ইজনে কয় 'মই হ'ম সভাপতি', সিজনে কয় 'মই হ'ম সভাপতি'; মুঠতে কোনেও নামানে হাৰ
এখন গাঁও পঞ্চায়তৰ সভাপতি কোন হ'ব তাকে লৈ এতিয়া তয়াময়া যুঁজ । ভয়-ভাবুকিৰে ক্ষমতা হস্তগত কৰাৰ প্ৰয়াস চলোৱাৰ অভিযোগৰে উত্তাল ৰাজনীতিৰ পথাৰ ।

Published : July 7, 2025 at 6:48 PM IST
মৰাণ : ৰাজ্যত প্ৰথমবাৰলৈ নতুন নিয়মেৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত গাঁও পঞ্চায়তসমূহ গঠন কৰাৰ বাবে তৎপৰ হৈছে চৰকাৰ । নতুন পঞ্চায়ত আইন অনুসৰি গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতি বাচনি কৰি ৱাৰ্ড সদস্যসকলৰ শপত গ্ৰহণ কাৰ্যসূচী আৰম্ভ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে । মুখ্যমন্ত্ৰীয়ে স্বচ্ছতাৰে পঞ্চায়ত গঠন কৰা হ'ব বুলি ঘোষণা কৰিছে যদিও এই প্ৰক্ৰিয়াতেই লাগিছে কেৰোণ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ বিপৰীতে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিত গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ বহুকেইটা পঞ্চায়তত দেখা গৈছে অৰাজক পৰিস্থিতি । ইয়াৰ মাজতেই পূৰ্বৰ মৰাণ সমষ্টি তথা নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত চেপন গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ মুকলি সংঘাতত লিপ্ত হৈছে বিজেপি দলৰ দুটা শিবিৰ ৷
উল্লেখ্য যে পঞ্চায়তটোৰ ১০ টা ৱাৰ্ডতে বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হৈছিল যদিও এতিয়া সভাপতি পদক লৈ চলিছে অঁৰিয়াঅৰি ৷ তাৰে এটা শিবিৰত আছে ৱাৰ্ড সদস্য় জোনালী হাতীবৰুৱা, চিলভানুচ সুৰেনসহ ৬ গৰাকী ৱাৰ্ড সদস্য । আনটো শিবিৰত আছে পঞ্চায়তটোৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা দীপক তাঁতীৰ পত্নীসহ চাৰিগৰাকী ৱাৰ্ড সদস্য ৷ দীপক তাতীয়ে পত্নী গীতাঞ্জলী তাঁতীক সভানেত্ৰী পাতিবলৈ নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে । এই অভিযোগ উত্থাপন কৰিছে ৱাৰ্ড সদস্য় জোনালী হাতীবৰুৱাই ।
শপতগ্ৰহণ অনুষ্ঠানত অপ্ৰীতিক পৰিস্থিতি:
যোৱা ৪ জুলাইত খোৱাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি প্ৰাক্তন ৱাৰ্ড সদস্য দীপক তাঁতীয়ে পত্নীৰ বাবে সমৰ্থন আদায় কৰিবলৈ একাংশ নিৰ্বাচিত ৱাৰ্ড সদস্যক ভয়, ভাবুকি, প্ৰলোভন দিয়াৰো অভিযোগ উঠিছে ৷ সোমবাৰে চেপনত এক সংবাদমেল অনুষ্ঠিত কৰি জোনালী হাতীবৰুৱাসহ ৬ গৰাকী ৱাৰ্ড সদস্যই দীপক তাঁতীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ পত্নীক সভানেত্ৰী পতাৰ স্বাৰ্থত জাতিগত সংকীৰ্ণ ৰাজনীতি কৰাৰো অভিযোগ কৰিছে ৱাৰ্ড সদস্যসকলে ৷
দীপক তাঁতীৰ গুণ্ডাবাহিনীৰ ভাবুকিত নিৰাপত্তাহীনতাত ভোগা ৱাৰ্ড সদস্যৰ পৰিয়ালে মৰাণ আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ৷ যিকোনো প্ৰকাৰে চেপন পঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপক তাঁতীৰ ষড়যন্ত্ৰ ওফৰাই পঞ্চায়তটোত এক সুষ্ঠ বাতাবৰণ গঢ়ি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞ এই ৱাৰ্ড সদস্যসকল ৷ পঞ্চায়ত গঠনৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনকো আহ্বান জনাইছে ভুক্তভোগী ৱাৰ্ড সদস্যসকলে ৷
কোনে সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতিৰ ?
এই সন্দৰ্ভত ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য জোনালী হাতীবৰুৱাই অভিযোগ উত্থাপন কৰি কয়,"যোৱা ৪ জুলাইত মোক ৬ জন ৱাৰ্ড সদস্য়ই সভানেত্ৰী হিচাপে সমৰ্থন কৰে । তাত ১০ গৰাকী সদস্য় উপস্থিত আছিল । সকলোকে শপত গ্ৰহণ কৰায় । ইয়াত ৫ গৰাকী সদস্য়ই মোৰ নামটো সভানেত্ৰী হিচাপে ঘোষণা কৰে । আমাৰ বিপৰীত পক্ষৰ ৪ গৰাকী সদস্য় আছিল । সকলো নিয়ম মানি মোৰ নামটো প্ৰস্তাব কৰে । ইয়াৰ পিচতেই মই যেতিয়া শপত গ্ৰহণ কৰিব ধৰো তেতিয়াই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে । শপতনামা পঢ়ি থাকোতেই মই ৰৈ যাবলগীয়া হ'ল । প্ৰাক্তন সভাপতি আৰু তেওঁ পত্নীয়ে যিটো পৰিস্থিতিৰ সৃষ্টি কৰিলে । আমি থাকিব নোৱৰা পৰিস্থিতি কৰিলে । "
উল্লেখ্য় যে যোৱা ৪ জুলাইত খোৱাং উন্নয়ন খণ্ডৰ সভাগৃহত খোৱাং উন্নয়ন খণ্ডৰ এলেকাধীন ৮ টা গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণ অনুষ্ঠিত হৈছিল । মাজতে চেপন পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । একাংশ নিৰ্বাচিত ৱাৰ্ড সদস্যই গোপন ভোটৰ দাবী জনাই যদিও খণ্ড উন্নয়ন বিষয়াই সন্মতি প্ৰদান নকৰাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । ইয়াৰ মাজতে চাৰিগৰাকী নিৰ্বাচিত সদস্যই প্ৰতিবাদ জনাই সভাকক্ষ ত্যাগ কৰে ৷ ফলত চেপন পঞ্চায়ত গঠন অসম্পূৰ্ণ হৈ পৰে ।
ইয়াৰ পাছতে চেপন পঞ্চায়তৰ সভাপতি পদক লৈ আৰম্ভ হৈছে বিজেপিৰ দুটা শিবিৰৰ মাজত তুমুল সংঘাত । আনহাতে খোৱাং সমষ্টিৰ তিনিটা পঞ্চায়ত পুনৰ গঠন কৰা হ'ব বুলি জানিবলৈ দিছে খোৱাং খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে । খোৱাং পঞ্চায়ত, চেপন পঞ্চায়ত আৰু ৰাংচালি পঞ্চায়ত সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণ পুনৰ অনুষ্ঠিত কৰাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰি জিলা আয়ুক্ত ই জাননী জাৰি কৰিব বুলি জানিবলৈ দিয়ে ।

