বিটিআৰত গোৰ্খাসকলৰ বাবে আসন সংৰক্ষণ বিবেচনাধীন : প্ৰমোদ বড়ো - BTR Gorkha Samaj
BTR Gorkha Samaj : দেওবাৰে সফল সামৰণি পৰে বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ ৷ এই অধিৱেশনৰ অন্তিম দিনা উপস্থিত থাকে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো ৷ এই অনুষ্ঠানতে তেওঁ বিটিআৰত গোৰ্খাসকলৰ বাবে আসন সংৰক্ষণ বিবেচনাধীন বুলি মন্তব্য কৰে ৷

Published : April 8, 2024 at 8:39 AM IST
চিৰাং, ৮ এপ্ৰিল : ‘‘বিটিআৰ অঞ্চলৰ গোৰ্খা সম্প্ৰদায়ৰ প্ৰতি আমাৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে ৷ কাৰণ ইয়াৰ গোৰ্খাসকলে অতি আন্তৰিকতাৰে বড়োলেণ্ড আন্দোলনত সম্পূৰ্ণৰূপে সহায় কৰিছিল । শান্তিৰ প্ৰিয় গোৰ্খা সম্প্ৰদায় উন্নয়ন অবিহনে বিটিচিৰ উন্নয়ন সম্ভৱ নহয় ৷ এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোৰ্খাৰ সমস্যা সমাধানৰ বাবে পাঁচজনীয়া এখন সমিতি গঠন কৰা হৈছে ৷’’ এই মন্তব্য বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ ৷
উল্লেখ্য যে, চিৰাং জিলাৰ শান্তিপুৰত অনুষ্ঠিত বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন দুদিনীয়া বহল কাৰ্যসূচীৰে দেওবাৰে সফলতাৰে সামৰণি পৰে । অধিৱেশনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে নিশা ৯ বজাত সংঘৰ সভাপতি উত্তম প্ৰধানৰ অধ্যক্ষতাত প্ৰতিনিধি তথা বিষয় বাচনি সভা অনুষ্ঠিত হয় ।

সভাত সাধাৰণ সম্পাদকৰ সম্পাদকীয় প্রতিবেদন পাঠ, আলোচনা আৰু অনুমোদন কৰাৰ পাচত উত্তম প্রধানক সভাপতি, ডিম্বেশ্বৰ উপাধ্যায়ক কার্যকৰী সভাপতি আৰু দীপক নিৰোলাক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে বিটিআৰ গোর্খা সমাজৰ ৩১ জনীয়া কার্যনির্বাহক সমিতি গঠন কৰা হয় ৷

দেওবাৰে বিয়লি ১ বজাত বিটিআৰৰ গোৰ্খা সমাজৰ সভাপতি উত্তম প্ৰধানৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়ো । এই উপলক্ষে উপস্থিত থকা নাগৰিকসকলক সম্বোধন কৰি মুখ্য অতিথি বড়োৱে কেতবোৰ মন্তব্য কৰে ৷
বিটিচি প্ৰমুখগৰাকীয়ে দাবী অনুসৰি বিটিআৰ কাউন্সিল এলেকাৰ গোৰ্খাসকলৰ মাজত আসন সুৰক্ষাৰ ব্যৱস্থাৰ সৈতে জড়িত বিষয়েটো আলোচনা কৰা হ'ব বুলিও সদৰী কৰে । তেওঁ আৰু কয় যে পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমানৰ পৰিষদীয় চৰকাৰে নাগৰিকক অধিক সকাহ দিছে । বিগত তিনি বছৰত বিটিচি চৰকাৰে এক লাখ বিশ হাজাৰ ভূমি পট্টা প্ৰদান কৰিছে আৰু আগন্তুক দিনত আৰু প্ৰদান কৰাৰ আঁচনিৰ কথাও উল্লেখ কৰে ৷ লগতে বিটিচি চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমুখী আঁচনিৰ বিষয়েও তেওঁ আলোকপাত কৰে ।

কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপক নিৰোলাই পৰিচালনা কৰা বৈঠকত নিৰ্দিষ্ট বক্তা হিচাপে বিটিআৰৰ গোৰ্খা সমাজৰ উপদেষ্টা লোহিত উপ্ৰেতি, বিশেষ অতিথি হিচাপে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী, অসম নেপালী সাহিত্য সভাৰ উপ সভাপতি ভৱানী প্ৰসাদ শৰ্মা আদিয়েও ভাষণ দিয়ে । এই উপলক্ষে কাউন্সিলাৰ মাধৱ ছেত্ৰী, গোৰ্খা নেতা দিলু শৰ্মা, কেদাৰ পাণ্ডে, ৰোহিত ভুজেল আদি বহু সন্মানীয় ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানৰ মাজতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।
লগতে পঢ়ক : কংগ্ৰেছৰ ইস্তাহাৰক পুৰণি নোটৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Election Campaign

