ক'ত হেৰাল শীতৰ বৰষুণ ! অসমৰ অৰ্ধেক জিলাত উদ্বেগজনকভাৱে কমিছে বৰষুণ
ডিচেম্বৰত ১৮ খন জিলাত কোনো বৰষুণ হোৱা নাই । আনহাতে, জানুৱাৰীত ৮ খন জিলাত ১০০ শতাংশ ঘাটি বৰষুণ হৈছে ।

Published : February 15, 2025 at 12:40 PM IST
গুৱাহাটী : অসমত ডিচেম্বৰ আৰু জানুৱাৰী মাহত অতি শুষ্ক শীতৰ বতৰ হৈছে । বৰষুণৰ যথেষ্ট ঘাটি হৈছে । স্বাভাৱিক বৰষুণতকৈ যথেষ্ট ঘাটি বৰষুণ হৈছে । বহু জিলাত এটোপাল পৰ্যন্ত বৰষুণ পৰা নাই এই সময়ছোৱাত । আনহাতে, অসমৰ ৯০ শতাংশ জিলাত ঘাটি বৰষুণ হৈছে । ইয়াৰে ৫০ শতাংশ জিলাত উদ্বেগজনক ঘাটি বৰষুণ হৈছে । এই তথ্য আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ।
অসমত ঘাটি বৰষুণে কৃষিত বিৰূপ প্ৰভাৱ পেলাইছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, যোৱা ডিচেম্বৰত অসমৰ ১৮খন জিলাত কোনো বৰষুণ হোৱা নাই । তথ্য মতে, অসমৰ ১৮ খন জিলা ক্ৰমে বাক্সা, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, কৰিমগঞ্জ, কোকৰাঝাৰ, নলবাৰী, মৰিগাঁও, নগাঁও, শোণিতপুৰ, শিৱসাগৰ জিলাত ডিচেম্বৰত ১০০ শতাংশ ঘাটি বৰষুণ হৈছে ।

আনহাতে, বৰপেটা জিলাত ৯৯ শতাংশ, ধেমাজি জিলাত ৯৭ শতাংশ, ডিব্ৰুগড় জিলাত ৯৫, কামৰূপ মহানগৰত ৯৭ শতাংশ, লখিমপুৰত ৮৯ শতাংশ, তিনিচুকীয়াত ৮২ শতাংশ ঘাটি বৰষুণ হৈছে ।
ইফালে জানুৱাৰীত ৮ খন জিলাত ১০০ শতাংশ ঘাটি বৰষুণ হৈছে । ১০০ শতাংশ ঘাটি বৰষুণ হোৱা জিলাকেইখন ক্ৰমে বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, যোৰহাট, কাৰ্বি আংলং আৰু কৰিমগঞ্জ।
আকৌ জানুৱাৰীত বাক্সা জিলাত ৫৮ শতাংশ, কাছাৰ জিলাত ৬২ শতাংশ, কামৰূপ জিলাত ৫৯ শতাংশ, কোকৰাঝাৰ জিলাত ৯৯ শতাংশ আৰু নগাঁও জিলাত ৯৬ শতাংশ ঘাটি বৰষুণ হৈছে ।

মন কৰিবলগীয়া যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত বিগত নৱেম্বৰ মাহত -৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল । আনহাতে, অসমত বিগত ডিচেম্বৰ মাহত -৮৩ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছিল । ইয়াৰ উপৰি জানুৱাৰীত -৭৪ শতাংশ ঘাটি বৰষুণ হৈছে ।
উল্লেখ্য, ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, দেশখনে ১০ ফেব্ৰুৱাৰীলৈকে ৭১ শতাংশ ঘাটি বৰষুণৰ ৰেকৰ্ড কৰিছিল । ভাৰতৰ আধাতকৈও অধিক জিলাত (৫১ শতাংশ) একেবাৰে বৰষুণ হোৱা নাই । আনহাতে, ১ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত দেশৰ ৩১ শতাংশ জিলাতেই বৃহৎ অভাৱনীয় বৰষুণৰ ঘাটি (স্বাভাৱিকতকৈ ৬০ৰ পৰা ৯৯ শতাংশৰ ভিতৰত) ৰেকৰ্ড কৰা হৈছিল । আন ৭ শতাংশ জিলাই কম বৰষুণৰ অভিজ্ঞতা লাভ কৰিছিল (স্বাভাৱিকতকৈ ২১ৰ পৰা ৫৯ শতাংশৰ ভিতৰত) । পাঁচখন ৰাজ্য ক্ৰমে তেলেংগানা, ছত্তীশগড়, গুজৰাট, ওড়িশা আৰু মিজোৰামত এই সময়ছোৱাত কোনো বৰষুণ হোৱা নাছিল ।


