অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ নিৰ্মাণক লৈ উত্তেজনা - Assam Nagaland border
Assam Nagaland border conflict: অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত অব্যাহত উত্তেজনা । এইবাৰ সংঘাতৰ কাৰণ আদৰণি তোৰণ নিৰ্মাণ । শীঘ্ৰে নিৰ্মাণ বন্ধ কৰাৰ দাবী সীমান্তবাসীৰ ।

Published : September 18, 2024 at 12:43 PM IST
তিতাবৰ, ১৮ ছেপ্টেম্বৰ: অসম-নাগালেণ্ড সীমান্তৰ 'ডি' ছেক্টৰত স্থিতাৱস্থা উলংঘন নগা ছাত্ৰ সংগঠনৰ । সীমান্তৰ অসমৰ ভূমিৰ সৰুপানীত নগা ছাত্ৰ সংগঠনে মঙলবাৰে স্থিতাৱস্থা উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতেই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ।
২০১৯ চনতে স্থাপন কৰিবলৈ লোৱা লিফি বস্তি আদৰণি গেটখন স্থিতাৱস্থা উলংঘা কৰি নগা ছাত্ৰ সংগঠনে পুনৰ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসমৰ স্থানীয় ৰাইজে । এই সম্পৰ্কে চি আৰ পি এফক ৰাইজে অৱগত কৰে যদিও চি আৰ পি এফে ওলোটাই অভিযোগকাৰীৰ পৰা নথি-পত্ৰহে বিচাৰে বুলি এইসকল লোকে অভিযোগ কৰে ।
- একে স্থানতে পুনৰ গেট নিৰ্মাণ
অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ ডি ছেক্টৰৰ সৰুপানীত স্থিতাৱস্থা উলংঘা কৰি নগা ছাত্ৰ সংগঠনে সৰুপানীত লিফি বস্তিলৈ যোৱা পথত অবৈধভাৱে গেট নিৰ্মাণ কৰাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য় যে ২০১৯ চনত নগা ছাত্ৰ সংগঠনে সৰুপানীত লিফি বস্তিলৈ যোৱাৰ পথত আদৰণি গেট নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও প্ৰশাসন আৰু দল সংগঠনৰ হেঁচাত কাম বন্ধ কৰিবলৈ বাধ্য হৈছিল । এইবাৰ পুনৰ একে স্থানতে পুনৰ গেট নিৰ্মাণৰ কাম আৰম্ভ কৰিছে নগা ছাত্ৰ সংগঠনে ।
- নগাই গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশকো নকৰে কেৰেপ
গোলাঘাট জিলা প্ৰশাসনে নাগালেণ্ড প্ৰশাসনলৈ গেট নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰি এই কাম সম্পূৰ্ণ কৰাৰ পথহে প্ৰশস্ত কৰিছে নাগালেণ্ডৰ ছাত্ৰ সংগঠনটোৱে । ইয়াতেই ক্ষান্ত নাথাকি সৰুপানীত দোকান নিৰ্মাণৰ চেষ্টা চলোৱাৰ লগতে নগা লোকসকলে স্থানীয় অসমীয়া লোকসকলক ভয়-ভাবুকি দিয়াৰো অভিযোগ উঠিছে । মঙলবাৰে নিশা পৰ্যন্ত অঞ্চলটোত সন্ত্ৰাস চলোৱাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে।
- আছাম ৰাইফলছ নিয়োগ কৰিবলৈ দাবী
ইফালে, সমগ্ৰ ঘটনাটোক লৈ নিমাত হৈ আছে সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ। স্থানীয় ৰাইজে নিৰাপত্তাহীনতাত ভুগি থকাত অঞ্চলটোত অতি শীঘ্ৰে চি আৰ পি এফৰ পৰিৱৰ্তে আছাম ৰাইফলছ নিয়োগ কৰিবলৈ দাবী জনাইছে ।

