সৰ্বদলীয় বিধায়কৰ দল গঠন কৰি কচুতলীলৈ পঠিয়াবলৈ বিধানসভাৰ অধ্যক্ষক আহ্বান জনাব বিৰোধী দলপতিয়ে - Congress delegation in Sonapur
APCC PC in Sonapur voilence: কংগ্ৰেছৰ বিধায়িনী দলক সোণাপুৰৰ কচুতলীত প্ৰৱেশত বাধা দিয়াক লৈ সৰৱ বিৰোধী কংগ্ৰেছ ৷ বি জে পিৰ কৰ্মকৰ্তাই দলটোক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ কংগ্ৰেছৰ ৷ কচুতলীৰ পৰা উভতি অহাৰ পাছত গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি এই দাবী কংগ্ৰেছৰ ৷

Published : September 14, 2024 at 10:47 PM IST
গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ ট্ৰাইবেল বেল্ট আৰু ব্লক এলেকাত উত্তেজনা অব্যাহত আছে । অঞ্চলটোত শনিবাৰে প্ৰৱেশত বাধা দিয়া হয় কংগ্ৰেছৰ বিধায়িনী দলক । উল্লেখ্য যে অঞ্চলটোত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত ১৯ জনীয়া কংগ্ৰেছৰ বিধায়িনী দলৰ নেতাৰ এটা সজাতি দল অঞ্চলটোলৈ গৈছিল । কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিয়া হয় । পিছত কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰা হয় ।
সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয়, "১৯ জনীয়া দল আমি গৈছিলো । প্ৰৱেশ পথত বাধা দিলে । আমাক অপদস্থ কৰিছে । বিৰোধী দল যোৱাৰ অধিকাৰ আছে । আৰক্ষীয়ে সহায় কৰা যেন লাগিছে । বি জে পিৰ এদল সদস্যই আমাক আক্ৰমণ কৰিব আহিছিল । আৰক্ষীক সহায় কৰিব অহা নাছিল । আমাক ট্ৰাইবেল বিৰোধী বা খিলঞ্জীয়া বিৰোধী সজাব বিচাৰিছে ।"
তেওঁ লগতে কয়, "বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত ইতিমধ্যে বিধানসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি সৰ্বদলীয় বিধায়কৰ এটা দল গঠন কৰি কচুতলীলৈ প্ৰেৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷"
ইফালে সংবাদমেলত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কয়, "বি জে পিৰ কৰ্মকৰ্তাই আমাক বাধা প্ৰদান কৰে । আৰক্ষীয়ে ভয়-ভাবুকি দিয়া নাই । বিধায়িনী দলৰ পৰা গৈছিলো । খবৰ ল'বলৈ গৈছিলো । উচ্ছেদৰ বিৰুদ্ধে বা পক্ষে যোৱা নাছিলো । নিৰপেক্ষভাৱে গৈছিলো ।" তেওঁ লগতে কয়, "বিধায়ক হিচাপে আমাক প্ৰৱেশত বাধা কিয় ? বহুত মানুহ নিৰুদ্দেশ হৈ আছে । তাত আৰু ঘটনা সংঘটিত হৈ আছে বুলি সন্দেহ হৈছে । এই সন্দৰ্ভত আমি ৰাজ্যপালক স্মাৰকপত্ৰ দিম ।"
লগতে পঢ়ক: উচ্ছেদ অভিযানৰ ক্ষেত্রত বিৰোধীৰ বিৰোধিতা কিয় নামানে মুখ্যমন্ত্রীয়ে ? - Tribal Belt and Block Law
উল্লেখ্য যে, উচ্ছেদক কেন্দ্ৰ কৰি ১২ ছেপ্টেম্বৰত ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী । উচ্ছেদিত, উত্তেজিত লোকৰ ক্ষোভ আগতীয়াকৈ তর্কিব নোৱাৰি আৰক্ষী-প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হোৱাৰ ফলত দুজনকৈ লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয় । লগতে আৰক্ষীৰ কেইবাজনো আহত হৈছিল । তাৰ পিছত উত্তেজনাময় হৈ পৰে অঞ্চলটো ।
ইয়াৰ পূৰ্বে, শুকুৰবাৰে বিয়লি সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলীত এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম, দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মী কচুতলী অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়াও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে ।

