জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান কংগ্ৰেছৰ
যেতিয়ালৈকে ন্য়ায় নাপাই, তেতিয়ালৈকে প্ৰশ্ন উত্থাপন হৈ থাকিব ।

Published : October 12, 2025 at 10:16 PM IST
যোৰহাট : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্তক লৈ আজিও উত্তাল ৰাজ্য় । ৰাইজৰ মনত এই তদন্তক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈ থকাৰ সময়তেই কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকীয়ালে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সমন্বয়কে এইবাৰ আওপটীয়াকৈ চৰকাৰকেই দিলে এই সকীয়নি ।
দেওবাৰে জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত যোৰহাট জিলা কংগ্ৰেছ ভৱনত আয়োজন কৰা এক সংবাদমেলত এইদৰে সকীয়ালে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় সমন্বয়ক হৰমিত বাৱেজাই । জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় সমন্বয়কগৰাকীয়ে কয়, "এইটো অতিকৈ আৱেগিক বিষয় । জুবিন কেৱল অসমৰে আত্মা নাছিল, সমগ্ৰ ভাৰতৰেই পুত্ৰ আছিল । জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ উচিত ন্যায় পাওক । ইয়াকে লৈ আমি ৰাজনীতি মুঠেই কৰিব নালাগে । আমাৰ দাবী সোনকালে ন্যায় দিয়ক । যেতিয়ালৈকে ন্য়ায় নাপাই, তেতিয়ালৈকে প্ৰশ্ন উত্থাপন হৈ থাকিব যদিও ৰাজনীতি কৰিব নালাগে । আপোনালোকৰ মাধ্য়মেদি ন্য়ায় প্ৰদানৰ বাবে আহ্বান জনাইছো ।"
সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় সমন্বয়ক হৰমিত বাৱেজাই কয়, "কংগ্ৰেছ দলৰ লক্ষ্য কেৱল ৰাইজৰ উন্নয়ন সাধন কৰা । আমি ৰাজনীতি কৰি আহিছো কেবল ৰাইজৰ উন্নয়নৰ স্বাৰ্থত । আমি বিচাৰো কেবল সকলো স্তৰৰ ৰাইজৰ উন্নয়ন । সেই লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আমি কংগ্ৰেছ দলে দেশৰ বিভিন্ন ৰাজ্যত কাম কৰি গৈছো । ৰাইজৰ সঁহাৰি লাভ কৰিছো ।"
আজিৰ সংবাদমেলত উপস্থিত থাকি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সমন্বয়ক নীলাভ শুক্লাই কয়, "আমাৰ লক্ষ্য় আৰু উদ্দেশ্য সমাজৰ সকলো স্তৰৰ ৰাইজৰ উন্নতিৰ বাবে কাম কৰা আৰু সেই লক্ষ্য়, উদ্দেশ্য আগত লৈ আমি ৰাজনীতি কৰিছো । ৰাজনীতিৰ উৰ্ধত বহু কথা থাকে । আমি সদায় সৰ্বসাধাৰণ ৰাইজৰ সমস্যাক লৈ মাত মাতি আহিছো আৰু মাতি যাম ।"
লগতে কংগ্ৰেছ দলে হিন্দু-মুছলমানক লৈ ৰাজনীতি নকৰে, সেয়া কাম কৰে বিজেপি দলে বুলি মন্তব্য কৰি কয়, "ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি অনাগত দিনত আগুৱাই যাম ।"
আনহাতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দুই ৰাষ্ট্ৰীয় সমন্বয়কে কয় যে ১০ বছৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিয়ে হৈ থাকিল; কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই । সেয়েহে ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰক ।

