মোৰ কিন্তু মনত পৰিলে তেওঁ তিষ্ঠি থাকিব নোৱাৰিব, মুখ্যমন্ত্ৰীক কিয় এনেকৈ ক'লে ৰকিবুলে ? - Lok Sabha Elections 2024
Lok Sabha Elections 2024: অসমৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান একালৰ সতীৰ্থ ৰকিবুল হুছেইনৰ । কিছুমান কথা মনত পৰিলে মুখ্যমন্ত্ৰী তিষ্ঠি থাকিব নোৱাৰিব বুলি দাবী কৰে হুছেইনে । শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিলে এইবাৰ নিৰ্বাচনৰ ধুবুৰীৰ প্ৰাৰ্থীগৰাকী ।

Published : March 26, 2024 at 3:09 PM IST
শিৱসাগৰ,২৬ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । ৰাজ্যত শাসকীয় বিজেপিৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও নিৰ্বাচনী প্ৰস্তুতি তুংগত তুলিছে । ইয়াৰ মাজতে ৰাজনৈতিক নেতাৰ বাকযুদ্ধও আৰম্ভ হৈছে । এইবাৰ একালৰ দুই সতীৰ্থৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে । এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে তেওঁ একালৰ সতীৰ্থ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ মন্তব্যত অসন্তুষ্ট ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন । যাৰ বাবে মাতৃৰ গৃহজিলা শিৱসাগৰৰ পৰা মুখ্যমন্ত্ৰীক তীব্ৰ প্ৰত্যাহ্বান জনালে ৰকিবুল হুছেইনে । তেওঁৰ মতে ৰকিবুল হুছেইন ইমান দুৰ্বল নহয়, ৫০ টা হিমন্ত বিশ্ব শৰ্মাইও ৰকিবুল হুছেইনক লৰাব নোৱাৰে বুলি তেওঁ দাবী কৰে ।
উল্লেখ্য যে কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ৰ'জলীনা তিৰ্কীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিবলৈ শিৱসাগৰত বাহৰ পাতিছে বিধায়ক ৰকিবুল হুছেইন । এই সময়ত তেওঁ সংবাদমেল সম্বোধন কৰি নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন বিষয়ত মন্তব্য কৰে । গৌৰৱ গগৈৰ পেৰাচ্যুত লেণ্ডিং সন্ধৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে এনে তৰল মন্তব্যৰ তেওঁ প্ৰতিক্ৰিয়া নিদিয়ে । কোনে কিমান তৰল আৰু নিকৃষ্ট প্ৰতিযোগিতাত নামিছে ৰাইজে দেখিছে । ৰকিবুল হুছেইন সেই বোকাত নানামে বুলি তেওঁ উল্লেখ কৰে ।
ৰকিবুল হুছেইনৰ মতে যোৰহাট আৰু শিৱসাগৰ সচেতন লোক থকা অঞ্চল । এনেকুৱা তৰল কথা ইয়াৰ মানুহে গ্ৰহণ নকৰে আৰু ইয়াৰ মানুহ বিক্ৰীও নাযায় বুলি তেওঁ দাবী কৰে । ৰকিবুল হুছেইনে দাবী কৰে যে গৌৰৱ গগৈৰ ছাঁটোকে বাঘ দেখিছে বিজেপিয়ে ।
আনহাতে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰি ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ কংগ্ৰেছী হৈছিল, পৰৱৰ্তী সময়ত কংগ্ৰেছ কেনেকৈ এৰিছিল ৰাইজে ভালকৈ জানে । তেওঁ বালিত মূৰটো ভৰাই উট চৰাইৰ নিচিনা মানুহে দেখা নাই বুলি ভাবি থকাটো তেওঁৰ বাতুলতা । ৰকিবুল হুছেইনৰ মতে গৌৰৱ গগৈয়ে অভিলেখ সংখ্যক ভোটত জয়ী হ'ব ।
ধুবুৰীত ৰকিবুল হুছেইন জয়ী হ'লে কাজিৰঙাৰ গঁড়কেইটাই বেয়া পাব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পুৰণি ক'লা অধ্যায় সোঁৱৰণ কৰি কয় যে ৰকিবুল হুছেইনৰ যদি মনত পৰে 'উজান বজাৰৰ মাটিত লাগি থকা তেজ আৰু সেই খালি মোনাটো, ৰঙা চুৱেটাৰ পিন্ধি থকা ল'ৰাটো' তেতিয়া কিন্তু তেওঁ বেয়া পাব ! তেওঁৰ মনত পৰিলে মুখ্যমন্ত্ৰী তিষ্ঠি থাকিব নোৱাৰিব বুলি ৰকিবুল হুছেইনে প্ৰত্যাহ্বান জনায় ।
কাজিৰঙাৰ গঁড় নিধন সন্দৰ্ভত ৰকিবুল হুছেইনে কয় যে তেওঁ যেতিয়া বন মন্ত্ৰী আছিল এ.কে-৪৭ আৰু এ.কে-৫৬ৰে গঁড় বধ কৰা হৈছিল । এছ বিৰ তথ্য অনুসৰি আত্মসমৰ্পণকাৰী উগ্ৰপন্থী গঁড় হত্যাত জড়িত আছিল । এই আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ লগত কাৰ সম্পৰ্ক ভাল অসমৰ মানুহে ভালকৈ জানে বুলি ৰকিবুল হুছেইনে নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে ।

