দলৰ সদস্য হোৱাৰ সুবাদতে অৰুণোদয়ৰ হিতাধিকাৰী কৰিছে ।"
- ২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া:
ৰাইজৰ কষ্টোপার্জিত টকাৰে বনোৱা বাজেটৰ ধন বিজেপি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ ৰিপুণ বৰাৰ । তেওঁ কয়, "অসমৰ ৰাইজৰ কষ্টোপার্জিত টকাৰ পৰা সংগ্ৰহ কৰা কৰ-কাটলৰ টকাৰে বনোৱা ২০২৫-২৬ৰ বাজেটখনক বিজেপিয়ে দলীয় স্বাৰ্থত ব্যৱহাৰ কৰিছে । ২০২৫-২৬ বৰ্ষৰ বাজেটত ধাৰ্য কৰা পুঁজিৰ পৰিমাণ ১,৫৫,৪২৮.৭৫ কোটি । আনহাতে ২০২৪-২৫ বৰ্ষৰ বাজেটত নিৰ্ধাৰিত টকাৰ ৭০ শতাংশহে চৰকাৰে সংগ্ৰহ কৰিব পাৰিলে । এইবাৰৰ বাজেটতো ৭০ শতাংশতকৈ অধিক টকা চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰিব ।"
বৰাই লগতে কয়, "২০২৫-২৬ বিত্তীয় বৰ্ষৰ শেষত বাস্তৱিকতে বাজেটৰ পৰিমাণ হ'ব ১,০৮,০০০.০০ কোটি টকা । ইয়াৰে প্ৰায় ৪ লাখ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু ১.৫ লাখ পেঞ্চনাৰ । এটা বিত্তীয় বৰ্ষত চৰকাৰক কৰ্মচাৰীৰ দৰমহা দিওঁতে লাগে ৪৪ হাজাৰ কোটি টকা । পেঞ্চনাৰসকলৰ বাবদ লাগে ১০ হাজাৰ কোটি টকা । কৰ্মচাৰী সকলৰ বিভিন্ন ভাট্টা, চিকিৎসা, ঘৰভাৰা, ভ্ৰমণ বানচ, বোনাচ, বকেয়া ইত্যাদিৰ বাবদ এহাজাৰ কোটি টকা খৰচ হয় । তদুপৰি অন্যান্য অস্থায়ী প্ৰায় ১ লাখ কৰ্মচাৰীৰ বাবে এবছৰত খৰচ হয় এহাজাৰ কোটি টকা । অৰ্থাৎ সকলো মিলাই খৰচ হয় মুঠ ৪৭ হাজাৰ কোটি টকা ।"
- হিতাধিকাৰীৰ নামত ব্যয়ৰ পৰিমাণ:
চৰকাৰৰ ঋণ আৰু হিতাধিকাৰীৰ প্ৰসংগত তেওঁ কয়, "চৰকাৰখনে বৰ্তমানলৈকে লোৱা ঋণৰ প্রায় ২.০৬ লাখ কোটি টকাৰ বাৰ্ষিক সুদ হৈছে ১৬ হাজাৰ কোটি টকা । আনহাতে বাজেটত ২০২৫-২৬ৰ অৰুণোদয়ৰ ৩৭.২ লাখ হিতাধিকাৰীৰ বাবে ব্যয় হ'ব ৫ হাজাৰ কোটি টকা । মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ৩২ লাখ হিতাধিকাৰীৰ বাবে ৩০৩৮ কোটি টকা । নিযুত মইনা আঁচনি ৪.৩ লাখ হিতাধিকাৰীৰ বাবে ৩৯১ কোটি টকা । চাহ শ্ৰমিকসকলৰ এককালীন বিত্তীয় সাহায্য হিচাপে ৫০০০ টকাকৈ ৬.৮ লাখ হিতাধিকাৰীৰ বাবে ৩৪২ কোটি টকা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এক লাখ হিতাধিকাৰীৰ বাবে ৭৭৩ কোটি টকা ।"
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে লগতে কয়, "লাখপতি বাইদেউ আঁচনিত আছে ৮.৮২ হিতাধিকাৰী । খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলৰ অতিৰিক্ত ৪০ লাখ হিতাধিকাৰীৰ বাবে ৩৭০ কোটি টকা । বাজেটত ১.৩০ কোটি হিতাধিকাৰীৰ বাবে প্ৰায় ১০ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে । অসমৰ মুঠ ভোটাৰ ২.৪১ কোটি আৰু ইয়াৰে ১.৩০ কোটি হিতাধিকাৰী ।"
- মুখ্যমন্ত্রীৰ পত্নীৰ মালিকাধীন প্ৰতিষ্ঠানলৈ চৰকাৰী বিজ্ঞাপন:
চৰকাৰী বিজ্ঞাপন সন্দৰ্ভত ৰিপুণ বৰাই কয়,"বিগত বিত্তীয় বৰ্ষসমূহত বিজেপি চৰকাৰে বিজ্ঞাপনত খৰছ কৰিছে (২০২১-২০২৫ লৈ) প্ৰায় ৩৭০ কোটি টকা (এবছৰত ৭৪ কোটি টকা) । ইয়াৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী আৰু পৰিয়ালবৰ্গৰ মালিকাধীন সংবাদ প্রতষ্ঠানসমূহে পাইছে প্ৰায় ২২ কোটি টকা । ইয়াৰ ভিতৰত নিয়মীয়া বাৰ্তাই ১৪.০১ কোটি টকা, নিউজ লাইভে ৩.৭১ কোটি টকা, নৰ্থ ইষ্ট লাইভে ১.৯৯ কোটি টকা, ৰামধেনুৱে ৭৯ লাখ টকা আৰু ৰং চেনেলে ১.৩৮ কোটি টকা । এবছৰত মুঠ ২১.৮৮ কোটি টকাৰ বিজ্ঞাপন লাভ কৰিছে ।"
- মুখ্যমন্ত্রীৰ ভ্ৰমণ খৰচ:
মুখ্যমন্ত্রীৰ ভ্ৰমণ খৰচ সন্দৰ্ভত ৰিপুণ বৰাই কয়, "২০২১ চনৰ পৰা ২০২৪ চনলৈ মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ আৰু চাৰ্টাড বিমানত ভ্ৰমণৰ বাবদ খৰচ হৈছে ৫৮ কোটি টকা । এই হিচাপত এবছৰত খৰছ হয় ১৪.৫ কোটি টকা ।"
- বাজেটৰ পুঁজি আৰু খৰচৰ হিচাপ-নিকাচ:
উক্ত খৰচসমূহ দাঙি ধৰি সংবাদমেলত ৰিপুণ বৰাই কয়, "উক্ত সকলো খৰচ যোগ কৰিলে মুঠ খৰচৰ পৰিমাণ হয় প্ৰায় ৭৩ হাজাৰ কোটি টকা । ২০২৫-২৬ বৰ্ষৰ বাজেটত যদি আগৰ বছৰৰ দৰে মুঠ ধাৰ্য টকাৰ ৭০ শতাংশ সংগৃহীত হয় তেন্তে বাজেটৰ মুঠ সংগৃহীত টকা হ'ব ১,০৮,০০০ কোটি টকা । যদি ১,০৮,০০০ কোটি টকাৰ পৰা ৭৩,০০০ কোটি টকা বাদ দিয়া হয় তেতিয়া হ'লে ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ বাবে থাকিব মাত্র ৩৫,০০০ কোটি টকা ।"
তেওঁ লগতে কয়, "অসমৰ দৰে সমস্যাবহুল এখন ৰাজ্যৰ সামগ্রিক উন্নয়নৰ বাবে ৩৫,০০০ কোটি টকা এপাচি কচু শাকত এটা জলুক সদৃশ । এই পৰিসংখ্যাই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কেৱল নিৰ্বাচনত জিকিবৰ বাবে অসমৰ ৰাইজৰ বাজেটৰ টকা কেনেদৰে দলীয় স্বাৰ্থত ব্যৱহাৰ কৰি অসমৰ ৰাইজক সামগ্রিক বিকাশৰ পৰা বঞ্চিত কৰিছে ।"
উল্লেখ্য যে, বুধবাৰে আয়োজিত এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।