টংকেশ্বৰ ৰাভাৰ জাতিগত প্ৰমাণপত্র সন্দৰ্ভত তদন্তৰ দাবী বিৰোধী দলপতিৰ - Opposition Leader Debabrata Saikia
Leader of Opposition Debabrata Saikia: বুধবাৰে কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দিছপুৰত সম্বোধন কৰা সংবাদমেলত স্থান পালে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ জাতিগত পৰিচয়ৰ প্ৰসংগই । টংকেশ্বৰ ৰাভাৰ জাতিগত পৰিচয়ৰ বিতৰ্ক সন্দৰ্ভত তদন্তৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

Published : September 18, 2024 at 9:11 PM IST
গুৱাহাটী,১৮ ছেপ্টেম্বৰ: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ জাতিগত পৰিচয় কি ? তাকলৈ চলি অহা বিতৰ্কৰ মাজতে বুধবাৰে ইয়াৰ তদন্ত দাবী কৰিলে বিৰোধী দলপতি দেৱব্রত শইকীয়াই । দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতিগৰাকীয়ে এই সন্দৰ্ভত কয়, "ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰি ইয়াৰ কাৰ্যকাল বৃদ্ধি কৰি থকা হৈছে । ইফালে পৰিষদখনৰ টংকেশ্বৰ ৰাভাৰ জাতিগত প্ৰমাণপত্র সন্দৰ্ভত বিতৰ্ক হৈছে তথা প্ৰশ্ন উত্থাপন হৈছে । টংকেশ্বৰ ৰাভা প্ৰকৃততে ওদালগুৰিৰ শৰণীয়া উপাধিৰ বুলি কোৱা হৈছে ।"
লগতে শইকীয়াই কয়, "তেওঁৰ পিতৃৰ উপাধি এন আৰ চিত শৰণীয়া বুলি আছে । মাটি-বাৰী শৰণীয়া নামতে আছে । শৰণীয়াসকল ট্ৰাইবেল নহয় বুলি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিছে । তাৰ পিচতো টংকেশ্বৰ ৰাভাক এনেদৰে দায়িত্ব দিয়াৰ বাবে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । গতিকে মই ইয়াৰ এটা তদন্ত দাবী কৰিছো ।"
তেওঁ লগতে কয়, "কাৰণ এইটো এটা পৰিষদ । যাৰ বাবে মই অসম বিধানসভাৰ সকলো দলৰ ট্ৰাইবেল বিধায়কসকলক লৈ বিষয়টোৰ খৰচি মাৰি তদন্ত কৰা উচিত । ঘটনাটো প্ৰকৃততে কি সেইটো জনাৰ আমাৰ সকলোৰে অধিকাৰ আছে । যদি ভুৱা মানুহে ট্ৰাইবেলৰ নামত অধিকাৰ লৈ আছে তেন্তে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় । সেইবাবে সকলো দলৰ জনজাতীয় বিধায়কসকলক লৈ এখন কমিটী গঠন কৰি টংকেশ্বৰ ৰাভাৰ বিষয়টো নিষ্পত্তি কৰিব লাগে ।"
উল্লেখ্য যে কেইবাটাও বিষয়ক লৈ সম্বোধন কৰা সংবাদমেলখনত বিৰোধী দলপতিগৰাকীৰ লগত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ।

