ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ: ন্যায়াধীশ-অধিবক্তা সমাজৰ সংঘাত তুংগত - GAUHATI HIGH COURT

সোমবাৰে উকীল সন্থাই ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট ।

gauhati high court
গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 7:53 PM IST

3 Min Read

গুৱাহাটী: উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণ কৰা সন্দৰ্ভত অব্যাহত আছে বিতৰ্ক । ইয়াকে লৈ ন্যায়াধীশ আৰু অধিবক্তা সমাজৰ মাজত সংঘাতৰ সৃষ্টি হৈছে । শেহতীয়াকৈ এই বিতৰ্ক তুংগত উঠিছে ।

বিষয়টোক লৈ অধিবক্তা সমাজে তীব্ৰ বিৰোধিতা কৰি থকাৰ মাজতে বুধবাৰে উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । ইয়াকে লৈ সংঘাতৰ সৃষ্টি হৈছে উকীল সন্থা, বাৰ এছ’চিয়েছন আৰু ন্যায়াধীশসকলৰ মাজত ৷

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে । আনফালে আকৌ উকীল সন্থা, বাৰ এছ’চিয়েছনে বিৰোধিতা কৰি নিজস্ব সিদ্ধান্তত অটল আছে ।

তাৰ মাজতে ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ বিৰোধিতা কৰি সোমবাৰে উকীল সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে । উকীল সমাজৰ সন্মতি অবিহনে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিবলৈ লোৱা পদক্ষেপৰ বিৰোধিতাত অটল আছে গুৱাহাটী উচ্চ ন্যায়ালয় উকীল সন্থা ।

উচ্চ ন্যায়ালয়ক ৰংমহললৈ স্থানান্তৰ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত উচ্চ ন্যায়ালয় উকীল সন্থাই সোমবাৰে ন্য়ায়ালয় চৌহদত ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট । উকীল সন্থাৰ বুধবাৰে অনুষ্ঠিত এখন বিশেষ কার্যনির্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে । সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে কয় - "একাংশ চৰকাৰী অধিবক্তাই চৰকাৰে উচ্চ ন্যায়ালয় স্থানান্তৰকৰণৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাবলৈ উকীল সন্থাক জনোৱা আহ্বান আজিৰ সভাই অগ্রাহ্য কৰে ।"

আনহাতে, উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যাম কইনাধৰাত মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱা ঘটনাক সন্থাই গৰিহণা দিয়ে ৷ লগতে ইয়ে ন্যায়পালিকাৰ স্বতন্ত্রতা লাঘৱ কৰা ঘটনা বুলি অভিহিত কৰে । উকীল সন্থাই উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত কোনে গ্ৰহণ কৰিলে, কাৰ প্ৰস্তাৱত গ্ৰহণ কৰা হ'ল, সেই সকলো বিষয় ৰাজহুৱা কৰিবলৈও তেওঁ দাবী জনায় ।

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ সম্পাদক গিৰিন পেগুৱে কয়- "উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যাম কইনাধৰাত মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে । এইক্ষেত্ৰত আলোচনা কৰাৰ প্ৰয়োজন । আলোচনা নকৰাকৈ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণ সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যাম কইনাধৰাত মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱা ঘটনাক বিৰোধিতা কৰিছো ।‌ কাৰণ ন্যায়ালয় স্থানান্তৰকৰণ কৰাৰ দৰে কামৰ সিদ্ধান্ত ন্যায়াধীশসকলে একপক্ষীয়ভাবে ল'ব নোৱাৰে ।"

কমল নয়ন চৌধুৰীয়ে একেটা প্ৰংসগতে এনেদৰে কয়- "গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ বাবে ন্যায়ালয়ে কোৱা নাই । অধিবক্তাসকলে‌ও কোৱা নাই ।‌ এই সন্দৰ্ভত যোৱাবছৰ চৰকাৰক আপত্তি দিছিলো ।‌ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন হোৱাৰ পিছত সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল । এই সন্দৰ্ভত আমি বাৰ এছ’চিয়েছনৰ পৰা গুৱাহাটী উচ্চ মুখ্য ন্যায়াধীশক লগ কৰিছিলো ।‌ মুখ্য ন্যায়াধীশ আমাৰ পক্ষত আছিল ।"

লগতে পঢ়ক: দিহিং পাটকাইৰ অবৈধ কয়লা খননৰ গোচৰক লৈ কঠোৰ উচ্চ ন্যায়ালয় - GAUHATI HIGH COURT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.