ETV Bharat / state

ৰিপুণ বৰাৰ প্ৰশ্ন : কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিমুক্ত বুলি চাৰ্টিফিকেট দিলে ?

শেহতীয়াকৈ গুৱাহাটীৰ সভাত অংশ লৈ দিয়া ভাষণ প্ৰসংগত অমিত শ্বাহক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰিপুণ বৰাই ।

Congress leader Ripun Bora
অমিত শ্বাহক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 3:51 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে গুৱাহাটীৰ সভাত অংশগ্রহণ কৰি যোৱাৰ পিছতে কংগ্ৰেছে প্ৰশ্নবাণ এৰি দিছে । অমিত শ্বাহৰ ভাষণ সন্দৰ্ভত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে কংগ্ৰেছে । প্ৰদেশ কংগ্রেৰ নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ সভাপতি ৰিপুণ বৰাই অমিত শ্বাহক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন কৰে । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত ৰিপুণ বৰাই এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰে ।

মুখ্যমন্ত্রীগৰাকী দক্ষ আৰু নিকা বুলি অমিত শ্বাহে শলাগ জনোৱাৰ প্ৰসংগত ৰিপুণ বৰাই কয়, "২০১৪ চনত বিজেপিয়ে শাসনভাৰ লোৱাৰ সময়ত তেওঁলোকৰ যিখন পাৰ্লিয়ামেণ্টৰী কমিটী হৈছিল তাত ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্রীসকলৰ ভিতৰত অসমৰ তৰুণ গগৈ চৰকাৰৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰা হৈছিল । তাৰোপৰি নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰচাৰ চলাবলৈ আহোতে তেওঁলোকে কৈছিল বিজেপি ক্ষমতালৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ ফাইল খোল খাব আৰু জেললৈ যাব লাগিব । তেনেস্থলত তেওঁ কেনেদৰে ক'লে যে অসমখন দুৰ্নীতিমুক্ত লোকৰ হাতত আছে ।"

অমিত শ্বাহক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ (ETV Bharat)

তেওঁ লগতে কয়, "সাৰদা কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাক চিবিআইয়ে কলকাতালৈ তলব কৰিছিল, লুইছ বাৰ্জাৰৰ দৰে আন্তর্জাতিক কেলেংকাৰীত নাম সন্নিবিষ্ট হৈ আছে । ডিমা হাচাওৰ ১ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ এনআইএয়ে তদন্ত কৰিছিল । কিন্তু তেওঁ কংগ্রেছ এৰি যেতিয়াই বিজেপিলৈ গ'ল তেতিয়াই সকলো কেলেংকাৰী ধুই নিকা হৈ গ'ল । এই কথাখিনি মই অমিত শ্বাহক মনত পেলাই দিব খুজিছো ।"

ৰিপুণ বৰাই লগতে কয়, "অমিত শ্বাহে কিহৰ ভিত্তিত মুখ্যমন্ত্রীক চাৰ্টিফিকেট দিলে ? তেওঁৰ দিনতে কয়লা, কণী, মাছ সকলোতে ছিণ্ডিকেট চলিছে । এই কথা দুগ্ধপোষ্য শিশুৱেও বুজি পায় । ১০ বছৰত তেওঁ পৰ্বতসম সম্পত্তি গঢ়িছে । চৰকাৰ যোৱাৰ পাছত এইবোৰৰ হিচাপ ওলাব ।" বিভিন্ন বিষয়ত প্ৰশ্ন তুলি ৰিপুণ বৰাই কয়, "নিযুক্তিৰ নামত চমক দিয়া হৈছে । বছৰি এক লাখকৈ চাকৰি দিয়াৰ কথা আছিল । পিছে এই পৰ্যন্ত ৯৪ হাজাৰক হে চাকৰি দিয়া হ'ল । তাকো খালী হৈ থকা পদত । নতুন পদৰ সৃষ্টি কৰা নাই । ৰাজ্যত ৩৮ লাখ ৫১ হাজাৰ নিবনুৱা আছে ।"

ইনভেষ্টমেণ্ট আছামৰ প্ৰসংগত তেওঁ কয়, "ইনভেষ্টমেণ্ট আছামৰ নামত সৰ্বানন্দ সোণোৱালৰ দিনত ১ লাখ কোটিৰ ১০০ খন এমঅ'ইউ স্বাক্ষৰ কৰা হৈছিল । পিছে এখনো নহ'লগৈ । বৰ্তমানৰ চৰকাৰৰ দিনত ৮ লাখ কোটি বিনিয়োগৰ লক্ষ্যৰে এমঅ'ইউ স্বাক্ষৰ কৰা হ'ল । পিছে খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰি আদানি, আম্বানী আৰু পতঞ্জলিক সেই ভূমি গতাই দিয়া প্ৰক্ৰিয়া চলিল । উচ্ছেদৰ অচিলাৰে মানুহক বিভক্ত কৰি ভোট লাভৰ কৌশল কৰা হৈছে ।"

অৰুণোদয় আঁচনিৰ প্ৰসংগত ৰিপুণ বৰাই কয়, "অৰুণোদয় আঁচনিৰ ধন কেন্দ্র বা ৰাজ্যৰ নহয় । কেৱল ধাৰ কৰি দিয়া হৈছে । ১ লাখ ৫৮ কোটিৰ ধাৰত ডুব গৈছে অসম । ধাৰ নহ'লে অসম এক মিনিটো নচলে । কাৰো কল্যাণ সাধন কৰা নাই । অসমক ধাৰ লৈ পংগু কৰি তোলা হৈছে । জন্ম হোৱা এটি শিশুৱে মূৰত ৫০ হাজাৰ টকা ধাৰৰ বোজা লৈ জন্ম হৈছে ।"

অনুপ্রৱেশৰ প্ৰসংগত অমিত শ্বাহৰ ভাষণৰ উত্তৰ দি ৰিপুণ বৰাই কয়, "অনুপ্ৰৱেশকাৰীক কোনে আনিছে ? কংগ্রেছে অনুপ্রৱেশ বন্ধ কৰিবলৈ অসম চুক্তি কৰিছিল ।" চাহ মজদুৰৰ ৩৫১ টকা মজুৰি, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আদি প্ৰতিশ্ৰুতিসমূহক লৈও প্ৰশ্ন উত্থাপন কৰিলে ৰিপুণ বৰাই । তেওঁ কয়, "অমিত শ্বাহে বৰ বৰ কথাৰে ভাষণ দি প্ৰতাৰণা কৰি গ'ল । বিশ্বাসঘাতকতা কৰি গ'ল । এনে চলাহী কথাত অসমৰ ৰাইজ ভোল যাব নালাগে । নাগপুৰ, হিন্দী বলয়ৰ কবলৰ পৰা মুক্ত হ'বলৈ সকলোৱে ঐক্যবদ্ধ হ'ব লাগে ।" অৱশ্যে ৰিপুণ বৰাৰ এই প্ৰশ্নৰ উত্তৰ বিজেপিয়ে কেনেদৰে দিয়ে সেয়াহে লক্ষণীয় হ'ব ! সংবাদমেলত ৰিপুণ বৰাৰ উপৰিও জিলা কংগ্রেছৰ সভাপতি গংগা জ্যোতি টায়েগামসহ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাক কিয় শকুনি মামা আখ্যা দিলে গৌৰৱ গগৈয়ে ? - GAURAV GOGOI ON ASSAM CM